অমিতা এবিধ পুষ্টিকৰ ফল। ই সকলো ঋতুতে উপলব্ধ। ই সোৱাদযুক্ত আৰু স্বাস্থ্যবৰ্ধক। কেঁচা অমিতা পাচলি হিচাপেও খোৱা হয়। কেঁচা-পকা দুয়োবিধেই শৰীৰৰ কাৰণে উপকাৰী। অমিতাত ভিটামিন এ, বি, চি থকাৰ উপৰি আন উপাদানৰ পৰিমাণ এনেধৰণৰ- পানী-৮৯.৬ শতাংশ, প্ৰ’টিন- ০.৫ শতাংশ, কাৰ্ব’হাইড্ৰেট- ৯.৫ শতাংশ, কেলচিয়াম- ০.০১ শতাংশ, লৌহ ০.৪ শতাংশ। ইয়াৰ লগতে শৰ্কৰা, এনজাইম ইত্যাদিও কম পৰিমাণে পোৱা যায়। কেঁচা অমিতাত থকা গাখীৰৰ দৰে বগা ৰসৰ পৰা পেপেন নামৰ ঔষধীয় পদাৰ্থ তৈয়াৰ কৰা হয়। বিভিন্ন ঔষধ প্ৰস্তুত কৰোঁতেও পেপেন ব্যৱহাৰ কৰা হয়। অমিতা ঔষধি গুণেৰেও ভৰপুৰ। অমিতা খালে তেজ পৰিষ্কাৰ হয়। কোষ্ঠকাঠিন্যৰ বাবে অমিতা মহৌষধ বুলিব পাৰি। সদাই পকাই হওক বা কেঁচাই হওক অমিতা খালে কোষ্ঠকাঠিন্যৰ পৰা হাত সাত সাৰিব পাৰি। অনিয়মিত ঋতুস্ৰাৱৰ কষ্ট পোৱা মহিলাসকলে সদাই পকা অমিতা (২-৩ গ্ৰাম) এমাহমান খালে ৰোগ সোনকালে নিৰাময় হয়। প্ৰসৱৰ পিছত মাতৃৰ বুকুৰ গাখীৰ কম হ’লে প্ৰতিদিনে অমিতা খালে সুফল পোৱা যায়। অমিতাত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়। সেয়ে সদাই অমিতা খালে দাঁত আৰু হাড়ৰ গঠন শক্তিশালী হয়। প্ৰস্ৰাৱ সম্বন্ধীয় ৰোগতো অমিতা উপকাৰী। প্ৰজনন ক্ষমতা বৃদ্ধিত অমিতাই সহায় কৰে। ই বীৰ্যবৰ্দ্ধক। শকত ব্যক্তিয়ে প্ৰতিদিন অমিতা খোৱা উচিত। ই চৰ্বি কমায়। অমিতাত ভিটামিন ‘চি’ যথেষ্ট পৰিমাণে থাকে বাবে স্কাৰ্ভী ৰোগৰ বাবে অমিতা লাভদায়ক। খোৱা বস্তু হজম কৰাত অমিতাই সহায় কৰে। নতুন জোতা চেণ্ডেল কাটিলে কটা স্থানত কেঁচা অমিতাৰ ৰস লগালে সোনকালে ক্ষত নিৰাময় হয়। অমিতাই ভোক বৃদ্ধিত সহায় কৰে। বয়সতকৈ আগতে মুখত বলি ৰেখা পৰিলে পকা অমিতা মোহাৰি কোমল কৰি লগাই আধা ঘন্টামান পিছত কুহুমীয়া গৰম পানীৰে ধুই বাদাম তেলেৰে লাহে লাহে মালিচ কৰিব লাগে। ভিটামিন ‘চি’ অমিতাত পৰ্য্যাপ্ত পৰিমাণে থকাৰ কাৰণে ছাল উজ্জ্বল কৰাত অমিতাই সহায় কৰে। পকা অমিতা কোমলকৈ ফেটি লৈ শালমইনাত লগালে শালমইনা সোনকালে ভাল হয়। সৌন্দৰ্য্যবৰ্দ্ধনতো অমিতা অদ্বিতীয়। মুখৰ যিকোনো দাগত পকা অমিতাৰ ৰস লগালে সুফল পোৱা যায়। লিখক: ললিতা শৰ্মা লহকৰ, দৈনিক অসম।