বনৌষধি বা ভেষজ পদ্ধতিৰে ৰোগ নিৰাময় ভাৰতীয় সভ্যতাৰ এক উল্লেখযোগ্য অংগ। প্রাগঐতিহাসিক কালতে হয়তো ইয়াৰ আৰম্ভ। এই বনৌষধিয়ে(বিশল্য কৰণী)ক্রতা যুগৰ শ্রীৰামচন্দ্রৰ ভ্রাতা লক্ষ্মণক মৃত্যুৰ পৰা সঞ্জীৱিত কৰি তুলিছিল। ই ভাৰতৰ নিজস্ব চিকিত্সা বিজ্ঞান ঋৃক আৰু অর্থব বেদতো বনৌষধি সম্পর্কে উল্লেখ আছে। প্রাচীন ভাৰতীয় সংস্কৃতিৰ ধ্বজাবাহক ঋষি মুনি সকলে বৃক্ষ -তৰুলতাৰে ৰোগ নিৰাময় কৰি অসম্ভৱকো সম্ভৱ কৰি তুলিছিল। তদুপৰি সুপ্রাচীন গ্রন্থ 'চৰক সংহিতা'তো এই সম্পর্কে উল্লেখ আছে। সময়ৰ সোঁতত ভেষজ পদ্ধতিয়ে ৰুপ সলালে। উনবিংশ শতিকাত ইংৰাজ সকলে বেহা-বেপাৰ,ৰাজনৈতিক বিপ্লৱ, পশ্চিমীয়া শিক্ষাৰ যোগেদি এলোপেথিক চিকিত্সা ভাৰতবর্ষত প্রচলন কৰে। ফলত বনৌষধিৰ প্রয়োগ লাহে লাহে ম্লান হ'ব ধৰিলে ;কিন্ত্ত চিকিত্সা বিজ্ঞানৰ দ্রুত পৰিবত্তর্নৰ লগে লগে বৈজ্ঞানিক দৃষ্টিৰে চালি-জাৰি চাই বর্তমান ভেষজ পদ্ধতিত এক নতুন দিগন্তৰ সূচনা হৈছে। এতিয়াৰ আয়ুবের্দিক,য়ুনানি চিকিত্সা পদ্ধতি বনৌষধিৰ উন্নত পৰিভাষা মাথো। বর্তমান উন্নত দেশসমূহৰ লগতে আমাৰ দেশতো বনৌষধি বা হার্বেল সামগ্রীয়ে সমাদৰ লাভ কৰিবলৈ আৰম্ভ কৰিছে। আজি আমি ঔষধিকে আদি কৰি মুখত ঘঁহা ক্রিম,চেম্পু,চৰবত,টনিক আদি আয়ুবেদিক ভিত্তিত তৈয়াৰ কৰা বুলি জানিলে সহজে আকর্ষিত হওঁ। ভেষজ চিকিত্সা পদ্ধতি অসমত বহু কালৰ পৰা চলি আহিছে। বর্তমানেও কিছুমান ঠাইত কেৱল বনৌষধিৰে ৰোগ নিৰাময় কৰা হয়। অসমৰ হাবি বন আনকি আমাৰ শাকনি ফুলনিতো বনৌষধি গছৰ পয়োভৰ। উদাহৰণ স্বৰুপে,ভঙাহাড় জোৰা দিবলৈ হাড়জোৰা দিয়া লতা,সর্প বিষ নাশ কৰিবলৈ দোৰোণৰ ৰস,পেটৰ বেমাৰত মানিমুনি,মচুন্দৰি,স্ত্রীৰ মাহেকীয়া সমস্যাত অশোক ছালৰ ৰস আদি ঔষধত প্রয়োগ বহু প্রাচীন কালৰে পৰা হৈ আহিছে। বনৌষধিৰ প্রয়োগ এতিয়া মাথোঁ মানুহৰ স্বাস্থ্যতে সীমিত হৈ থকা নাই। পশু-পক্ষী আৰু কৃষিক্ষেত্রতো শস্যৰ ৰোগ নিৰাময় কৰিবলৈ ইয়াত প্রসাৰ ঘটিছে। থলুৱা নাম উদ্ভিদ-বিজ্ঞানৰ পৰিভাষা ঔষধিগুণযুক্ত দ্রব্য নিম Azadirachta indica Azadiractin শিলিখা Terminalia chebula Tanin অর্জুন Terminalia arjuna Tanin পদিনা Mentha spp Denanile actiyldehyde দালচেনী Cinnamonum Eugenol লং Sygygium aromaticum Eugenol টেঙেচী Oxalis coniculata Glucopyranosyl চাহগছ Camelia sinensis Caffine/tanin হালধি Curcuma longa Cucurmin ইউকেলিপ্টাছ Educalyptus globdus Eugenol নহৰু Allium sativum Allicine মানিমুনি Centella asiatica Brahmic acid আদা Gingiber officinales Zerumbone নার্জিফুল Tagetes spp L-tethienyl লাইজাবৰি Drymoria cardata - ধতুৰা Datura stramonium Hyoscyamine দোৰোণ Leucas Indica Olericacid,steol, ursolic acid বিহলঙনী Pteridium aquilinum - ছালকুঁৱৰী Aloe vera - মধুৰীআম Psidium guajava Limonene,Eugenol পুনৌনৱা Boerhaavia diffuca Punaynavine আকণ Calotopis gigantia Calotropin নয়নতৰা Vinca rosea Vinristne,Vinblastine বিশল্যকৰণী Atropa belladona Atropine,Hyoscymine বনৌষধিৰ পৰা ঔষধি গুণযুক্ত ৰাসায়নিক দ্রব্য নিষ্কাষণ বনৌষধি গছবোৰৰ পৰা ঔষধ প্রস্তুত কৰোঁতে ইয়াত থকা ঔষধি দ্রব্য বিধ নিষ্কাৰণ কৰা হয় । এইবিধ দ্রব্যহে প্রকৃত ঔষধ । পৌৰাণিক সময়ত আৰু এতিয়াও পানীৰ লগত মিহলাই খুন্দি এই গছবোৰৰ পৰা ঔষধি প্রস্তুত কৰা হয় । কিন্ত্ত এই পদ্ধতিত সকলো গছৰ পৰা সকলোধৰণৰ ঔষধি দ্রব্য নিষ্কাষণ কৰিব পৰা নাযায়। গতিকে আধুনিক বৈজ্ঞানিক পদ্ধতিত তিনিধৰণে ঔষধি দ্রব্যবিধ নিষ্কাষণ কৰা হয়। যেনে: পানীৰ দ্বাৰা নিষ্কাষণ পেট্রলিয়াম ইথাৰৰদ্বাৰা নিষ্কাষণ এলক'হলৰ দ্বাৰা নিষ্কাষণ এই পদ্ধতিসমূহ অৱলম্বন কৰি বর্তমান বিভিন্ন আয়ুবের্দিক সামগ্রী সমূহ প্রস্ত্তত কৰা হৈছে । বর্তমান কৃষি খণ্ডৰ উদ্ভিদৰ কীট আৰু ৰোগ নিয়ন্ত্রণৰ লগতে গৰু-মহ আদিৰো ৰোগৰ চিকিত্সাৰ বাবে আয়ুর্বেদিক দৰবৰ পয়োভৰ বৃদ্ধি পাইছে । গৰুৰ পেলু নোহোৱা কৰিবলৈ ব্যৱহাৰ কৰা বহু এল'পেথিক দৰবৰ তুলনাত ছাঁলকুৱৰীৰ(Aloe vera)পৰা প্রস্ত্তত ঔষধি উত্তম মহৌষধ হিচাপে বিজ্ঞানীসকলে ইতিমধ্যে প্রমাণ কৰিছে। উদ্ভিদ ৰোগ নিয়ন্ত্রণ কৰিবলৈ বিশ্বৰ বহু ঠাইৰ লগতে অসমতো গৱেষণা চলিছে আৰু এই ক্ষেত্রত সফলতা লাভ কৰা হৈছে । বিশষকৈ জৈৱিক কৃষিত(Organic Farming)আগ্রহী কৃষকসকলে ইয়াক আকোঁৱালি লৈছে । কৃষি খণ্ডত নিমৰ ব্যৱহাৰ এক প্রকাৰ বিপ্লৱ আনিছে বুলি বহুতে ক'ব খোজে । আমাৰ চিনাকি কিছুমান গছ-লতাৰে উদ্ভিদ ৰোগ নিয়ন্ত্রণৰ সফলতাৰ বিষযে তলতে আলোকপাত কৰা হ'ল : ঔষধি গছ কেনেকৈ ব্যৱহাৰ কৰা হয় ৰোগ/বীজাণু নিয়ন্ত্রণ ১। নিম নিমতেল,খালিহৈ নিমপাতৰ ৰস *ৰহৰ মাহৰ লেৰেলি যোৱা ৰোগ(Fusarium udum) *মগুমাহৰ পুলি পঁচা ৰোগ(Rhizoctonia solani) *নেমুৰ(Citrus canker) *ধানৰ(Sheath blight) ২।নহৰু ৰস Phytophthora,Pythium আৰু Colletotrichum য়ে সৃষ্টি কৰা ৰোগ ৩।ধতুৰা,দোৰোণ,নহৰু মধুৰীআম পাতৰ ৰস় প্রত্যকৰে বিলাহী,বেঙেনা আদিৰ লেৰেলি যোৱা ৰোগ নিয়ন্ত্রণ কৰিব পৰা শক্তি আছে । ৪।লং,দালচেনী ৰস বেক্টেৰীয়ানাশী ৫।শিলিখা ৰস,গুৰি বিলাহী জাতীয় শস্যৰ লেৰেলি যোৱা ৰোগ (R.Solanacearum) ৬।জিৰা ইথানল নিষ্কাষণ Aspergillus flavus ৭।ডালিম ৰস কপাহৰ লেৰেলি যোৱা ৰোগ(Xanthomonas campestris pv.malvacearum) ৮।হালধি হালধিগুড়ি আৰু তেল Sheath blight of rice (ধানৰ ছিথ ব্লাইট বেমাৰ) ৯।পদিনা ৰস Fusarium oxysporum ১০।ধতুৰা ইথানল নিষ্কাৰণ Bacterial blight ofrice (ধানৰ বেক্টেৰিয়াজনিত ব্লাইট) ধানৰ বহু ৰোগ,কীট-পতংগ নিয়ন্ত্রণ কৰিবলৈ কৃষকসকলে বহু গছৰ ঠাল-ঠেঙুলি,পাত,শিপা আদি ব্যৱহাৰ কৰি আহিছে। অসমৰ অ'ত ত'ত সিচঁৰতি হৈ থকা এই পদ্ধতিসমূহক বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰি অধিক ফলপ্রসু বিজ্ঞানী আৰু সাধাৰণ জনসাধাৰনৰ সহযোগিতাৰ প্রয়োজন। প্রকৃতিয়ে অকৃত্রিম উদাৰতাৰে জৈৱ সম্পদেৰে অসম তথা উত্তৰ-পূর্বাঞ্চলক চহকী কৰিছে যাৰ বাবে অঞ্চলক Biodiversity Hot Spot বুলি কোৱা হয়; কিন্ত্ত পৰিতাপৰ কথা যে জনসাধাৰণৰ সচেতনতাৰ অভাৱত আমাৰ মহানিম,মানিমুনি,শিলিখা,আমলখি,জামু,অর্জুন আদি অতি নগণ্য মূল্যত বিদেশলৈ গৈ আছে। শেহেতীয়াকৈ Botanical Survey of India-ই উত্তৰ পূর্বাঞ্চলত ১০,০০০ অতি মূল্যৱান উদ্ভিদ,গছ-লতা আৱিষ্কাৰ কৰিছে। এইবোৰৰ ব্যৱহাৰ সম্পর্কত যোৰহাট আঞ্চলিক গৱেষণাগাৰ(বর্তমান NEIST), অসম কৃষি বিশ্ববিদ্যালয়,ভাৰতীয় কৃষি গৱেষণা পৰিষদ,অসম আয়ুর্বেদিক মহাবিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আদিত গৱেষণা চলি আছে। এই সম্পদসমূহ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰিলে,স্বাস্থ্য,কৃষি আদি সকলো খণ্ডত বৃহত্তৰ পৰিৱর্তন আহিব। উৎস: অসম কৃষি বিশ্ববিদ্যালয়।