১) শালমইনা দূৰ কৰাৰ ক্ষেত্ৰত পদিনা পাতৰ ৰস অতি উপযোগী । ইয়াৰ বাবে পদিনা পাতৰ ৰস বা পানীত সামান্য বেকিং ছ’ডা মিহলাই ল’ব । এই মিশ্ৰণ মুখমণ্ডলত সানিব । কিছু সময়ৰ পিচত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাব । এনে কৰিলে শালমইনা দূৰ হ’ব ।

২) পদিনাৰ পানী এণ্টিঅক্সিডেণ্টযুক্ত । পদিনা পাতৰ ৰস বা পানীৰে চুলি ধুলে বিভিন্ন সমস্যা দূৰ হ’ব । লগতে চুলি সুন্দৰ আৰু মজবুত হোৱাত সহায় কৰে । পদিনা পাতৰ ৰস বা পানীৰে মূৰ ধুলে চুলি সৰাও হ্ৰাস পায় ।

৩) লগতে মূৰৰ তালুত দেখা দিয়া সংক্ৰমণ প্ৰতিৰোধ হয় । তদুপৰি যিসকলৰ চুলি অত্যধিক তেলেতীয়া, তেনে সমস্যাৰ ক্ষেত্ৰত বহু সকাহ পোৱা যায় ।

৪) পদিনা আৰু নেমু টেঙাৰ ৰসৰ পানীত ভৰি কিছু সময় ডুবাই ৰাখিলে মানুহৰ শৰীৰৰ ক্লান্তি, হতাশা দূৰ হয় আৰু লগতে শৰীৰত শক্তি যোগান ধৰাত সহায় কৰে ।

৫) মুখমণ্ডলত পদিনাৰ ৰস লগালে বা সেই পানীৰে মুখ ধুলে ছাল উজ্জ্বল হৈ উঠে । কাৰণ পদিনাৰ ৰসে ছালৰ মৃতকোষসমূহ নিৰ্মূল কৰি ছালক সতেজ কৰি তোলাত সহায় কৰে । এই পদিনাৰ পানী ছালত লগোৱাৰ কিছু সময়ৰ পিচত পানীৰে মুখখন ধুই পেলাব ।

৬) যদি আপোনাৰ ডিঙিৰ অংশৰ ছালৰ ৰং মুখমণ্ডলৰ ৰঙতকৈ কিছু ক’লা বৰণৰ, তেন্তে পদিনাৰ পানী আপোনাৰ বাবে উপযোগী হ’ব পাৰে । কাৰন ই প্ৰাকৃতিক ট’নাৰৰ কাম কৰে । এটুকুৰা কপাহত পদিনাৰ ৰস বা পানী লগাই ডিঙিৰ অংশত লগাব আৰু কিছু সময়ৰ পিচত সেই ঠাইখিনি পানীৰে ধুই পেলাব । দেখিব, আপোনাৰ ডিঙিৰ অংশখিনিত কিছু পৰিমাণে পৰিবৰ্তন আহিছে ।

৭) ধূলি আৰু প্ৰদূষিত বায়ুৰ বাবে আজিকালি অধিকাংশ মানুহৰ মুখতে ব্লেকহেডছ অৰ্থাৎ ক’লা চৰম সৃষ্টি হয় । এনে ব্লেকহেডছ নিৰ্মূল হোৱাত পদিনাৰ ৰস উপকাৰী । প্ৰথমে পদিনাৰ ৰসত হালধি আৰু পদিনাৰ পাত মিহলাই এটা পেষ্ট প্ৰস্তুত কৰি ল’ব । এই পেষ্ট কিছুদিন লগোৱাৰ পিচত আপোনাৰ মুখমণ্ডলৰ পৰা ব্লেকহেডছৰ সমস্যা দূৰ হোৱাটো নিশ্চিত ।

গতিকে ইয়াৰ দ্বাৰা বুজা গ’ল যে পদিনাৰ পাত কেৱল খোৱাৰ বাবে উপযোগী নহয় । আপোনাৰ ছাল আৰু চুলিৰ সুন্দৰতা অটুট ৰখাৰ ক্ষেত্ৰত বিশেষ সহায় কৰে ।

উৎস :- দেওবৰীয়া সম্ভাৰ