বহুমূত্ৰ বা ডায়েবেটিছ ৰোগত ক’লা জামুৰ ঔষধি গুণ আশ্বৰ্যজনক । ইয়াৰ গুটি আৰু ফল বহুমূত্ৰত ভোগা মানুহৰ কাৰণে বৰ উপকাৰী । ক’লা জামুৰ গুটি ৰ’দত শুকুৱাই গুড়ি কৰি দুই চামুচ পৰিমাণে একাপ ঠাণ্ডা পানীত মিহলাই খাব লাগে । এনেদৰে দিনে দুবাৰকৈ একেৰাহে এমাহ খালে ৰোগীৰ তেজত চেনিৰ পৰিমাণৰ নিয়ন্ত্ৰিত হয় ।

ক’লা জামু উচ্চ ৰক্তচাপ ৰোগত মহৌষধৰ কাম কৰে। ক’লা জামু গছৰ ছাল ২০০ বা ৩০০ গ্ৰাম সৰু সৰুকৈ কাটি ৰ’দত শুকুৱাই খুন্দি গুড়ি কৰি দিনে দুবাৰকৈ অলপ পানী মিহলাই খাব লাগে । আনহাতে, আমৰ কুমলীয়া পাত ১০ খন, জামুৰ পাত ১০ খন , ২০০ গ্ৰাম পানীত উতলাই ১০০ গ্ৰামত ৰাখি তাত ২ চামুচ খাঁটি মৌজোল মিহলাই দি ২ বাৰকৈ খালে উচ্চ ৰক্তচাপ কমি যায় । এসপ্তাহ খালে উচ্চ ৰক্তচাপ নিয়মীয়া হ’ব ।

প্ৰস্ৰাৱৰ জ্বলা-পোৰা বা ঘনঘনকৈ প্ৰস্ৰাৱ হ’লে ৫ চামুচ ক’লা জামুৰ ফলৰ ৰসত পাঁচ চামুচ পানী মিহলাই ২-৩ বাৰ খালে প্ৰস্ৰাৱৰ এনে সমস্যা দূৰ হয় । ৰক্তহীনতা বা এনিমিয়া ৰোগত ক’লা জামুৰ ৰস ৫-৬ চামুচ এডোখৰ গুৰ মিহলাই দিনে দুবাৰকৈ একেৰাহে এমাহ ধৰি খালে তেজৰ হিমগ্ল’বিন বাঢ়ি যায় । জামু ফলৰ পৰিৱৰ্তে জামুৰ গুটিৰ গুড়ি এক চামুচ পৰিমাণে অলপ পানী মিহলাই ১৫ দিন খালে এই অসুখ ভাল হয় । দিনে ২ বাৰ খাব লাগে । গ্ৰহণী, পেটচলা আদি অসুখত ক’লা জামুৰ কুমলীয়া পাত ১০ টা, গছৰ ছাল ১ বেগেতে খুন্দি ৰস উলিয়াই দিনে ২-৩ বাৰকৈ খাব লাগে ।

ৰক্তস্ৰাৱ অসুখত ক’লা জামুৰ গছৰ বাকলিৰ গুড়ি দুগিলাচ পানীত সিজাই ১ গিলাচ পানীত ৰাখি তাত ১ চামুচ মৌজোল দি খালে ৰক্তস্ৰাৱ বন্ধ হয় ।

প্লীহা বৃদ্ধি হ’লে জামু গছৰ ছালৰ ৰস তিনি চামুচকৈ দিনে ২-৩ বাৰকৈ এসপ্তাহ খালে ৰোগ আৰোগ্য হয় । ব্ৰ্ংকাইটিছ ৰোগত ভোগা মানুহে ক’লা জামুৰ ৰস দিনে ২-৩ বাৰ খালে ৰোগ নিৰাময় হয় । ৰসখিনি ৭-৮ দিন খাব লাগে । ক’লা জামুত থকা পুষ্টিকৰ দ্ৰব্যবোৰ

প্ৰ’টিন- ০৭ ভাগ

চৰ্বি- ০১ ঐ

খনিজ দ্ৰব্য -০.৪ ভাগ

কেলচিয়াম-০২ ভাগ

লৌহ – ১.০০ ভাগ

আঁহ-০৯ ভাগ

ইয়াৰ উপৰি – ক’লা জামুত টেনিন, হলেগিক এচিদ, ফলিক এচিড ষ্টাৰ্চ, গ্লাইক’ চাইড থাকে ।

লেখক –উপেন দত্ত

উৎস- আমাৰ অসম পূৰ্বাচল