পনৌনোৱা এবিধ পৰম উপকাৰী বনৌষধি উদ্ভিদ। ইয়াক পুনৰ্নভা বুলিও কোৱা হয়। বিভিন্ন ৰোগ উপশমৰ ই এবিধ ভেষজ উদ্ভিদ। অসম আৰু সমগ্ৰ ভাৰতবৰ্ষৰে হাবি-বননিত এইবিধ উদ্ভিদ পোৱা যায়। তদুপৰি বাৰীৰ ওখ ঠাই ঢাপ আৰু বাট-ঘাটৰ কাষত বৰষুণৰ দিনত গজে। দৰাচলতে এই শাক জাতীয় লতাবিধ বাৰিষা কালত ঠাল-ঠেঙুলি মেলি লহপহকৈ বাঢ়ি আহে। ডাল আৰু পাতবোৰৰ ৰং সামান্য ৰঙচুৱা। পাতবোৰ কিছু ঘূৰণীয়া আকাৰৰ। পানী বন্ধ নোহোৱা ঠাইত ভালদৰে বগাই যায়। ইয়াৰ কোমল আগ আৰু পাত শাক হিচাপে খোৱা হয়। পনৌনোৱাৰ বৈজ্ঞানিক নাম হ’ল- ‘Boerhaavia Diffusa’ ই ‘Nyctaginaceae’ গোত্ৰৰ অন্তৰ্ভুক্ত। বৰ্ষাকালত ইয়াৰ শ্ৰীবৃদ্ধি দ্ৰুত হাৰত হোৱাৰ বাবে ইয়াক ‘বষাভু’ নামেও জনা যায়। ভাৰতবৰ্ষৰ কোনো কোনো অঞ্চলত ই ‘সৰ্বৰি’ নামে প্ৰসিদ্ধ। শোথ বেমাৰত ইয়াৰ ব্যৱহাৰ পৰ্যাপ্ত পৰিমাণে হোৱাৰ বাবে প্ৰাচীন ভাৰতৰ আয়ুৰ্বেদ শাস্ত্ৰত ইয়াক ‘শোথঘ্ন’ নামেৰে জনা যায়। আচলতে গোটেই ভাৰতবৰ্ষজুৰি বিস্তাৰিত ই এজোপা উত্তম বনৌষধি উদ্ভিদ।

সাধাৰণতে প্ৰস্ৰাৱ বন্ধ বা কম হোৱা আৰু জল-পোৰা কৰিলে ইয়াৰ ৰস পান কৰিলে সুফল পোৱা যায়।

আনহাতে অন্যান্য প্ৰস্ৰাৱজনিত ৰোগতো ইয়াৰ কোমল পাত সামান্য পৰিমাণে ৰান্ধি খালে উপকাৰ পোৱা যায়।

জণ্ডিছ, বৃক্ক দোষ আৰু ৰক্তহীনতা আদি ৰোগত ইয়াৰ ৰস গ্ৰহণ কৰিলে ৰোগৰ উপসম হয়।

কাহ, কফ আৰু এজমা ৰোগত ইয়াৰ ৰস আৰু কোমল পাতৰ আঞ্জাই পৰম মহৌষধৰ কাম কৰে।

বিভিন্ন ধৰণৰ চৰ্ম ৰোগ, বিষাক্ত পোক আৰু সাধাৰণ সাপ আদিৰ দংশনত ইয়াৰ পূৰঠ পাত আৰু কোমল শিপা পিহি প্ৰলেপ দিলে সুফল পোৱা যায়।

অনিদ্ৰা, বাতবিষ আদি ৰোগতো ইয়াৰ ৰস পান কৰিলে উত্তম ফল লাভ কৰিব পাৰি।

উল্লেখ্য যে ঔষধ হিচাপে ব্যৱহাৰ কৰোতে যাতে মাত্ৰাধিক পৰিমাণে সেৱন কৰা নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো বাঞ্ছনীয়। কাৰণ ইয়াৰ ৰস সাধাৰণতে জলা আৰু তিতা হোৱা বাবে ৰোগীয়ে বমি কৰি দুৰ্বল হ’ব পাৰে। কিন্তু ইয়াক প্ৰয়োজনীয় মাত্ৰাত ব্যৱহাৰ কৰিলে উপৰিউক্ত ৰোগসমূহৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব পাৰো।

লেখক: ঘনশ্যাম দাস(অসম বাণী)