তিয়ঁহ এবিধ ঔষধি গুণযুক্ত ফল । ইয়াৰ ইংৰাজী নাম । তিয়ঁহ সকলো বতৰতে পোৱা যায়। প্ৰধানকৈ গ্ৰীষ্ম কালত আজিকালি হাইব্ৰীড জাতৰ সকলো বতৰতে হোৱা তিয়ঁহ শীত কালতো বজাৰত পোৱা যায় । এই ফলে আমাক গৰমত শীতলতা প্ৰদান কৰাৰ উপৰি শৰীৰত পানী আৰু খনিজ লৱণৰ অভাৱ পূৰ কৰে । সেয়ে আমি গৰমৰ দিনকেইটাত যথেষ্ট পৰিমাণে তিঁয়হ খোৱা উচিত ।তিয়ঁহ দুবিধ- জেং তিয়ঁহ আৰু মাটি তিয়ঁহ ।

১) ভোক নালাগিলে তিয়ঁহ গোল গোলকৈ কাটি তাৰ লগত পদিনা পাত, নেমুৰ ৰস আৰু ক’লা নিমখ মিহলাই খালে সুফল পোৱা যায় আৰু ভোক লাগে ।

২) দেহত পিত্তৰস বাঢ়ি গ’লে তিয়ঁহ খালে সুফল পোৱা যায় । তিয়ঁহক পিত্তনাশক বুলি কোৱা হয় ।

৩) বেছি গৰম লাগিএল বা জ্বৰ হ’লে, পিয়াহ লাগিলে দুচামূচ তিয়ঁহৰ ৰস, দুচামুচ গাজৰৰ ৰস আৰু দুচামুচ পালেঙৰ ৰস মিহলাই খাব লাগে । এই ৰসে অসুস্থ দেহত শক্তি, শীতলতা আৰু সুস্থতা প্ৰদান কৰে ।

৪) দেহত কোনো অংশত পুৰিলে তাত তিয়ঁহৰ ৰস কপাহেৰে লগাই দিলে পোৰণি আৰু বিষ নাইকিয়া হয় ।

৫) তিয়ঁহৰ ৰস সৌন্দৰ্য চৰ্চাৰ কামতো ব্যৱহাৰ কৰিব পাৰি । তিয়ঁহৰ ৰসে ভাল ক্লিনাৰ আৰু ময়শ্চাৰাইজাৰ ৰুপে কাম কৰে । মুখ আৰু দেহৰ সৌন্দৰ্যবৰ্ধনত তিয়ঁহৰ ৰস বিবিধ প্ৰকাৰে ব্যৱহাৰ কৰা হয় ।

৬) মুখৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ দুচামুচ তিয়ঁহৰ ৰস আৰু দুচামুচ দৈ আধাফাল নেমুৰ ৰস, আৰু অকণমান হালধি গুৰি মিহলাই পেষ্ট বনাই লৈ মুখত লগাই থ’ব লাগে । কেইদিনমান এই পেষ্ট ব্যৱহাৰ কৰিলে মুখৰ দাগ, ছাল শোটোৰা পৰা আদি নাইকিয়া হয় ।

৭) তিয়ঁহ পাচলি হিচাপেও ব্যৱহাৰ কৰা হয় । চালাদ হিচাপেও খাব পাৰি । মুঠতে ঔষধি গুণযুক্ত ফল তিয়ঁহ আমাৰ খাদ্যৰ তালিকাত থকাটো প্ৰয়োজন ।

লেখক- অনিল চন্দ্ৰ শৰ্মা

উৎস – দৈনিক জনমভূমি