বনমঠ এবিধ বৰ্ষজীৱী গছ। ইয়াৰ পাতবোৰ সৰু আৰু গোলাকাৰ। ইয়াৰ ফুল দেখাত পাতল সেউজীয়া বগা। ইয়াৰ ফল টান আৰু শুং থকাৰ দৰে। কোনো কোনো ঠাইত ইয়াক বনসূত বুলিও কোৱা হয়। এইবিধ উদ্ভিদৰ বীজক অপমাৰ্গ বুলিও কোৱা হয়। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ- বনশঠ গছৰ পাত আৰু শিপাৰ ৰসে চৰ্বি কমোৱাত সহায় কৰে। যিকোনো ৰক্তস্ৰাৱত বনশঠৰ পাতৰ ৰস ১-২ চামুচ দিনে দুবাৰকৈ খালে ৰক্তস্ৰাৱ কমে। বেছিকৈ শৌচ হ’লে বনশঠৰ শিপা আৰু জালুক, সমপৰিমাণে লৈ দিনে দুই তিনিবাৰকৈ খালে শৌচ বন্ধ হয়। বনশঠৰ শিপাৰ ৰস উলিয়াই শুবৰ সময়ত দুই চামুচ খালে টোপনি ভাল হয়। অৰ্শ ৰোগত বনশঠৰ শিপা গুড়ি কৰি চাউল ধোৱা পানীৰ লগত দিনে ১-২ বাৰকৈ খালে উপকাৰ পোৱা যায়। জলাতংক ৰোগত বনশঠৰ পাতৰ ৰস দুচামুচকৈ দিনে ১-২ বাৰকৈ খালে ৰোগ সোনকালে নিৰাময় হয়। বনশঠৰ শিপা কঁকালত বান্ধি ৰাখিলে পুৰণি জ্বৰ নিৰাময় হয়। ঘা হ’লে বনশঠৰ গুটি সৈন্ধৱ লৱণেৰে পিহি আক্ৰান্ত অংশত বান্ধি ৰাখিলে ঘা সোনকালে শুকায়। বনশঠৰ পাতৰ ৰস কাহৰ কাৰণে উপকাৰী। কৃমি হ’লে বনশঠৰ পাত থেতেলিয়াই ৰস উলিয়াই খালে কৃমি মৰে। বনশঠৰ পাতৰ ৰসে তেজ বৃদ্ধি কৰাৰ লগতে তেজ শোধনো কৰে। লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।