কৰ্মৰ সূত্ৰে যেহেতু মোৰ স্বামী গোৱালপাৰাত তেওঁ প্ৰায়ে গোৱালপাৰাৰ ভিতৰুৱা ঠাইবোৰ পৰিভ্ৰমণ কৰিবলৈ সুযোগ পায়।সেই মৰ্মে গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া বহতী নামে এডোখৰ ঠাই তেওঁ পৰিভ্ৰমণ কৰি থাকোতে তেওঁ বৃহৎ বহু বছৰ পুৰণি তেঁতেলী গছ এজোপা প্ৰত্যক্ষ কৰে। প্ৰকাণ্ড তেঁতেলী গছজোপায়ে তেওঁক ইমান আকৰ্ষিত কৰিছিল যে তেওঁ সেই গছজোপা তেওঁৰ কেমেৰাত আবদ্ধ কৰি আনিছিল মোক দেখুৱাবলৈ। তেওঁ বহুবাৰ এই তেঁতেলী গছজোপাৰ সৌন্দৰ্যৰ বিষয়ে অবগত কৰিছিল।যদিও মইও গজজোপাৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ তথাপিও চিকিৎসক হিচাপে তেঁতেলী ঔষধিৰ গুণাগুণৰ প্ৰতি বেছি গুৰুত্ব দিছিলোঁ কাৰণ আমি সকলোৱে জানো যে যদিও তেঁতেলী এবিধ চিৰযুক্ত ফল তথাপিও ইয়াৰ ঔষধি গুণ অতুলনীয়।
তেঁতেলী ছোৱালীৰ পৰা তিৰোতা সকলৰ খুব প্রিয়। অৱশ্যে পুৰুষ সকলৰ প্রিয় নহয় বুলি নুই কৰিব নোৱাৰি। কেঁচা তেঁতেলীয়ে হওক বা পকা তেঁতেলিয়েই হওক মুঠতে তেঁতেলী দেখিলে বহুতৰে জিভাৰ পানী পৰে। ঠিক আন সামগ্ৰীৰ দৰে পাকঘৰত ব্যৱহাৰ কৰা আন এবিধ সামগ্ৰী হৈছে তেঁতেলী। তেঁতেলীৰ ব্যৱহাৰ উত্তৰ পূব অঞ্চলত অলপ সীমিত তথাপিও ইয়াৰ ব্যৱহাৰ দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতত খুব বেছি।দুয়োবিধ তেঁতেলী(পকা আৰু কেঁচা) ঔষধি গুণ সম্পন্ন।তেঁতেলী চাটনি পৰা আঞ্জা,ডালিৰ সম্বৰ, ৰাচাম আদিত ব্যৱহাৰ কৰা হয়।আমি অৱশ্যে চাটনিত তেঁতেলী ব্যৱহাৰ কৰোঁ।ইয়াৰ ব্যৱহাৰ চাটনিৰ সোৱাদ বৃদ্ধি কৰে লগতে পাচন ক্ৰিয়াত সহায় কৰে।উচিত পৰিমাণৰ তেঁতেলী উচিত পৰিমাণৰ মচলাৰ লগত ব্যৱহাৰ কৰিলে আঞ্জাখন খুব সোৱাদ কৰি পেলায়।উত্তৰ ভাৰত,দক্ষিণ ভাৰতৰ উপৰিও তেঁতেলী প্ৰচুৰ পৰিমাণে দক্ষিণ এছিয়াত খাদ্য সমূহত প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰে।তেঁতেলীৰ ৰস আমেৰিকা,এছিয়াত খুব জনপ্ৰিয়।
তেঁতেলী অনেক গুনেৰে সমৃদ্ধ। কেঁচা তেঁতেলী অন্নৰস আৰু বায়ু, পিত্ত,কফ নাশক আৰু ৰক্তদোষ কৰক। তেঁতেলীৰ বিভিন্ন অংগ যেনে তেঁতেলী পাত,ফল,বীজ আদি প্ৰচুৰ গুণসম্পন্ন।
তেঁতেলীৰ বৈজ্ঞানিক নাম Tamarindus indica আৰু ই Fabaceae পৰিয়ালত অন্তৰ্ভুক্ত।উত্তৰ ভাৰতত ইয়াক ইমলী নামেৰে জনাজাত। তেঁতেলীত প্ৰচুৰ পৰিমাণে পানী, প্ৰটিন, মেদ, মিনাৰেল,ফাইবাৰ, কাৰবহাইড্ৰত,কেলচিয়াম,লৌহ, কেৰোটিন,ৰিবফ্লাভিন, নায়েছিন আৰু ভিটামিন চি যুক্ত।

ঔষধি গুণাগুণ -

১) তেঁতেলী ফলৰ পৰা গুটি গুচাই আঁহ খিনি ভালদৰে চেপি ইয়াৰ ৰস ৪ চামুচ উলিয়াই ১/২ কাপ কুহুমীয়া পানীৰ লগত ৰাতিপুৱা নিতৌ সেৱন কৰিলে উচ্চৰক্তচাপ,হৃদৰোগ,উচ্চ কলেষ্ট্ৰল, মেদবহুলতা,মধুমেহৰ পৰা উপশম পায়।
২) তেঁতেলীৰ ৰস ৪ চামুচ,হালধিৰ ৰস ৪ চামুচ,১ গিলাছ কুহুমীয়া পানী নিতৌ এবাৰকৈ সেৱন কৰিলে উচ্চ ৰক্তচাপৰ পৰা উপশম পায়।
৩) তেঁতেলী পাত,কেঁচা হালধি ভালকৈ পিচি লেপন বনাই ঘাঁ,মুচুকা খোৱা,আঘাত হোৱা ঠাইত লগালে উপশম পায়।
৪) তেঁতেলীৰ পাত,সুঠি টেঙা ভালকৈ পিচি চাটনি বনাই খালে মুখৰ ভিতৰত হোৱা ঘাঁ,কটা,চিঙা,পুৰাৰ পৰা উপশম পায়।
৫) তেঁতেলী পাতৰ ৰস ১/২ কাপ,১ চামুচ চেনী মিহলাই নিতৌ দুবাৰকৈ সেৱন কৰিলে যিকোনো কাৰণত হোৱা বমিৰ পৰা উপশম পায়।
৬) তেঁতেলী গুটি ভালকৈ শুকুৱাই গুড়ি কৰি গ্লাছৰ বয়ামত ভৰাই থব।১ গ্ৰাম গুড়িৰ লগত ১ গ্ৰাম ধনিয়া গুড়ি আৰু ১ চামুচ চেনী মিহলাই নিতৌ দুবাৰকৈ সেৱন কৰিলে ডিয়েৰীয়া, ডিচেনটেৰীৰ পৰা উপশম পায়।
৭) তেঁতেলীৰ পাত,পচতিয়াৰ পাত,হালধিৰ পাত,ধতুৰাৰ পাত পানীত সিজাই ইয়াৰ ভাপ ললে বাতবিষ, যি কোনো কাৰণত হোৱা গাঁঠিৰ বিষ,গাঁঠি ফুলাৰ পৰা উপশম পায়।
৮) তেঁতেলীৰ লগত কলা নিমখ আৰু গুড় মিহলাই খালে অৰুচি, হজম,পেটৰ অসুখৰ পৰা উপশম পায়।
৯) তেঁতেলীৰ কুমলীয়া পাতৰ কৱাথ নিতৌ দুৱাৰকৈ সেৱন কৰিলে অৰ্শ ৰোগৰ পৰা উপশম পায়।
১০) তেঁতেলীৰ কুমলীয়া পাত,মধুৰীৰ কুমলীয়া পাত পিচি ১/২ কাপ ৰস নিতৌ দুবাৰকৈ সেৱন কৰিলে পেটত হোৱা গেছ,বতহজম,গ্ৰহণী আদি ৰোগৰ পৰা উপশম পায়।
১১) দুই তিনি বছৰৰ পুৰণা তেঁতেলী সেৱন কৰিলে বাত, পিত্ত আৰু কফ জনিত ৰোগৰ পৰা উপশম পায়।
১২) তেঁতেলী পাতৰ কৱাথ বনায় নিতৌ দুবাৰ কুলকুলি কৰিলে ডিঙিৰ ভিতৰত হোৱা বিষ,মুখৰ দুৰগোন্ধৰ পৰা উপশম পায়।
১৩) তেঁতেলী পাতৰ ৰস নিতৌ সেৱন কৰিলে চুলি আৰু ছাল সুস্থ হৈ থাকে।
১৪) তেঁতেলী পাতৰ ৰস ১/২ কাপ নিতৌ দুবাৰকৈ সেৱন কৰিলে মধুমেহ,উচ্চ ৰক্তচাপ,উচ্চ কলেষ্ট্ৰলৰ পৰা উপশম পায়।
১৫) তেঁতেলী ৰস ৪ চামুচ,২ চামুচ তত্ৰিফলাৰ গুড়ি, ১/২ কাপ কুহুমীয়া পানী নিতৌ দুবাৰ সেৱন কৰিলে কুষ্ট কাঠিন্যৰ পৰা উপশম পায়।
১৫) তেঁতেলীৰ ৰস নিতৌ এবাৰকৈ খালে সক্ৰিয় শক্তিৰ বৃদ্ধি হয়।
বিশেষ ৰোগত আক্ৰান্ত হোৱা ব্যক্তি সকলে তেঁতেলী সেৱন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাধ্যতামূলক।

লেখিকা :- ডাঃ কৰবী হাজৰিকা চৌধুৰী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ