গৰু বিহুৰ দিনা ৰাতি অতীজৰ পৰাই বনদৰব গুণ সম্পন্ন এশ এবিধ শাক-পাচলি খোৱা হয়। এনে এশ এবিধ শাক-পাচলিয়ে মনত তৃপ্তি, জিভাত সোৱাদ দিয়াই নহয় এনে শাকে কৰ্ম প্ৰেৰণা, মনত উৎসাহ, শৰীৰত অদম্য শক্তি আৰু বিভিন্ন ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰাত সহায় কৰে। গৰু বিহুৰ দিনা ৰাতি ব্যৱহাৰ কৰা এনে শাক-পাচলি আৰু ইয়াৰ প্ৰধান ঔষধি গুণ চমুকৈ আলোচনা কৰা হওঁক– ১) সৰু মানিমুনি – স্মৰণ শক্তি বৰ্দ্ধক, গ্ৰহণী নাশক। ২) বৰ মানিমুনি – পেটৰ ৰোগ নাশক, স্নায়ুসবল কাৰক। ৩) মচন্দৰী – গ্ৰহণী নাশক, জ্বৰ, নিউমোনিয়া ৰোগত উপকাৰী। ৪) নৰসিংহ – চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক, পেটৰ বিষ নাশক। ৫) তিতা ভেঁকুৰী – ক্ৰিমি নাশক, তেজ পৰিষ্কাৰক, হাঁইফাই নাশক। ৬) পনৌনৌৱা – ৰক্তবৃদ্ধি কাৰক, শোথনাশক, ঘাঁ শুকুৱায়। ৭) ভেদাইলতা – শক্তিদায়ক, বাত, গ্ৰহণী নাশক। ৮) ঢেঁকীয়া – পেট পৰিষ্কাৰক, ৰক্তবৰ্দ্ধক, শুক্ৰবৰ্দ্ধক। ৯) তিতামৰা – ক্ৰিমি, পেলু, বহুমূত্ৰ, জ্বৰ নাশক। ১০) টেঙেচি – স্মৰণ শক্তি বৃদ্ধিকাৰক, গ্ৰহণী নাশক। ১১) চজিনা – কুকুৰীকণা প্ৰতিৰোধক, বায়ুনাশক। ১২) কালমেঘ – যকৃত শক্তি দায়ক, মেলেৰীয়া, বহুমূত্ৰ নাশক, ৰক্ত পৰিষ্কাৰক। ১৩) জিলমিল – ভোক বৃদ্ধি কাৰক, বায়ু, পিত্ত, ক্ৰিমি নাশক। ১৪) কচুঠুৰি – ৰক্তবৰ্দ্ধক, তেজ পৰিষ্কাৰক, শুক্ৰবৰ্দ্ধক। ১৫) কলমৌ শাক – স্তনত গাখীৰ বৃদ্ধি কৰে, শুক্ৰবৰ্দ্ধক। ১৬) কেহৰাজ – চুলি ক’লা কৰে, জণ্ডিচত উপকাৰী। ১৭) খুতুৰা শাক – ভোক লগায়, পিত্ত, কফ, বিষ নাশক। ১৮) কাটা খুতুৰা – গ্ৰহণী আৰু বিষ নাশক। ১৯) গাজৰ – কৰ্কট ৰোগ প্ৰতিৰোধক, কুকুৰীকণা ৰোগীৰ সুপথ্য, শুক্ৰ বৰ্দ্ধক। ২০) লাইজাবৰি – কফ নাশক, চাইনাচাইটিচত উপকাৰী। ২১) শুকলতি – গ্ৰহণী, প্ৰসূতি ৰোগ নাশক, গাঁঠিৰ বিষ উপশম কৰে। ২২) দহিকচু – ফিটাপেলু নাশক, কোষ্ঠকাঠিন্য নাশক। ২৩) ওলকচু – কেঁচুমূৰীয়া, সঞ্চিতগ্ৰহণী নাশক। ২৪) টিকনিবৰুৱা – শক্তিদায়ক। ২৫) ধনিয়া পাত– চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক, প্ৰজনন শক্তি বৃদ্ধিকাৰক, যক্ষ্মা, দন্তক্ষয়, পেটৰ শব্দ নাশক। ২৬) চুকাশাক – বায়ু নাশক। ২৭) দোৰোণবন – বাতশ্লেষ্মা নাশক, হজমী কাৰক, অৰ্শ, শোথৰ সুপথ্য। ২৮) নেফাফু – উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত। ২৯) পদিনা – গাৰ দুৰ্গন্ধ নাশক, ৰক্ত বৃদ্ধি কাৰক, পেটৰ বিষ নাশক, বাধক বেদনা নাশক। ৩০) পুৰৈশাক – পুষ্টিকৰ, কুকুৰীকণা নাশক, এলাৰ্জিত উপকাৰী, স্মৃতি শক্তি বৰ্দ্ধক। ৩১) পালেংশাক – ৰক্ত, পিত্ত, বিষ দোষ নাশক, শিশুৰ পয়াঁলগা ৰোগ ভাল কৰে, ছাল নিমজ কৰে। ৩২) পাতেগজা – প্ৰস্ৰাৱৰ ৰোগ নাশক, বৃক্কৰ পাথৰ নাশক, জণ্ডিচ ৰোগৰ সুপথ্য। ৩৩) পানীটেঙেচি – ত্ৰিদোষ নাশক, অগ্নিবৰ্দ্ধক, নিদ্ৰাকাৰক, গ্ৰহণী ৰোগত উপকাৰী। ৩৪) ব্ৰাহ্মীশাক – স্মৰণ শক্তি বৃদ্ধিকাৰক, মৃগী ৰোগ নাশক, মাত পৰিষ্কাৰ কৰে, বায়ু সবল কৰে। ৩৫) বাহক তিতা – কফ বাহিৰ কৰে, যক্ষ্মাৰোগ নাশক, প্ৰমেহ, কুষ্ঠ নাশক। ৩৬) ভাঙৰ পাত – ভোক লগায়, কামভাৱ জাগৃত কৰে, নিদ্ৰাজনক। ৩৭) মহাভৃংগৰাজ – চুলিৰ টনিক, পাণ্ডুৰোগ নাশক। ৩৮) মটৰ মাহ – স্তনত গাখীৰ বৃদ্ধি কৰে। ৩৯) মহানিম – তেজ পৰিষ্কাৰক, মেলেৰীয়া, বহুমূত্ৰ ৰোগ নাশক, বীজাণু আৰু কীটাণু নাশ কৰিব পাৰে। ৪০) মেথিশাক – বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰক, মাজু আইত উপকাৰী। ৪১) মাটিকাঁদুৰি – পেটৰ ৰোগৰ কাৰণে উপকাৰী। ৪২) মূলা – পাথৰি ৰোগৰ কাৰণে উপকাৰী। ৪৩) মালভোগ শাক – পিত্তৰোগ নাশক, অগ্নিবৰ্দ্ধক, অৰ্শ নাশক। ৪৪) মৰিচা শাক – স্মৰণ শক্তি বৰ্দ্ধক, শৌচ স্বাভাৱিক কৰে, কৰ্কট ৰোগৰ পথ্য। ৪৫) মানকচু – ৰক্ত পিত্ত আৰু শোথ নাশক। ৪৬) সৰিয়হ শাক – বায়ু, পিত্ত, কফ নাশক, চকুৰ কাৰণে উপকাৰী। ৪৭) কাচকল – ক্ৰিমি, গ্ৰহণী নাশক, ৰক্তবৰ্দ্ধক। ৪৮) বনজালুক – ছালৰ ৰোগ, পেটৰ ৰোগ নাশক। ৪৯) টেঙামৰা – গ্ৰহণী নাশক। ৫০) তিতাফুল – হাঁইফাই, পেলুনাশক, তেজ বৰ্দ্ধক। ৫১) চেংমৰা - কেঁচুমূৰীয়া নাশক, প্ৰসূতি ৰোগ নাশক। ৫২) মধুসোলেং – গ্ৰহণী আৰু পেটৰ ৰোগ নাশক। ৫৩) তিতা কেৰেলা – ৰক্ত পৰিষ্কাৰক, বহুমুত্ৰ ৰোগ নিয়ন্ত্ৰক, ৰক্তবৰ্দ্ধক, খজুৱতি নাশক। ৫৪) কপৌঢেঁকীয়া – শক্তিদায়ক। ৫৫) বেতগাজ – ক্ৰিমি নাশক, ৰক্তবৰ্দ্ধক। ৫৬) তেজপাত –সুগন্ধিদায়ক, হৃদযন্ত্ৰ শক্তি দায়ক। ৫৭) তিয়ঁহ – পিত্ত পাথৰি ৰোগ নাশক, চকু উজ্জ্বল কৰে। ৫৮) চিৰতা – মেলেৰিয়া, বহুমূত্ৰ, তেজৰ ৰোগ নাশক। ৫৯) কেঁচা জলকীয়া – স্মৰণ শক্তি বৰ্দ্ধক, ডিঙি, মুখ, খাদ্যনলীৰ বীজাণু নাশক, চকুৰ কাৰণে উপকাৰী। ৬০) কালজিৰা – গৰ্ভাশয় ৰোগত উপকাৰী, যক্ষ্মাৰোগত সুপথ্য। ৬১) উৰহী – শুক্ৰকাৰক, বলকাৰক। ৬২) পচলা – শৌচ স্বাভাৱিক কৰে, যক্ষ্মাৰোগ নাশক। ৬৩) কঁঠাল – বলকাৰক, গুটি – শুক্ৰবৰ্দ্ধক। ৬৪) অমিতা – হজম কাৰক, যকৃত টনিক, কৰ্কটৰোগ, কুকুৰীকণা নাশক, পেটৰ ঘা শুকুৱায়। ৬৫) ৰঙালাউ – চকুৰ দৃষ্টি শক্তি বৰ্দ্ধক, পাতে হাড়, দাঁত মজবুত কৰে, গুটিয়ে শুক্ৰ বৃদ্ধি কৰে। ৬৬) মৰলীয়া – পেট পৰিষ্কাৰক, পেটৰ ঘা, বদহজম, গ্ৰহণী, অনিদ্ৰা নাশক, বুদ্ধিকাৰক, মেদ নিবাৰিত কৰে। ৬৭) বাবৰিশাক – ক্ৰিমি নাশক, ছালৰ কমনীয়তা বৰ্দ্ধক, বীৰ্যবৰ্দ্ধক, চকুৰ বাবে উপকাৰী। ৬৮) হেলচি শাক – স্নায়ু সবল কৰে, গনোৰিয়া, চিফিলিচ ৰোগৰ পথ্য, শুক্ৰ গাঢ় কৰে। ৬৯) শুহনিবন – জিভাৰ আৰু মুখৰ ভিতৰত ঘা নাশক, কফ বাহিৰ কৰে। ৭০) তিতাফুল – মেলেৰিয়া, কলাজ্বৰ, ক্ৰিমি, অৰুচি নাশক, বাতবিষত উপকাৰী, জণ্ডিচত সুপথ্য। ৭১) মোৱা আলু – মহিলাৰ স্তনত গাখীৰ বৃদ্ধি কৰে। ৭২) বকফুল – ক্ৰিমি, ৰক্ত পিত্ত নাশক, স্মৰণ শক্তি বৰ্দ্ধক, মৃগী ৰোগীৰ সুপথ্য। ৭৩) ভাতকেৰেলা – পুষ্টিকাৰক। ৭৪) আদা – হজমিকাৰক, কাহ, বমি, বীজাণু নাশক। ৭৫) হালধি – কৰ্কট ৰোগ প্ৰতিৰোধক, তেজ পৰিষ্কাৰক, বিসনাশক, পিত্ত, এলাৰ্জি নাশক। ৭৬) ভূতমলা – পালজ্বৰ নাশক। ৭৭) ফুটকলা – মুখৰ ভিতৰৰ ঘা শুকায়, ৰক্তবৰ্দ্ধক(ফল), গ্ৰহণী নাশক। ৭৮) জেতুলীপকা – ৰক্তবৰ্দ্ধক। ৭৯) কলডিল – ৰক্ত বৃদ্ধিকাৰক, নিম্ন ৰক্তচাপৰ সুপথ্য। ৮০) বিলাহী – তেজবৰ্দ্ধক, ছাল নিমজ কাৰক। ৮১) চয়াবিন– যকৃতৰ টনিক, পিত্ত, কৰ্কট ৰোগ প্ৰতিৰোধক। ৮২) নহৰু– মহৌষধি, বীজাণুনাশক, স্নায়ুসবল কাৰক, হজমিকাৰক, বহুমূত্ৰ ৰোগত উপকাৰী। ৮৩) পিয়াঁজ– মুখৰ আৰু খাদ্যনলীৰ বীজাণুনাশক, ৰক্তবৰ্দ্ধক, যক্ষ্মাৰোগৰ বীজাণু নাশক, শুক্ৰবৰ্দ্ধক। ৮৪) জালুক– বীজাণু নাশক, গা বিষ নাশক। ৮৫) ৰঙাআলু– ৰক্তবৰ্দ্ধক, শুক্ৰবৰ্দ্ধক। ৮৬) আলু– পুষ্টিকাৰক, জুইয়ে পোৰা ঘা শুকুৱায়। ৮৭) পানীলাউ– পুষ্টিকৰ, শীত বীৰ্য, শুক্ৰবৰ্দ্ধক। ৮৮) ৰঙা মৰিচা– স্মৰণ শক্তি বৰ্দ্ধক, কোষ্ঠকাঠিন্য নাশক। ৮৯) ভোট জলকীয়া– পেটৰ ঘা নাশক, বীজাণু নাশক। ৯০) কাজিনেমু– ছাল নিমজ কৰে, খাদ্য হজম কৰে, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰক। ৯১) শেৱালি ফুল– ক্ৰিমি নাশক, জ্বৰ নাশক। ৯২) বেঙেনা– ৰক্তবৰ্দ্ধক। ৯৩) জিকা – পুষ্টিকৰ, গুটি চাইনাচাইটিচ নাশক। ৯৪) ভোল – পুষ্টিকাৰক। ৯৫) ফেচবিন – শৰীৰ বাঢ়নত সহায় কৰে। ৯৬) ভেন্দি – পুষ্টিকৰ, বগাস্ৰাৱ নাশক। ৯৭) মানধনিয়া – হজমিকাৰক, সুগন্ধিদায়ক, ৰুচিকৰ। ৯৮) লেচেৰামাহ – পুষ্টিকৰ খাদ্য। ৯৯) হাতীভেঁকুৰি – ৰক্ত পৰিষ্কাৰক, পেটৰ ৰোগৰ সুপথ্য। ১০০) ভুঁই আমলখি – জণ্ডিচ ৰোগ নাশক, যকৃত শক্তিশালী কৰে। ১০১) ধঁপাত তিতা – ক্ৰিমি নাশক, মেলেৰিয়া জ্বৰ নাশক। লেখিকা: অৰূপা খনিকৰ, ৰিণি খনিকৰ, বনদৰব আৰু আৰোগ্য