পৰিচয় ই এবিধ মাটিত বগায় বিয়পি থকা টেঙা শাক। ইয়াৰ পাতবোৰ সৰু সৰু, য’তে ত’তে বিশেষকৈ জেকা লগা ঠাইত এইবিধ লতা বেছি জন্মে। ইয়াৰ শাস্ত্ৰীয় নাম চুম্ৰিকা, দন্তশঠা, অম্ল পত্ৰক ইত্যাদি। আমাৰ ভাষাত চেঙেৰী টেঙা বা টেঙেচী টেঙা বোলে। বঙালীত আমৰুল শাক বোলে। ইয়াক সকলো সময়তে শাক হিচাপে খোৱা হয়। গুণাগুণ চেঙেৰী টেঙাত জলা, কেহা আৰু টেঙা এই তিনিবিধ ৰস বিদ্যমান। উচ্চবীৰ্য্য, কফ, অতিসাৰ, গ্ৰহণী ৰোগ আৰু অৰ্শ ৰোগত হৃদকাৰক। আমাশয়ত চেঙেৰী টেঙাৰ ৰস অতি উপকাৰী। ই তৃষ্ণা নিবাৰক আৰু আগ্নেয়। ইয়াৰ ৰস পেটৰ কামোৰ, তেজ গ্ৰহণী আৰু অৰ্শ ৰোগত ব্যৱহাৰ কৰিলে উপশম পোৱা যায়। প্ৰস্ৰাৱৰ দোষ থাকিলে টেঙেচী শাক নিয়মিতভাৱে পাচলি হিচাপে খাব লাগে। ধতুৰা গুটি খাই উন্মক্ত হ’লে টেঙেচী শাকৰ ৰস খুৱাই দিলে বিষক্ৰিয়া ধ্বংস হয়। লিখক: ধৰ্মকান্ত শৰ্মা।