১)হাপানী(BRONCHITIS)-আমলখিৰ শিপাৰ ৰস দৈনিক ৪চামুচকৈ ব্যৱহাৰ কৰিলে হাপানী ৰোগ ভাল পোৱা যায়|
২)হৃদয়ৰোগ(HEART DISEASE)- আমলখিৰ ৰস ২চামুচ,২৫০মি:লি: গৰুৰ গাখীৰৰ সৈতে মিহলাই খালে হৃদয়ৰোগ ভাল পোৱা যায়|
৩)উচ্চ ৰক্তচাপHIGH BLOOD PRESSURE)-আমলখি ৭/৮টা খুন্দি মিচিৰিৰ সৈতে খালে ৰক্তচাপ স্বাভাৱিক হয়|
৪)ছাল সোতৰা পৰা- কেঁচা আমলখি ৮/১০টা বটি গা,মুৰ,হাত,ভৰি,আদিত ঘহি আমলখিৰ ৰসেৰে গা ধুলে সুফল পোৱা যায়|৩০দিন কৰিব|
৫)অৰুচি(LOSS OF APPETITE)-আমলখিৰ ৰস ৰাতিপুৱা খালে অৰুচি দূৰ হয়|
৬)অম্লশাল(ACIDITY)-আমলখিৰ ৰসৰ লগত মৌ মিহলায় খালে আৰোগ্য পোৱা যায়|
৭)গ্ৰহনী(DYSENTERY)-আমলখিৰ পাতৰ ৰস ১০০মি.লি. লৈ ১চামুচ মৌজোলৰ লগত আধা কাপ ছাগলীৰ গাখীৰ খালে গ্ৰহনী ৰোগ ভায় হয়|
৮)অজীৰ্ন(APERIA, DYSPEPSIA)-আমলখিৰ ৰস ৪চামুচ,মাটি কঠালৰ ৰস ৪চামুচ, আৰু ২চামুচ মৌ মিহলী কৰি ৰাতিপুৱা আৰু ৰাতি আহাৰ খোৱাৰ পিছত খালে আৰোগ্য পোৱা যায়|
৯)চুলি পকা- আমলখি ৪/৫টা পিচি লৈ মুৰত ভৰন দিলে চুলি গলা হয়|৩০দিন ব্যৱহাৰ কৰিব লাগে|
১০)পেটচলা (DIARHOEA)-৫টা শুকান আমলখি পিচি গুড়া কৰি তাত কলা নিমখ মিহলাই ঠাণ্ডা পানীৰ সৈতে খালে পেটচলা ৰোগ ভাল হয়|
১১)চুলি সৰিলে- আমলখিৰ ৩/৪টা থেতেলিয়াই এৰাতি মূৰত বান্ধি ৰাখি পিচদিনা মূৰ ধুলে চুলি সৰা বন্ধ হয়|
১২)ৰক্তপিত্ত- আমলখিৰ ৰস ৪চামুচত অলপ চেনি মিহলি কৰি খালে যথেষ্ট আৰাম পোৱা যায়|
১৩)পাকস্থলিৰ ঘাঁ(GASTRIC ULCER) দুই চামুচ আমলখিৰ ৰস দুই চামুচ মৌ মিহলাই ৰাতিপুৱা খালে আৰোগ্য পোৱা যায়|
১৪)বমি(VOMITING)-২চামুচ আমলখিৰ ৰসৰ লগত আধা চামুচ চেনি মিহলায় খালে বমি বন্ধ হয়|
১৫)যকৃত ৰোগ(LIVER DISEASE)- আমলখিৰ ৰস খালে অতিসোনকালে আৰোগ্য পোৱা যায়|
১৬)ওকণি(PERDICULOSIS) - আমলখি আৰু গোলনেমুৰ ৰস সম পৰিমানে মিহলাই তাত অলপ কুহুমীয়া পানী দি সেই মিশ্ৰনেৰে মূৰ ধুলে ওকণি নোহোৱা হয়|
১৭)অম্লশাল(ACIDITY)- আমলখিৰ ৰসৰ লগত মৌ মিহলায় খালে আৰোগ্য পোৱা যায়|
১৮)স্নায়ৱিক দুৰ্বলতা(NERVOUSNESS)- আমলখি ৫/৬টাৰ ৰস উলিয়াই মিচিৰিৰ সৈতে খালে স্নায়ৱিক দুৰ্বলতা ভাল হয়|
১৯)পেটচলা শোথ(ASCITES)-আমলখিৰ আৰু পিপলি গুড়া ৫গ্ৰামকৈ লৈ পুৰনি গুৰ ৫গ্ৰাম মিহলি কৰি খালে সুফল পোৱা যায়|

লেখক: কাঞ্চন জ্যোতি বৰকটকী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ