গাখীৰতী বনৰ গছ সৰু আৰু ছল্লিছ চেণ্টিমিটাৰমানলৈকে ওখ হয়। ছিঙিলে ভাঙিলে গছৰ পৰা গাখীৰৰ দৰে বগা ৰস ওলায়। সাধাৰণতে সাৰুৱা সেমেকা মাটিত, বাম খেতিৰ পথাৰত বা পথৰ দাঁতিত ইয়াৰ গছ দেখিবলৈ পোৱা যায়। ইংৰাজী নাম এজমা উইড, কমন স্পাৰ্জ, পিল বিয়েৰিং স্পাৰ্জ আদি। হিন্দী নাম বৰা দুধি, দুধ ঘাস, দুধি আদি। আমাৰ দেশৰ লগতে এছিয়াৰ বিষুৱীয় অঞ্চলবোৰত ইয়াৰ গছ পোৱা যায়। বৈজ্ঞানিক নাম ইউফৰবিয়া হিৰ্টা। ইয়াৰ জাতি ইউফ্ৰবিয়া আৰু গোত্ৰ ইউফৰবিয়েচি আৰু থিয়। কাণ্ড খীণ, শাখাযুক্ত, ক্ষুদ্ৰ ক্ষুদ্ৰ নোমেৰে আৱৰা আৰু ৰঙচুৱা- সেউজীয়া বা পাতল কজলা ৰঙৰ। কাণ্ডৰ আগ অংশ তললৈ বেঁকা হৈ থাকে। পাত সৰল, বিপৰীতমুখীভাৱে যোৰপতা, দীঘলীয়া-বল্লমাকাৰ, চুটি ঠাৰিযুক্ত, সেউজীয়া মাজভাগ কজলা দাগযুক্ত আৰু আঢ়ৈ চেণ্টিমিটাৰমানলৈকে দীঘল হয়। পাতৰ কাষবোৰ কাচি দঁৰিয়া আৰু আগবোৰ জোঙা-মেকুৰী কণীয়া। পত্ৰকক্ষত ঘন থোপাত ফুল ফুলে। ফুলৰ ঠাৰি চুটি, ৰং কজলা সেউজীয়া। সৰু, ডিম্বাকাৰ, তিনিসিৰীয়া আৰু নোমযুক্ত ফল লাগে আৰু ফলত চাৰিসিৰীয়া, ডিম্বাকাৰ, ৰঙচুৱা গুটি ধৰে। পূৰঠ গুটিবোৰৰ পৰা পুলি গজে। শ্বাস-প্ৰশ্বাসজনিত ৰোগ, কৃমি, গ্ৰহণী, বদহজমী, ফোঁহা, ৱাৰ্ট আদি ৰোগত বনৌষধি হিচাপে ইয়াৰ গছ ব্যৱহাৰ হয়। ৱাৰ্টত ইয়াৰ বগা ৰস দিনে তিনি চাৰিবাৰকৈ কেইসপ্তাহমান লগালে সুফল পোৱা যায়। ইয়াৰ বগা ৰস বা আঠা বিষাক্ত আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও ব্যৱহাৰ কৰা উচিত নহয়। লিখকঃ ৰঞ্জন কুমাৰ দাস, দৈনিক অসম