এষাৰ কথা আছে, হাতীয়ে জংঘলত থকা সকলোবোৰ গছ ভাঙে কিন্তু ঔটেঙাৰ গছক কোনোধৰণৰ ক্ষতি নকৰে। কাৰণ, ঔটেঙা গছত হোৱা ফলবিধ হাতীৰ বৰ প্ৰিয় খাদ্য। সেইবাবে ঔটেঙাক ইংৰাজীত ‘এলিফেণ্ট এপল’ বুলি জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম হ’ল ডিলেনিয়া ইণ্ডিকা। ঔটেঙাক ভিন্ন অঞ্চলত ভিন্ন নামেৰে জনা যায়। সেইবোৰ হ’ল চালটা টেঙা, ইণ্ডিয়ান কাটমন, হন্দাপাৰা গছ, ৰাম ফল, কাৰামবেল, ভেলাক্কায়া আদি। ঔটেঙাৰ মাছৰ জোল, ঔটেঙাৰ লগত মাটিমাহৰ তৰকাৰী, ঔটেঙাৰ টক আদি ঔটেঙাৰ লগত জড়িত দীঘলীয়া খাদ্য তালিকা এখন পোৱা যায়। যি ঔটেঙা জংঘল, মানুহৰ ঘৰৰ বাৰীত, পথাৰত উভৈনদী হৈ আছিল, তাক আজি বিচাৰি পাবলৈ নোহোৱা হৈছে। বৰ্তমান সময়ত ঔটেঙাৰ বজাৰত দাম যোৰা ৫ টকাৰ পৰা ১০ টকা পৰ্যন্ত হয়। অৰ্থাত্ হাতীয়ে খাই শেষ কৰিব নোৱাৰা ঔটেঙা মানুহে খাবলৈ ভাল নোপোৱা হ’ল। ঔটেঙা মূলতঃ ইণ্ডোনেছিয়াৰ স্থানীয় গছ, কিন্তু ই ভাৰতবৰ্ষ, চীন, ভিয়েটমান, থাইলেণ্ড, মালয়েছিয়া আদিলৈ বিস্তৃত হৈ পৰে। ভাৰতবৰ্ষৰ উত্তৰৰ ক্ৰান্তীয় অঞ্চল, বিশেষকৈ অসম আৰু কলকাতাত ঔটেঙা বহু পৰিমাণে পোৱা যায়। বিহাৰ, উৰিষ্যা, কৰ্ণাটক, অন্ধপ্ৰদেশ আৰু মধ্যপ্ৰদেশৰ শুকান পাহাৰীয়া অঞ্চলত ঔটেঙাৰ গছ হোৱা দেখা যায়। এই ফলবিধৰ জংঘলৰ উপ-বিষুৱীয় আৰু জলাহভূমি অঞ্চলত ক্ষিপ্ৰ বৃদ্ধি হোৱা দেখা যায়। ভাৰতবৰ্ষৰ বহুকেইখন সংৰক্ষিত বনাঞ্চলত ঔটেঙা পোৱা যায়। ঔটেঙাৰ গছ থকা কেইখনমান সংৰক্ষিত বনাঞ্চলৰ নাম হ’লঃ কাথা, টেৰাই এণ্ড ডৰছ, বুঢ়ীদিহিং, দৌৰমাৰা, টাৰণি, ডুমডুমা, নালনি, ফিলবাৰি, টকৌৱনি, কাকজান, ডিগবৈ, বগাপানী, আপাৰ দিহিং আদি। সাধাৰণতে কেঁচা অৱস্থাত ঔটেঙা সেউজীয়া হয়, কিন্তু পকাৰ পিছত ইয়াৰ বৰণ সেউজীয়া আভাস থকা পাতল হালধীয়া বৰণৰ হয়। ঔটেঙাৰ সাধাৰণতে বাকলি অংশহে ব্যৱহাৰ হয়। ইয়াৰ গুটি অশ মূৰ ধোওতে চুলিত দিলে চেম্পুৰ দৰে কাম কৰে। ঔটেঙা কেঁচা বা পকা দুয়োটা অৱস্থাতে ৰান্ধনিশালত বহুলভাৱে ব্যৱহৃত হৈ আহিছে। ‘দ্যা এনচাইক্লোপেডিয়া অৱ ফ্ৰুট এণ্ড নাটছ্’ উল্লেখ আছে যে ঔটেঙাৰ প্ৰতি ১০০ গ্ৰামৰ এটা বাকলিৰ টুকুৰাত ৫৯ কিল’ কেল’ৰি থাকে। তাৰে ০.৮শতাংশ চৰ্বি, ২.১-২.৫ শতাংশ আঁহ, ৩.৫৪ শতাংশ ক্ষাৰ বা ভস্ম, ১৬ গ্ৰাম কেলচিয়াম, ২৬ গ্ৰাম ফছফৰাছ আৰু ৪মিঃগ্ৰাঃ এছকৰবিক এচিড থাকে। অৰ্থাত্ ঔটেঙা খাবলৈ টেঙা লগাৰ কাৰণটো হ’ল এছকৰবিক এচিড। ঔটেঙাত এনে কিছুমান গুণ আছে যাৰবাবে ভাৰতীয় চিকিত্সা শাস্ত্ৰত ইয়াৰ ব্যৱহাৰ অতীজৰে পৰা কৰি আহিছে। আয়ুৰ্বেদ শাস্ত্ৰই ঔটেঙাক পেটৰ অশান্তি, ক্লান্তিহীনতা আৰু বিততকাৰী আদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আহিছে। ঔটেঙা গছৰ পাত চেপি পোৱা তৰল আৰু ফলৰ বাকলিৰ সহায়ত ডায়েৰীয়া আৰু কৰ্কট ৰোগৰ চিকিত্সা কৰা হয়। ঔটেঙা ফলৰ বীজটোৰ সহায়ত মূৰ ধুলে ছুলি ফটা, সৰা আৰু উফি হোৱা বন্ধ কৰে। ‘আন্তৰাষ্ট্ৰীয় জাৰ্নেল অৱ ফাৰ্মাটিকেল ছায়েঞ্চ এণ্ড ৰিছাৰ্চ’ত প্ৰকাশ কৰা মতে ঔটেঙাত এনে কিছুমান ৰসায়ন পাইছে যাৰ বাবে ইয়াক মধুমেহ ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰি। আনহাতে দ্যা জাৰ্ণেল অৱ গ্ল’বেল ফাৰ্মা টেকনোল’জী-ত প্ৰকাশ পোৱা মতে ঔটেঙাৰ বীজাণু ধ্বংস কৰিব পৰা ক্ষমতাও আছে। ‘দ্যা ইণ্টাৰনেচনেল জাৰ্ণেল অৱ ফাৰ্মাক’ল’জী’-য়ে প্ৰকাশ কৰা অনুসৰি বিজ্ঞানীসকলে ঔটেঙাত বিষহৰণকাৰী গুণো লাভ কৰিছে। ২০০৯ চনত ‘ফাৰ্মাক’ল’জী’-ত প্ৰকাশ কৰা এক অধ্যয়ন অনুসৰি ঔটেঙাত অপ্ৰজ্জ্বলনকাৰী ধৰ্ম আছে। লেখকঃ ৰিপুঞ্জয় বৰদলৈ