ধতুৰা এবিধ ঔষধি গছ। ই দুবিধ- বগা আৰু বেঙুনীয়া। বগা ধতুৰাত গিলাচ আকৃতিৰ ফুল হয় আৰু বেঙুনীয়া ধতুৰাত একে আকৃতিৰ বেঙুনীয়া ফুল হয়। ইয়াৰ ফল গোলাকাৰ আৰু চাৰিভাগত বিভক্ত। ফলত সৰু সৰু কাঁইট থাকে আৰু ফলৰ ভিতৰত বহুত বীজ থাকে। ইয়াৰ শুকান পাত, ফুল আৰু বীজ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ পাত বহল, খাজ কটা আৰু পাতৰ তলফালে নোম আছে। ধতুৰাৰ কিছুমান ঔষধি গুণ এনেধৰণৰ- হাপানী ৰোগত ধতুৰা পাতৰ ধোঁৱা ল’লে ৰোগীয়ে আৰাম পায়। গাত ছাল ওকণি হ’লে ধতুৰা পাত পিহি ৰস উলিয়াই গাত ঘঁহিলে ছাল ওকণি মৰে। কেতিয়াবা হেঁচা পৰি গুহ্যদ্বাৰ বাহিৰলৈ ওলাই আহে। ধতুৰাৰ পাত পিহি লেপ লগালে উপকাৰ পোৱা যায়। ওকণি হ’লে ধতুৰা পাত থেতেলিয়াই ৰস উলিয়াই চুলিত লগালে ওকণি মৰে। স্তনত ফোঁহা হ’লে ধতুৰা পাত আৰু কেঁচা হালধি বটি স্তনত লেপ দিলে স্তনত হোৱা ঘা বা ফোঁহা ভাল হয়। জলাতংক ৰোগত গাখীৰ এক চামুচ আৰু গুড় অলপৰ লগত বেঙুনীয়া ধতুৰাৰ পাতৰ ৰস আধা চামুচ মিহলাই দুবাৰকৈ দিনে ১-২ বাৰ খালে ৰোগ নিৰাময় হোৱাত সহায় কৰে। গনোৰিয়া ৰোগতো ধতুৰা ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায়। লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।