কেঁচা হালধিৰ শুকান গুড়ি ৫০ গ্ৰাম , আমলখিৰ গুড়ি আৰু নিমপাতৰ গুড়ি ২৫ গ্ৰামকৈ মিহলাই সেই চুৰ্ণ দিনে ৫ গ্ৰামকৈ খালে এলাৰ্জি ভাল হয়। কেঁচা হালধিৰ ৰস দুই চামুচত তুলসীৰ ৰস এক চামুচ আৰু গুড় আধা চামুচ মিহলাই দিনে দুবাৰকৈ খালে এলাৰ্জি নিৰাময় হয়। পুৰণি গুড়ৰ লগত আদাৰ ৰস দুই চামুচ মিহলাই দিনে দুবাৰকৈ খালে এলাৰ্জি নাশ হয়। আমলখিৰ চুৰ্ণৰ লগত গুড় মিহলাই খালে শীতপিত্ত বা এলাৰ্জি ভাল হয়। তিতা কেৰেলাৰ ৰস দুই চামুচ দিনে দুবাৰকৈ খালে এলাৰ্জি নিৰাময় হয়। কেঁচা হালধিৰ ৰসত সমানে দুবৰি বনৰ ৰস মিহলাই এলাৰ্জি হোৱা ঠাইত ঘঁহিলে এলাৰ্জি নাইকিয়া হয়। কুকুৰ সুতা আৰু লতিপোৰোলাৰ শিপা বটি ঘিউ সানি এলাৰ্জি হোৱা ঠাইত ঘঁহিলে এলাৰ্জি দুৰ হয়। কেঁচা তেজপাত কেইখিলমান ভালকৈ মোহাৰি এলাৰ্জি হোৱা ঠাইত ভালকৈ ঘঁহিলে এলাৰ্জি নাশ হয়। ইউকেলিপটাছ গছৰ পাত কেইখিলামান ভালকৈ মোহাৰি ২/৩ দিন দিনে ২/৩ বাৰকৈ ঘঁহিলে এলাৰ্জি নিৰাময় হয়। ভেদাইলতা পাতৰ ৰস এলাৰ্জি হোৱা ঠাইত ঘঁহিলে আৰু ইয়াৰ ৰস দুই চামুচ নহৰুৰ ৰস মিহলাই দিনে দুবাৰকৈ খালে এলাৰ্জি দুৰ হয়। পুৰৈ শাকৰ ডাল-পাত বটি এলাৰ্জি হোৱা ঠাইত লগালে এলাৰ্জি ভাল হয়। নাইবা বনপটলৰ (লতি পোৰোলা) পাত বা শিপা বটি লগালে এলাৰ্জি নাশ হয়। পচতীয়াৰ কোমল পাতৰ ৰস ২/৩ চামুচ খালে আৰু ইয়াৰ পাত বটি এলাৰ্জি হোৱা ঠাইত প্ৰলেপ দিলে এলাৰ্জি নোহোৱা হয়। চেঙেৰীটেঙাৰ পাতৰ ৰস ঘঁহিলেও ভাল উপকাৰ পোৱা যায়। উৎস: দেওবৰীয়া সম্ভাৰ