মগজুৰ স্নায়ুবিলাক দুৰ্বল হ’লে শৰীৰত প্ৰয়োজনীয় ফছফৰাছ বা খাদ্যপ্ৰাণৰ অভাৱৰ কাৰণে স্মৃতিশক্তি হ্ৰাস হয়, বৃদ্ধ বয়সত স্বাভাৱিকতে স্মৃতিশক্তি কমে। দৰব ব্ৰাক্ষ্মী শাক, মানিমুনি, পচতীয়াৰ পাত, চেঙেৰীটেঙা বা বকফুল ঘিউৰে ভাজি ভাতৰ লগত খালে স্মৃতিশক্তি বৃদ্ধি হয়। শতমূলৰ শিপাৰ ৰস ৪/৮ চামুচ এঁৱা গাখীৰৰ লগত দিনে দুবাৰকৈ খালে স্মৃতিশক্তি বৃদ্ধি হয়। বাদাম ৮/১০ টা বটি, মিচিৰি, মৌ বা চেনি মিহলাই দিনে দুবাৰকৈ গৰম গাখীৰৰ লগত খালে স্মৃতিশক্তি বৃদ্ধি হয়। গাজৰৰ ৰস ৪/৮ চামুচ এঁৱা গাখীৰৰ লগত মিহলাই দিনে দুবাৰকৈ খালে স্মৃতিশক্তি বাঢ়ে। ব্ৰাক্ষ্মী শাকৰ ৰস ৪/৬ চামুচ আধা কাপ গাখীৰৰ লগত দিনে দুবাৰকৈ খালে স্মৃতিশক্তি বৰ্ধন হয়। চফগুটি এক চামুচ, মিচিৰি এক চামুচ একাপ গাখীৰৰ লগত দিনে দুবাৰকৈ খালে স্মৃতিশক্তি বৰ্ধন হয়। ব্ৰাক্ষ্মীশাকৰ শিপাৰ চূৰ্ণ এক চামুচ আৰু শতমূলৰ ৰস দুই চামুচৰ লগত মৌ এক চামুচ মিহলাই দিনে দুবাৰকৈ খালে স্মৃতিশক্তি বঢ়াৰ লগতে শাৰিৰীক দুৰ্বলতা নাশ হয়। বাৰ্ধ্যকজনিত কাৰণত মনত ৰখা শক্তি কমি গ’লে সুষণি শাকৰ ৰস ২/৩ চামুচত ঘিউ মিহলাই গৰম কৰি দিনে দুবাৰকৈ খালে স্মৃতিশক্তি বৃদ্ধি হয়। শংখপুষ্পীৰ শিপা বা পাতৰ ক্কাথ তৈয়াৰ কৰি ২/৩ চামুচ দিনে দুবাৰকৈ গাখীৰৰ লগত খালে, মেধাশক্তি বাঢ়ে। অপৰাজিতাৰ শিপা বা পাতৰ ক্কাথ তৈয়াৰ কৰি ২/৩ চামুচ দিনে দুবাৰকৈ খালে মেধাশক্তি বাঢ়ে। কপৌ ফুলৰ ক্কাথ বা ৰস ৩ চামুচকৈ দিনে দুবাৰকৈ খালে স্নায়ৱিক দুৰ্বলতা নাশ হয়। ৰঙালাউ বা কোমোৰাৰ পূৰঠ গুটিৰ বাকলি গুচাই গুড়ি কৰি দুই চামুচৰ লগত এক চামুচ মৌ মিহলাই দিনে দুবাৰকৈ খালে স্নায়ৱিক দুৰ্বলতা নাশ হয়। নিয়মিত ত্ৰিফলা চূৰ্ণৰ লগত সৈন্ধৱ লোণ মিহলাই ভাত খোৱাৰ পিচত খালে মস্তিস্ক উৰ্বৰ হয়। নিয়মিত আপেল এটাকৈ বা আমলখি ৩/৪ টাকৈ খালে স্মৃতিশক্তি বৃদ্ধি হয়। কিছুদিন নিয়মীয়াকৈ ব্ৰাক্ষ্মী শাক ঘিউৰে ভাজি ভাতৰ লগত খালেও স্মৃতিশক্তি বাঢ়ে। উৎস: সম্ভাৰ।