জামুক হ'ল এবিধ চিৰসেউজ বৃক্ষ যাৰ ফলবোৰ বেঙুনীয়া ৰঙৰ হয় । জামুকৰ বৈজ্ঞানিক নাম 'Syzygium cumini' । ইয়াক বিভিন্ন ঘৰুৱা নাম,যেনেঃ ৰাজমন,জমালী,কলাজামুক,ব্লেকবেৰীআদি নামেৰে জনা যায় । জামুকৰ ফলবোৰ খাবলৈ কিছু পৰিমাণে টেঙা আৰু কেহাঁ প্ৰকৃতিৰ হয় । যদিও ভালকৈ পকিলে ইয়াৰ সোৱাদ মিঠা হৈ পৰে । টেঙা হোৱাৰ বাবে এই ফলবিধ সামান্য পৰিমাণৰ নিমখৰ সৈতে খোৱা হয় । ইয়াৰ বৃক্ষ ভাৰত তথা দক্ষিণ এচিয়াৰ অন্য দেশসমূহ,যেনেঃ মালয়েছিয়া,ইণ্ডোনেছিয়া আদিত বেছিকৈ পোৱা যায় । জামুকৰ ফল বাৰিষা কালত হয় । ই কিছু পৰিমাণে শুকান আৰু নিমখীয়া । জিভাত লগালে আঠাৰ দৰে লাগি ধৰে । সেয়ে ইয়াক কম পৰিমাণে খোৱা হয় । জামুকৰ ফল প্ৰায় ৭০% শতাংশ খোৱাৰ উপযোগী । এই ফলবিধত স্বাস্থ্যৰ বাবে লাভজনক দুবিধ মূল উৎস গ্লুকজ আৰু ফ্ৰুক্টজ পোৱা যায় । অন্যান্য ফলৰ তুলনাত জামুকে কেলৰি কম মাত্ৰাত প্ৰদান কৰে । এটা মধ্যম আকাৰৰ জামুকৰ পৰা প্রায় ৩-৪% কেলৰি পোৱা যায় । ইয়াৰ লগতে জামুক হৈছে খনিজ দ্ৰব্য তথা লৌহ পদাৰ্থৰে পৰিপূৰ্ণ । প্ৰতি ১০০ গ্ৰাম জামুকত ১ৰ পৰা ২ মিলি গ্ৰাম আইৰন পোৱা যায় । ইয়াত প্ৰটিন,শৰ্কৰা,ভিটামিন এ,বি,চি আৰু অন্যান্য পোষক পদাৰ্থও থাকে । জামুকৰ বীজতো প্ৰটিন, কেলছিয়াম আৰু কাৰ্বহাইড্ৰেট পোৱা যায় । সাধাৰণতে জামুকৰ প্ৰয়োগৰ দ্বাৰা পেটৰ বিভিন্ন ৰোগ,কাহ,কফ,শৰীৰৰ জ্বলন পোৰন, ৰক্তবিকাৰ আদি স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত হাৰি পাৰি । জামুকৰ শাহখিনি উলিয়াই ইয়াৰে চৰবত তৈয়াৰ কৰি খালে বমি,তেজ হাগনি,পেট বিষ,কেচুঁমূৰিয়াআদি ৰোগত লাভ হয় । নতুন জোতা পিন্ধাৰ সময়ত যদি ভৰিত ঘাঁ হয়, তেন্তে ঘাঁ হোৱা অংশত জামুকৰ বীজ লগালে ভাল হয় । আমৰ ৰস আৰু জামুকৰ ৰস সমপৰিমাণে মিহলাই সেৱন কৰা পানী মধুমেহ ৰোগীৰ বাবে লাভজনক ।