চেংমৰা অসমীয়া নাম: চেংমৰা ইংৰাজী নাম: SPINY ARUM বৈজ্ঞানিক নাম : LASIA SPINOSA পৰিয়াল : ARACEAE পৰিচয় চেংমৰা বাৰীৰ ঢাপ বা পিটনি আদি ঠাইত হোৱা জোপোহা জাতীয় গছ| নদী কাষৰীয়া জেকা ঠাইত সাধাৰণতে বেচিকৈ দেখা পোৱা যায়| পাতৰ ঠাৰি যথেষ্ট দীঘল, ত্ৰিভূজকাৰ, গাত সৰু কাঁইট থকা কচুৰ দৰে এবিধ বনৰীয়া উদ্ভিদ| পাত কেইবা খণ্ডত বিভক্ত, পুষ্প মঞ্জৰী চুটি আৰু গোটা, পুংকেশৰ ৪-৬ ডাল, পুংদণ্ড চুটি| ঔষধীয় গুণ চেংমৰাৰ কোমল পাতৰ ৰস খালে কেছুমূৰীয়া ৰোগ নাশ হোৱাত সহায় হয়| চেংমৰাৰ কুমলীয়া পাত আঞ্জা কৰি খালে দৃষ্টিশক্তি বৃদ্ধি, স্নায়ু সৱল হয়| ভেকুৰীৰ সৈতে চেংমৰাৰ কোমল পাত পাতত দি খালে ক্ৰিমি নাশ হয়| দেহত তেজৰ হিম’গ্লবিন তৈয়াৰ কৰাত চেংমৰাৰ কোমল পাতে যথেষ্ট সহায় কৰে| চেংমৰা পাতৰ ৰস নিয়মীয়া কৈ খাই থাকিলে অৰ্শ ৰোগৰ পৰা উপশম পাব পাৰি| পেটৰ ৰোগৰ কাৰণে চেংমৰা পাতৰ আঞ্জা উপকাৰী| শুকলতি অসমীয়া নাম: শুকলতি ইংৰাজী নাম: PATCHOULI বৈজ্ঞানিক নাম : POGOSTEMON BENGHALENSIS চমু পৰিচয় বহুৰ্বষ জীৱি গোন্ধযুক্ত এবিধ জোপোহা উদ্ভিদ| পাত বহল জবা ফুলৰ গছৰ পাতৰ দৰে, আগত শুং থাকে| শুকলতিৰ প্ৰায় পাত ১৫ ছে:মি: মান দীঘল আৰু ৮ ছে:মি: বহল হয়| ফুল বগা আৰু পাতল গুলপিয়া ৰঙৰ| কাণ্ডৰ পৰা ঠাল ঠেঙুলি ওলাই| ঔষধিৰ গুণ · শুকলতিৰ পাত আঞ্জা বা পাতত দি খাব পাৰি| পাত পুষ্টিকৰ, ছাল সুন্দৰ, দৃষ্টিশক্তি বৃদ্ধি আৰু স্নায়ু সৱল কৰে| · শুকলতিৰ পাতৰ ৰস গ্ৰহনী ৰোগৰ বা পেটৰ যি কোনো ৰোগৰ বাবে বৰ উপকাৰী| · কেচা নহৰুৰ সৈতে ইয়াৰ পাতৰ ৰস খালে গাঠিৰ বিষ, হাড় মজবুট, আৰু কোষ্ট কাঠিন্য নোহোৱা কৰে| · প্ৰসৱৰ পাচত মাতৃয়ে শুকলতিৰ পাতৰ আঞ্জা বা পাতত দি খালে, দেহত শক্তি আৰু ঘা সোনকালে শুকুৱাই| মাটি কাঁন্দুৰী অসমীয়া নাম: মাটি কাঁন্দুৰী ইংৰাজী নাম: RACABA বৈজ্ঞানিক নাম: ALTERNANTHERA SESSILIS পৰিয়াল: AMARAN THACEAL চমু পৰিচয় এই বিধ বনজাতিয় উদ্ভিদ, প্ৰত্যেক মানুহৰ ঘৰৰ বাৰীৰ চুকে কোনে দেখিবলৈ পোৱা যায়| মাটি কাঁন্দুৰী এবিধ মাটিত বগাই যোয়া শাখা-প্ৰশাখাযুক্ত শাক জাতীয় উদ্ভিদ| ফুলবোৰ বগা আৰু মিহি, সাধাৰণতে ফুল বোৰ কান্দৰ পৰা ওলায়| ইয়াৰ পাত প্ৰায় ৬ ছে:মি: দীঘল আৰু ২ ছে:মি: বহল হয়| ঔষধি গুণাগুণ মাটি কাঁন্দুৰীৰ পাতৰ ৰস খালে মাতৃ দুগ্ধ আৰু দৃষ্টি শক্তি বৃদ্ধি কৰে| মাটি কাঁন্দুৰী নিয়মীয়াকৈ খালে ৰক্ত কণিকা আৰু মাংসপেশী আটিল কৰে| মাটি কাঁন্দুৰীৰ ৰসত অলপ নেমুৰস মিহলাই নিমখ দি খালে গ্ৰহনী ৰুগ উপসম পায়| মাটি কাঁন্দুৰীৰ আগ ৪/৫ ফুটামান নহৰুৰ লগত পাতত দি পিটিকা কৰি খালে পেটৰ বাবে উপকাৰি| মাটি কাঁন্দুৰী, টেঙেচি, মানিমুনি একেলগ কৰি তাৰ ৰস খালে হৃদৰোগ উপসম হয় | পদিনা অসমীয়া নাম: পদিনা/পদুনা/পদনা ইংৰাজী: MINT/HORSE MINT/MINT MARSH বৈজ্ঞানিক নাম: MENTHA ARVENSIS পৰিয়াল: LAMIACEAE চমু পৰিচয় পদিনা এবিধ চাপৰ লতা জাতীয় উদ্ভিদ | ইয়াৰ অসংখ্য শাখা প্ৰশাখা থাকে| ইয়াৰ পাত সৰল অভিমুখি, পাতৰ ঠাৰি নাই| পাতৰ কাষ কৰতৰ দৰে খাজ কটা, ওপৰৰ ভাগ মিহি আৰু তলৰ ভাগ গ্ৰন্হিযুক্ত, ফুল সৰু আৰু বেঙুনীয়া, সাধাৰনতে অলপ জেকা ঠাইত বেছি ভাল কৈ হয়| ই এবিধ সুগন্ধিযুক্ত উদ্ভিদ| পদিনা হিমালয়ৰ পাদদেশত, কাশ্মিৰ উপত্যকাত পদিনাৰ প্ৰচুৰ খেতি হয়| অসমৰ প্ৰায় বিলাক মানুহৰ ঘৰতে পদিনাৰ গছ দেখিবলৈ পোৱা যায়| ঔষধিয় গুণ হজমশক্তি হ্ৰাস হলে বা পেটৰ বিষ হ’লে, বদহজম হ’লে, সূতা পেলু আৰু পুৱা বমি বমি ভাৱ হ’লে পদিনাৰ ৰস ১ চামুচ, নেমুৰ ৰস ১ চামুচ আৰু আধা চামুচ মৌজোল মিহলাই দিনে ২ বাৰ কৈ খালে পেটৰ সকলো অসুখৰ পৰাই সুফল লাভ কৰে| এজমা ব্ৰংকাইটিছ আৰু যক্ষ্মা ৰোগত ভোগা মানুহে ১ চামুচ পদিনাৰ ৰস, তাত সমপৰিমানৰ ভিনেগাৰ আৰু মৌজোল মিহলাই ১ চামুচ গাজৰৰ ৰসৰ লগত দিনে তিনি বাৰ কৈ খালে বেমাৰ বহুত উপসম পাব| সজীৱ পদিনাৰ পাত কেইখিলামান নিতৌ চোবাই খালে এন্টিচেপটিকৰ কাম কৰে | পদিনাৰ পাতৰ পেস্ট কৰি দাঁত ঘঁহিলে দন্ত ক্ষ্য়, পায়োৰিয়া আৰু দাঁতৰ যি কোনো সমস্যা দুৰ কাৰিব পাৰি| মানুহৰ প্ৰস্ৰাৱ হালধীয়া হলে পদিনাৰ ৰস খালে প্ৰস্ৰাৱ স্বাভাবিক হ্য়| পদিনাই স্নায়ুবিক দুব্বলতা কমায়| আৰু স্মৰন শক্তি বৃদ্ধি কৰে| পদিনা নিয়ামীয়াকৈ খালে চুলি অকাল পক্কটা প্ৰতিৰোধ হ্য়| পচতীয়া/আজ্ঞাচিত অসমীয়া নাম: পচতীয়া / আজ্ঞাচিত ইংৰাজী নাম: Indian Pivet বৈজ্ঞানিক নাম: VITEX NEGUNDO এই বিধ অতি সাধাৰন আৰু লাগতিয়াল ঔষধি গছ| ই এবিধ গোন্ধ যুক্ত প্ৰায় ১০-১২ ফুট ওখ হোৱা দেখা যায়| অসমৰ প্ৰায় মনুহৰ ঘৰতে এই বিধ গছ দেখিবলৈ পোৱা যায় | ঔষধি গুনাগুন কেইটা মান কুমলিয়া পাত কুমলিয়া ভীম কলৰ লগত মিহলাই খালে গ্ৰহনি ৰুগ উপশম হ্য়| শুকান পাতৰ গুডি নিতৌ খালে মেদ কমে| পচতীয়া গছৰ শুকান পাতৰ ধোঁৱাই মহ আদি দুৰ কৰে| পচতীয়া পাতৰ ৰস খালে বৈভিন্ন ধৰনৰ গাৰ বিষ উপশম হয়| ২-৩ টা পচতীয়া পাত ঘিউত ভাজি খালে ভোক আৰু স্মিতি শক্তি বাঢে| চুলি সৰিলে বা টকৌয়ে খালে পচতীয়া পাত ৰস নাৰিকল তেলৰ লগত কিছু গৰম কৰি মুৰত সানিলে ভাল হয়| তিতা কেৰেলা অসমীয়া নাম: তিতা কেৰেলা ইংৰাজী নাম: BITTER GOUR বৈজ্ঞানিক নাম : MOMORDICA CHARANTIA চমু পৰিচয় তিতা কেৰেলা লতা জাতিয় গছ | ইয়াৰ পাত বোৰ দীঘল আৰু সৰল | পাত বিলাক কেবাটাও খণ্ডত বিভক্ত আৰু কাষ বিলাক কটা | পাতৰ গুৰিৰ পৰা পাক খাই থকা দীঘল সূতা ওলায় | ফুল বিলাক একলিঙ্গ আৰু ৰং হালধীয়া | তিতা কেৰেলা বিলাক কেচাতে সেউজীয়া কিন্তু পকিলে হালধীয়া ৰঙৰ হয় | তিতা কেৰেলা বিলাক ৫-১৫ ছে:মি: দীঘল হয় | খাবলৈ তিতা, পকিলে ভিতৰত বহুতো গুটি হ্য়, দেখিবলৈ চেপেটা আৰু প্ৰায় ১-২ ছে:মি: দীঘল হয় | ঔষধিয় গুণ তিতা কেৰেলা বা পাতৰ ৰস মৌৰসৰ লগত মিহলাই খালে লিভাৰৰ আৰু ব্ৰংকাইটিছ অসুখ ভাল হয়| ডায়েবেটিছ অসুখ থকা ৰোগিয়ে কেৰেলা খোৱা অতি আৱশ্যক | তিতা কেৰেলাই ডায়েবেটিছ ৰোগ দবাই ৰখাত সহায় কৰে| ৫০-৬০ গ্ৰাম তিতা কেৰেলা ৰস একাপ পানীত মিহলাই খালে তেজ পৰিস্কাৰ হয়| তিতা কেৰেলা খালে ৰোগ প্ৰতিৰোধ আৰু শৰীৰত শুক্তি বঢ়াই| তিতা কেৰেলাই বহুমুত্ৰ আৰু ছালৰ অসুখ ভাল কৰে| তিতা কেৰেলাৰ পৰা MAP-20 নামৰ এবিধ প্লোটিন পোৱা যায় যিটোয়ে HIV নাশ কৰে| নেফাফু অসমীয়া নাম: নেফাফু সাধাৰণ নাম: East Indian Glory Bower Botanaical Name : Clerodendrum colebrookianum পৰিয়াল : Verbenaceae খাচী : Dieng jakangum, Deing jalemkynthei মিজো : Phuuihnam নেপালী : Anpui নেফাফু এবিধ বহু বৰ্ষজীৱি ডাঙৰ ডাঙৰ পাতৰ প্ৰায় ২ মিটাৰমান ওখ, জোপোহা, সৰু, ঔষধী উদ্ভিদ| ওপৰৰ ফালে জোঙাহৈ বাঢ়ি যোৱা গা গছৰ তলৰ ডালবিলাক দীঘল যদিও ওপৰলৈ ক্ৰমান্বয়ে চুটি| গাঠিৰ পৰা ডাল পাত আদি ওলায়| ডাঙৰ ডাঙৰ পাতবোৰৰ তলৰ পিঠি খহতা| এই পাতবোৰৰ ঠাৰিৰ তলফালে চেনিৰ নিচিনা পদাৰ্থ দানা বান্ধি থাকে বাবে পাতত কলা-পৰুৱা ভৰি থকা দেখা যায়| তিতা-জ্বলা স্বাদৰ পাতবোৰ মোহাৰিলে এক বিশেষ গন্ধ পোৱা যায়| বগা ৰঙৰ ফুলবোৰ থোপা বান্ধি ফুলে| কেৱল উত্তৰ পূৰ্বাঞ্চলতহে এই উদ্ভিদ বেছিকৈ পোৱা যায়| ঔষধী গুণসমূহ নেফাফু গছৰ পাত উচ্চ ৰক্তচাপৰ বাবে বৰ উপকাৰী | ইয়াৰ ৩/৪ টা কোমল আগ চাৰিকোঁহ কেচাঁ নহৰুৰ লগত পিঁহি সুদা পেটত নাইবা পাতত দি তিনি চাৰি দিন খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনত আহে| নেফাফুৰ কোমল পাতৰ ৰস গ্ৰহনী, পেটৰ বিষ আৰু হৃদৰোগৰ বাবেও অতি উপকাৰী এই শাক ভাজি খালে প্ৰসূতি নাৰীয়ে শৰীৰত শক্তি লাভ কৰে বুলি বিশ্বাস কৰা হয়| কলীয়া তুলসী সাধাৰণ নাম: কলীয়া তুলসী (Sacred Basil/ Holy Basil) বৈজ্ঞানিক নাম : Ocimum Sanctum পৰিয়াল : Labiatae তুলসী ভাৰতৰ প্ৰসিদ্ধ আৰু পবিত্ৰ গছ |পাত প্ৰায় ৫ চে.মি দীঘল, বিপৰীতমুখী , পাতৰ দুয়োফাল ৰোমযুক্ত |গছ প্ৰায় ৭০ ছে.মি. পৰ্য্ন্ত ওখ হয় | গুলপীয়া আৰু পাতল বেগুনীয়া ফুল পোৱা যায়| ঔষধী গুণ তুলসী গছৰ পাত আৰু বীজ ঔষধী| তুলসী পাতৰ তেল বীজাণু আৰু কীট-পতংগ নাশক| পাতৰ ৰস ব্ৰনকাইটিছ, সৰ্দ্দি কাঁহ আৰু অজীৰ্ণতাৰ বাবে উপকাৰী| উৎস: বনানী।