এৰা গছৰ বৈজ্ঞানিক নাম : Ricinus communis Linn. ইয়াৰ গোত্ৰ : Euphobiaceae. ইংৰাজী নাম : Castor Oil Plant. এৰাগছ কোমল আৰু চিৰহৰিৎ সৰু জোপাহা গছ। এৰাগছ প্ৰায় ৪ মিঃ মান ওখ গুল্ম জাতীয় গছ আৰু শাখা-প্ৰশাখা যুক্ত। ইয়াৰ পাতসমূহ কেবাটাও ভাগত বিভক্ত। ফল ঘূৰণীয়া আৰু কাঁইটীয়া। ইয়াৰ গুটিবোৰ পখৰা। অসমৰ প্ৰায়বিলাক ঠাইতে এৰাগছ পোৱা যায়। এৰাগছৰ খেতিও কৰা হয়। ই এড়ি পলুৰ প্ৰধান খাদ্য। ইয়াৰ গুটিৰপৰা তেল পোৱা যায়। এই তেল পৃথিৱী বিখ্যাত। এৰাগুটিৰ তেল আধুনিক চিকিৎসা বিজ্ঞান আৰু আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত এৰাগুটিৰ তেল ব্যৱহাৰ কৰা হয়। এই তেল বহু গুণেৰে ভৰপূৰ। বিশেষকৈ পেটফুলা, কোষ্ঠবদ্ধতা আৰু বাতবেমাৰৰ বাবে বৰ উপকাৰী। এৰাগছৰ গুটিও বৰ উপকাৰী। ফোঁহা আদি হ’লে ইয়াৰ গুটিসমূহ পিহি প্ৰলেপ দিলে ফোঁহা সোনকালে শুকায়। বাতবেমাৰতো ই ফুলা কমায়। কুকুৰীকণা ৰোগতো এৰাগছৰ পাত বৰ উপকাৰী। এই বেমাৰত এৰাগছৰ পাত ঘিঁউত ভাজি খালে কুকুৰী কণা বেমাৰ ভাল হয়। শিপাৰ ছাওঁ পুৰণি ৰোগ আৰু যকৃতৰ বৃদ্ধি কমাই আনে। ইয়াৰ শিপা বাত বেমাৰ নাশক। তদুপৰি শিপাৰ ছাল শৰীৰত হোৱা চৰ্মৰোগো নিবাৰণ কৰে। বিশেষকৈ কোষ্ঠবদ্ধতা আয়ুৰ্বেদিক ঔষধৰ লগত এৰা গছৰ শিপাৰ চালৰ ৰস দৰৱ হিচাপে ব্যৱহাৰ কৰা হয়। আগবঢালে: ৰেখা বৰাই, মহীৰূহ