দুৱৰী ছাল-চুলিৰ বাবে মহৌষধী। ইয়াক ব্যৱহাৰ কৰাৰ পদ্ধতি তলত দিয়া হ’ল- সৰু সৰুকৈ ঘামচিৰ দ্ৰে মুখত গুটি ওলালে দুৱৰী ব্যৱহাৰ কৰিব লাগে। দুৱৰী এমুঠি ধুই পৰিষ্কাৰ কৰি ল’ব। এটা তামৰ ঘাটিত এঘটি পানী ল’ব। ইয়াতে দুৱৰীখিনি তিয়াই থ’ব। এই পানী নিকৰি, ইয়াৰে মুখ দিনত তিনি-চাৰিবাৰ মান ধূব। ছালখন মিহি কোমল হৈ পৰিব। ছালৰ ৰং ক’লা পৰিলে দুৱৰী মিহিকৈ পিহি ল’ব। ইয়াৰ লগত মৌ মিহলাই ছালত লগাই আধা দণ্ড ৰাখিব। পিছত পানীৰে ধূব। চুলি সৰিলে দুৱৰী গাখীৰত তিয়াই মিহিকৈ পিহিব। এই প্ৰলেপ চুলিৰ গুৰিত লগাই এক দণ্ড সময় ৰাখিব। পানীৰে ধূব। প্ৰতি সাত দিনৰ মূৰে মূৰে লগাব সাতবাৰ। চুলি সৰা বন্ধ হ’ব। লিখকঃ শিৱাঙ্গী কাশ্যপ