ঔ অম্ল ফল। ঔ বহল, দীঘল, খহটা পাতেৰে এবিধ ওখ-ডাঙৰ গছ। বখলা-বখল পাতি ইয়াৰ ফলৰ মঙহ ধৰে আৰু তাৰ ভিতৰত বিজলৰ বাহ থাকে। বিজল আৰু কুঁহিপাতেৰে মানুহে মূৰ ধোৱে। বখলাবিলাক থেতালি শুকাই তাৰ গুড়ি উলিয়াই শুকানে বা গুৰৰ লগত খায়। কেঁচাই বা আঞ্জাও খায়। কিছুমান লোকে বখলা শুকাই পুৰি ছাই কৰি খাৰো বনায়। সাধাৰণতে ঔ টেঙাৰ পাঁচটা বখলা বা খলপ থাকে। ঔৰ জনজীনৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে। ঔ টেঙা সাধাৰণতে ব’হাগ-জেঠ মাহত ফুল ধৰে আৰু লাগে। কোমল অৱস্থাত ভাজি খাবলৈ সোৱাদ। পূৰঠ হ’লে বা পকিলে ঔ টেঙাৰ মাছৰ জোল খোৱা মানুহজনে ইয়াৰ সোৱাদ কেনেকৈ পাহৰিব! ঔ টেঙাৰ জোলেৰে জোঁৱাই ভুলাবি বুলি শাহু আইক শুনায়। বড়ো লোকৰ লোক খাদ্য ঔ টেঙা বৰালি মাছৰ ফিছাৰ লগত ওণ্ডলা বা পিঠাগুড়ি দি ৰন্ধা আঞ্জাৰ জুতিয়েই সুকীয়া। ঔ যিহেতু ৰসাল টেঙাফল, নিমখ-জলকীয়াৰ লগত খোৱাৰো মজাই বেলেগ। বড়োৰ লোকগীতত পোৱা যায়-‘থায়গিৰি, খোঙা খংবা বড়োনি আচাৰাবো ফুংবা’(ঔ টেঙাৰ বখলা পাঁচটা-বড়োৰ মূল আচাৰো পাঁচ)। বিহুগীততো আছে ঔৰে গছতে মৌৱে বাহ ল’লে। গাঁৱত কৃষকে ঔ টেঙাৰ বখলাত কাতি বিহুত খেতি, পথাৰত বন্তি জ্বলায়। খাদ্য হিচাপে ঔ টেঙাৰ আচাৰ কৰে। জানিব পৰা মতে, হাতীয়ে ঔ টেঙা খাই ভাল পায়, সেইবাবে জংঘলত যি ঠাইত ঔ টেঙাৰ গছ থাকে, সেই ঠাইলৈ হাতী আহে ঔ খাবলৈ। ঔ অসমীয়া ভাষাৰ স্বৰবৰ্ণৰ এটা আখৰ। ঔ বুলি আঁতৰত থকা সমনীয়া বা সৰু মানুহক মতা মাত। ঔচ বুলি পোহনীয়া কুকুৰক মাতে। ঔ আই বুলি মাকক বা বিস্ময় বা দুখ প্ৰকাশৰ শব্দ। ঔ স্বৰবৰ্ণৰ আখৰ বে টেঙাকে বুজায় এনে নহয়, ইয়াৰ মাহাত্ম্যও আছে। বড়োসকলে ঔম আৰাধ্য দেৱতা শিৱ বা বাথৌক বুজায়। মহাদেৱৰ ছবিতো মূৰৰ জোঁটাত ঔ লিখা দেখা যায়। ঔ চিহ্নই ভগৱান বা বিশেষ দেৱতাৰ মহিমাও প্ৰকাশ কৰে। শ্ৰীকৃষ্ণ সাজিলে পিঠিৰ ফালে থকা কাপোৰখনত ঔ লিখা দেখা যায়। ঔক পাহৰো কেনেকৈ ? লিখক: জ্ঞান শংকৰ খাকলাৰী।