বিচিত্ৰ আৰু অতি সংবেদনশীল এই উদ্ভিদজোপা স্পৰ্শ কৰিলে পাত বোৰ নিজে নিজে জাপ খাই যায়। এই উদ্ভিদ জোপাক বেলেগে চিনাকি কৰাই দিয়াৰ প্ৰয়োজন অনুভৱ কৰা নাই। ইয়াৰ বৈজ্ঞানিক নাম- Mimosa Pudica, বঙালী- লজ্জাবতী, হিন্দী - ছুইমুই, লাজৱন্তী, মণিপুৰি-কাংফল। এই নিলাজী বন বা লাজুকী লতাৰ ঔষধী গুণ আৰু বনদৰব হিচাবে ব্যৱহাৰ জানো আহক। পেচাবৰ সমস্যাঃ যদি কাৰোবাৰ ঘনাই পেচাব হৈ থাকে ইয়াৰ পাত পানীৰ লগত পিহি লেপ বনাই নাভীৰ তলত লেপ দিলে বাৰে বাৰে পেচাব লগা সমস্যাৰ আৰাম পাব। তেজ হাগণিত ৩ গ্ৰাম শিপা পটাত পিহি দৈৰ লগত মিহলাই খুৱালে তেজ হাগণি বন্ধ হয়। চৰ্ম ৰোগ বা ছালৰ সংক্ৰমণত ইয়াৰ পাত পিহি দিনত তিনিবাৰ লগালে কিছুদিনতে আৰোগ্য হয়। টনচিল হলে ইয়াৰ পাত পিহি ডিঙিৰ বাহিৰত টনচিল থকা অংশ দুটাত লেপ দিলে আৰোগ্য হয়।গইটাৰ বা গল উখহা ৰোগত পাত পিহি দিনে দুবাৰ প্ৰলেপ দিলে আৰোগ্য হয়। ৩/৪ টা ইলাচী, ২ গ্ৰাম লাজুকীৰ শিপা, ৩ গ্ৰাম শিমলুৰ ছালৰ লগত থেতেলী গুৰি কৰি এগিলাচ গাখীৰত মিহলাই ৰাতি শোৱাৰ আগত খালে নপুংশকতা বা ধ্বজভংগতা ভাল হয়। ইয়াৰ পঞ্চাঙ্গ অৰ্থাৎ পাত, ফুল, শিপা, ছাল আৰু গুটি ৫ গ্ৰামকৈ লৈ স্টীলৰ বাচনত ৪০০ মি.লি. পানীত কম তাপত সিজাই ১০০ গ্ৰাম ৰৈ গলে চেকি পুৱা খালি পেটত কিছুদিন খালে যিকোনো ধৰণৰ বৃক্ক ৰোগ আৰোগ্য হয়। ইয়াৰ শিপা আৰু বীজৰ গুৰি ৪ গ্ৰাম এগিলাচ গাখীৰত মিহলাই ৰাতি একেৰাহে এমাহ খালে বীৰ্য ঘন আৰু বৃদ্ধি হোৱাৰ লগতে পুৰুষ শক্তি বাঢ়ে। ইয়াৰ বীজ শুকুৱাই বনোৱা গুৰি দৈনিক ৰাতি ৩ গ্ৰামকৈ এগিলাচ গাখীৰত মিহলাই খালে দূৰ্বলতা নাইকিয়া হৈ শাৰীৰিক শক্তি বাঢ়ে। কম বয়সতে ৰোগজনীত বা অইন কাৰণত মাইকী মানুহৰ স্তন শিথিল হলে ইয়াৰ শিপা আৰু অশ্বগন্ধাৰ শিপা সমান পৰিমাণে মিহলাই পাতলকৈ পিহি নিতৌ দুবাৰকৈ লেপ দি লাহে লাহে মালিচ কৰিলে শিথিলতা দূৰ হৈ স্তন শুডৌল হয়। লাজুকীক বহুগুণী উদ্ভিদ বোলে। কটা ঘাঁত পিহি লগালে অতি সোনকালে ঘাঁ নিৰাময় কৰে। অৰ্শ আৰু ভগন্দৰ ৰোগৰ ঘাঁত এক চামুচ শুকান পাতৰ পাউডাৰৰ লগত গৰুৰ গাখীৰৰ মাখনেৰে মলম বনাই দিনত তিনি বাৰকৈ লগালে আৰোগ্য হয়। লেখক: যোগেশ দাস উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ