মিথি এবিধ মচলা, যি শৰীৰৰ কাৰণে বিভিন্ন উপকাৰী গুণেৰে সমৃদ্ধ। মিথি গুটিৰ উপৰি মিথি শাক স্বাস্থ্যৰ কাৰণে বিশেষ উপকাৰী। মিথিৰ উপকাৰী গুণসমূহ হ’ল-

১)মিথিয়ে স্তনৰ গাখীৰ বৃদ্ধি কৰে,

২)মিথিত থকা চেপ’নিন নামৰ দ্ৰব্যই ৰক্তৰ বৰ্ধিত কলেষ্টেৰল হ্ৰাস কৰে,

৩)মিথিয়ে ৰক্তত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে,

৪)মিথি বায়ুনাশক। ই বুকু জ্বলা(হাটবাৰ্ন) উপশম কৰে।

৫)মিথিয়ে ভোক লগা হ্ৰাস কৰি দেহৰ ওজন কমোৱাত সহায় কৰে।

৬)মিথিয়ে ক’লনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে।

৭)মিথিয়ে ছাল আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰে। মিথিৰ গুটি পানীত মিহলাই খালে শৰীৰৰ বহুত উপকাৰ হয়।

মিথিৰ তিতা সোৱাদৰ বাবে বহুতে মিথি খাবলৈ ইচ্ছা নকৰে। বজাৰত মিথিৰ টেবলেট কিনিবলৈ পোৱা যায়। অনলাইনযোগে মিথিৰ টেবলেট সহজে কিনিব পাৰি। গৰ্ভৱতী মহিলাই মিথি সেৱন কৰা অনুচিত।

উৎস: নিয়মীয়া বাৰ্তা