আমাৰ দেশৰ সৰহ অঞ্চলেই কম-বেছি পৰিমাণে গছ-গছনিৰে সেউজীয়া। কিছুমান গছ আমি গাঁৱে-ভূঞে সদায় দেখি আহিছে। গছবোৰৰ নাম উচ্চাৰণ কৰিলেই আমাৰ মানসপটত সম্পূৰ্ণ গছজোপাৰ ছবি ভাহি উঠে। অৱশ্যে এইবোৰ গছৰ বিষয়ে এনে কিছু খবৰ আছে- যিবোৰ আমাৰ বহুতৰেই অৱগত নহয়। তেনে ধৰণৰ কেইবিধমান গছৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো।

গুলঞ্চ বা গুলাঃ এইজোপা ফুলৰ গছ আমাৰ প্ৰাচীন মঠ-মন্দিৰবোৰৰ প্ৰাংগণত প্ৰায়েই দেখা যায়। গাঁও অঞ্চলৰ ফুলনিত, কবৰস্থান, মৰিশালী আদিতো দেখা যায়। মন্দিৰ প্ৰাংগণত দেখা যায় বাবে ইয়াৰ নাম ‘টেম্পল্ ট্ৰি’ বা ‘পেগোডা ট্ৰি’ আকৌ মৰিশালীতো সাধাৰণতে দেখা যায় বাবে আন এটা নাম ‘ডেড মেনছ্ ট্ৰি’। এই গছৰ সকলো অংগৰ পৰাই বগা আঠাযুক্ত ৰস ওলায় বাবে গুলঞ্চৰ সংস্কৃত নাম ‘ক্ষীৰ-চম্পা’। সাধাৰণতে ফুল বগা হয় বা গুলপীয়া হয়, অৱশ্যে ৰঙাজাতৰ ফুলো দেখা যায়। সাধাৰণতে বছৰৰ আটাইকেইটা ঋতুতে এই ফুল ফুলে। ফুলৰ মৃদু সুগন্ধি আছে। ১৮৪২ খ্ৰীষ্টাব্দত এই গছ পোন প্ৰথমবাৰৰ বাবে অনা হয় ফিলিপাইনৰ পৰা। ইয়াৰ উত্পত্তি স্থান হ’ল মেক্সিকো আৰু গুৱাটেমালা। পৰম্পৰাগত ঔষধিত এই গছৰ ৰস ব্যৱহাৰ কৰা হয়। সাধাৰণতে বাঁত বিষ, খজুৱতিৰ মলম, দাঁতৰ ৰক্তক্ষৰণ ৰোধ আৰু পেট খোলোচা কৰা দৰবত ইয়াৰ ব্যৱহাৰ হয়।

তেঁতেলীঃ হিমালয়ৰ পাদদেশৰ পৰা কন্যাকুমাৰিলৈকে য’তে ত’তে এই গছ দেখা যায়। ইংৰাজী নাম ‘টেমাৰিজ’। এই শব্দটি আকৌ ‘টেমাৰ-ই-হিন্দী’ নামৰ পাৰ্চী শব্দৰ পৰা আহিছে অপভ্ৰংশ হিচাপে- যাৰ অৰ্থ হ’ল ‘ভাৰতীয় খেজুৰ গছ’। এই গছৰ উত্পত্তি স্থান হ’ল বিষুৱীয় আফ্ৰিকাৰ চুডানীয় অঞ্চল। সাধাৰণতে গাঁও অঞ্চলত ইয়াৰ খেতি কৰা হয় যদিও জংঘলতো এই গছ পোৱা যায়। ৰাস্তাৰ দাঁতিত ৰোৱা গছবোৰৰ ভিতৰত তেঁতেলী অন্যতম। এই গছ বেছ ডাঙৰ হয়- প্ৰায় ৭ মিটাৰলৈকে বেৰ আৰু ২৫ মিটাৰলৈকে ওখ। গছৰ ঠাল-ঠেঙুলি বেছ ঘন, যৌগিক সৰু সৰু। এই গছ চিৰসেউজীয়া। তথাপি গ্ৰীষ্মকালত এই গছৰ পাত যথেষ্ট সৰে আৰু নতুন পাত ধৰে। প্ৰায় একে সময়তে সৰু ফুল ধৰে। তেঁতেলীৰ ফল দহৰ পৰা কুৰি ছেণ্টিমিটাৰ দীঘল আৰু বাৰটালৈকে গুটি থাকে। গুটিবোৰ ডাঠ মুগা। গুটিবোৰ আৱৰি ডাঠ-আৱৰণ আৰু জাবৰুৱা সাহ থাকে। গুটিৰ পৰা গছ হয় আৰু ১৩-১৪ বছৰত ফল ধৰে। প্ৰায় ৬০ বছৰলৈ এই গছ জীয়াই থাকে। এটি জনবিশ্বাস মতে তেঁতেলী গছ চিৰযৌৱনৰ প্ৰতীক। আন এটি জনবিশ্বাস মতে আকৌ ই ডেও লগা গছ, ইয়াৰ তলত শোৱা স্বাস্থ্য হানিকাৰক। তেঁতেলীৰ প্ৰায় সকলো অংগই আমাৰ কামত লাগে। পকা ফলৰ সাহৰ সোৱাদ টেঙা-মিঠা, ইয়াত টাৰ্টাৰিক, মেলিক আৰু চাইট্ৰিক এচিড থাকে। বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে তেঁতেলী খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। কেঁচা তেঁতেলীৰ পৰা সুস্বাদু চাটনি কৰা হয়। পকা তেঁতেলী এনেয়ে ফল হিচাপে খাব পাৰি, পাছে অসমৰ মানুহে ইয়াৰ সুস্বাদু আঞ্জা তৈয়াৰ কৰে (পকা তেঁতেলী, বুঢ়া বৰালী)। দক্ষিণ ভাৰতত তেঁতেলী অধিক প্ৰিয়। এই অঞ্চলৰ দৈনন্দিন আহাৰৰ তালিকাত প্ৰায় এৰাব নোৱাৰা অংশ। ব্ৰহ্মদেশত ইয়াৰ পৰা ‘ফীৱয’য়ে নামৰ সুস্বাদু চৰবত তৈয়াৰ কৰা হয়। তেঁতেলীৰ সাহাত টাৰ্টাৰিক এচিড থাকে বাবে ইয়াৰে মাজিলে পিতল, তাম, কাঁহৰ বাচন-বৰ্তন চিকচিকিয়া হয়।

তেঁতেলী গুটিৰ বাকলিত প্ৰায় ১৭ শতাংশ প্ৰ’টিন থাকে। জনজাতীয় কিছুলোকে তেঁতেলী গুটিৰ গুড়ি খাদ্য হিচাপে ব্যৱহাৰ কৰে। তদুপৰি তেঁতেলী গুটিত ‘জেল’জ’ নামৰ এবিধ পলিচেক্কাৰাই থাকে। এই গুটি সিজাই শুকালে ৰবৰৰ নিচিনা হয়। সেইবাবে জেম, জেলী, আইচক্ৰীম আদি তৈয়াৰ কৰোতে আৰু প্ৰসাধন সামগ্ৰী, ছপাখানাৰ পেষ্ট আদি তৈয়াৰ কৰোতে ইয়াৰ বহুল ব্যৱহাৰ হয়। গছৰ কোমল পাত আৰু ফুল পাচলি হিচাপে ব্যৱহৃত হয়। তেঁতেলী গছৰ কাঠ খুব টান আৰু স্থায়ী। এই গছৰ শিপা দুই ধৰণৰ- এবিধ খুব দলৈ যায়, সেইবাবে শুকান বতৰতো ই বাচি থাকিব পাৰে। আনবিধ শিপা উপৰুৱা, এইবিধ শিপাই মাটিৰ উপৰিভাগৰ পৰাও ৰস টানি ল’ব পাৰে। এই ধৰণৰ শিপা থকা কাৰণে তেঁতেলী গছে ভূমি সংৰক্ষণ কৰাত যথেষ্ট সহায় কৰে।

অশোক ফুলঃ মঠ-মন্দিৰৰ ওচৰত, বিশেষকৈ বৌদ্ধ মন্দিৰবোৰৰ ওচৰত সাধাৰণতে দেখা এবিধ গছ হ’ল অশোক ফুল। এই গছ মজলীয়া আকৃতিৰ। উত্পত্তি স্থান ভাৰত, ব্ৰহ্মদেশ আৰু মালয়েছিয়া। আমাৰ দেশৰ প্ৰায় সকলো ঠাইতে এই গছ দেখা যায়। পাত ডাঠ সেউজীয়া আৰু যৌগিক। অৱশ্যে কোমল পাতবোৰ ৰঙচুৱা আৰু পাট কাপোৰৰ দৰে মিহি। অশোক ফুল সাধাৰণতে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ফুলে। অৱশ্যে ঠাই বিশেষে অন্য সময়তো ফুলে। ফুলবোৰ আৰম্ভণিতে পাতল হালধীয়া, পাছলৈ সেন্দুৰী ৰঙা হয়। জনবিশ্বাস মতে তিৰোতাৰ গচকতহে অশোক ফুল ফুলে। এই কথা কালিদাসৰ ‘মালৱিকা অগ্নিমিত্ৰম’ নাটকতো উল্লেখ আছে। ৰামায়ণত আছে ৰাৱণে সীতাক চুৰি কৰি নি অশোক বনত ৰাখিছিল। কোনো কোনো ঠাইত বিশ্বাস আছে- অশোকাষ্টমীৰ দিনা অশোক ফুল চোবাই খালে গোটেই বছৰটো দুখ-বেদনাৰ পৰা হাত সাৰি থাকিব পাৰি। বৌদ্ধসকলৰ বিশ্বাস, বুদ্ধৰ জন্ম অশোক গছৰ তলত। সেইবাবে এই গছ বৌদ্ধসকলৰ বাবে পৱিত্ৰ। অশোক গছৰ ঔষধি গুণ বিশেষভাৱে উল্লেখনীয়। গছৰ বাকলিৰ পৰা গ্লাইক’চাইড নামৰ পদাৰ্থ পোৱা যায়। জৰায়ুৰ মাংসপেশীৰ ওপৰত ইয়াৰ বিশেষ কাৰ্যকাৰিতাৰ প্ৰমাণ পোৱা যায়। এইবাবে ভাৰতীয় ঔষধি বিজ্ঞানত অশোক ফুলৰ বিশেষ উল্লেখ আছে।

লেখকঃ পাৰ্থপ্ৰতিম দাস

উত্সঃ অসমীয়া খবৰ