পলাশ এবিধ বহু বৰ্ষজীৱী গছ। এই গছ যথেষ্ট ডাঙৰ। ইয়াৰ পাতবোৰ বহল আৰু খহটা। ফুল ফুলাৰ সময়ত গছজোপাৰ পাতবোৰ সৰি যায়। পাত নোহোৱা ৰঙা ৰঙা ফুলেৰে সুশোভিত গছজোপা দুৰৰ পৰা জুই জ্বলি থকা যেন লাগে। সেয়ে ইয়াৰ আন এটা নাম ‘বনৰ জুই’। পলাশ ফুলৰ কিছুমান ঔষধি গুণ - পলাশ কফ আৰু পিত্তনাশক। ডিঙিৰ খচখচনি হ’লে পলাশ পাত থেতেলিয়াই কুলিকুলি কৰিলে আৰাম পোৱা যায়। পলাশৰ গুটি নেমু ৰসৰ লগত পিহি খজুৱতি হোৱা অংশত লগালে ৰোগ নিৰাময় হয়। বহুমূত্ৰ ৰোগীৰ বাবে পলাশৰ পাত উপকাৰী। কিছুমানৰ অনবৰত নাকেৰে তেজ ওলাই থাকে। ৫-৬টা মান পলাশ ফুল ৰাতি পানীত তিয়াই পুৱা পানী মিচিৰিৰ লগত খালে উপকাৰ পোৱা যায়। গ্ৰহণী ৰোগতো পলাশৰ পাত উপকাৰী। শৰীৰৰ কোনো স্থানত জ্বলা-পোৰা কৰিলে ইয়াৰ ফুল থেতেলিয়াই সেই স্থানত লগালে আৰাম পোৱা যায়। পেলু হ’লে পলাশৰ গুটি গুড়ি কৰি দুবাৰমান খালে পেলু নাশ হয়। ভৰি ফুলিলেও ইয়াৰ(পলাশ) ফুল পিহি সেই স্থানত লগালে আৰাম পোৱা যায়। লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)