লং এবিধ মচলা হিচাপে প্ৰায় ২০০০ বছৰৰ আগৰে পৰা ভাৰতবৰ্ষ আৰু চীন দেশত প্ৰচলিত হৈ আহিছে। ১৭৬ খ্ৰী:ত লঙৰ ৰপ্তানি আলেকজেন্দ্ৰিয়া আৰু মেডিটেৰিয়ানৰ পৰা কৰা হৈছিল। লং বৰ্তমান, ইউৰোপ, আমেৰিকা আৰু পৃথিৱীৰ প্ৰায় সকলো দেশত মচলা হিচাপে ব্যৱহাৰ হৈ আহিছে। বৰ্তমান জাঞ্জিবাৰ দেশত ইয়াৰ উৎপাদন বেছি হৈছে।

লঙৰ ঔষধি গুণ বহুত। লং ব্যৱহাৰ হোৱা বেমাৰবোৰ হ’ল- পেট ফুলাত, শৰীৰৰ বিভিন্ন ঠাইত হোৱা বিষ দূৰ কৰাত, ছালৰ বিভিন্ন বেমাৰত, দাঁতৰ বেমাৰত, বমি বন্ধ কৰাত, চকু বিষ, বদহজমী, হাত-ভৰি টানি ধৰা আৰু মাংসপেশীৰ বিষ নিৰাময় কৰাত আৰু হাঁপানী ৰোগ আদিত।

পিত্ত বা গেষ্ট্ৰিক বেমাৰত, অম্লপিত্তত লঙৰ ঔষধি গুণ -

লঙৰ গুড়ি ৫ গ্ৰাম ১ চামুচ মৌ জোল মিহলাই দিনে দুবাৰকৈ খালে পিত্ত আৰু অম্লপিত্ত বেমাৰ নিৰাময় হয়। ভ্ৰমণকালত বৰকৈ ভোক লাগিলেও খাবলৈ সুবিধা নাথাকিলে ৫/৬ টা লং খালে অম্লপিত্ত বা গেষ্ট্ৰিক হোৱা বন্ধ কৰিব পাৰে। বমি আহিলে বমি বন্ধ কৰিবৰ বাবে লঙৰ গুৰি আধা চামুচ এচামুচ মৌ জোল মিহলাই খালে এবাৰ বা দুবাৰত বমি বন্ধ হয়।

কাহ হ’লে, ডিঙি সুৰসুৰালে, ডিঙি পুৰিলে লং ২/৪ টা পুৰি অলপ চেঁচা হ’লে জিভাত ৰাখি চুপি থাকিলে কাহ ভাল হয়। ফেৰিংজাইটিছতো এই ব্যৱস্থাত ভাল কাম দিয়ে।

এজমা বা হাঁপানীত লং বৰ উপকাৰী। এইক্ষেত্ৰত ৬-৭ টা লং ৩০ মিলিগ্ৰাম পানীত উতলাই তাত ১ চামুচ মৌজোল মিহলাই মিশ্ৰণখিনি দিনে তিনিবাৰকৈ তিনিদিন খালে ৰোগটো নিৰাময় হয়। ৰোগটো পুৰণা হ’লে ১৫-২০ দিন পৰ্যন্ত খাব লাগে।

দাঁতৰ বিষত -

দাঁতৰ বিষত বৰ উপকাৰী। লং তেল দাঁতত বিষোৱা ঠাইত ঘহিলে দাঁতৰ বিষ ভাল হয়। দাঁতেৰে দুই-এটা লং চোবাই বা বিষোৱা ঠাইত ৰাখিলেও বিষ কমে।

ভৰিৰ কলফুলত বিষ হোৱা বা ফন্দিয়াই ধৰা, মাংসপেশীত বিষ হোৱা আদি লক্ষণত লং তেল ব্যৱহাৰ কৰিলে এনেবোৰ সমস্যা দূৰ হয়। বিষ হোৱাটো লং তেলেৰে মালিচ কৰিব লাগে। তদুপৰি বৰফ লগালেও ভৰি ফন্দিয়াই ধৰা কমি যায়। এইক্ষেত্ৰত ভিটামিন ‘ডি’ আৰু ‘ই’ বৰ ব্যৱহাৰ অত্যন্ত উপকাৰী।

কাণৰ বিষত লং তেল বৰ উপকাৰী। লং তেল তিনি বা পাঁচ টোপালৰ লগত তিল তেল-২-৩ টোপাল মিহলাই বিষ হোৱা ঠাইত সানিব লাগে। বিষ কমি যায়।

মূৰৰ বিষত লঙৰ পেষ্ট কৰি তাত অকণমান নিমখ দি কপালত সানিলে কম সময়ৰ ভিতৰতে মূৰৰ বিষ কমে। লঙৰ পৰা বিভিন্ন ধৰণৰ জুতিলগা খাদ্য তৈয়াৰ কৰা হয়। ধনীয়াৰ গুড়ি, জলকীয়াৰ গুড়ি, জিৰা আদি মচলাৰ গুৰিৰে লঙৰ গুৰি মিশ্ৰণ কৰি বিভিন্ন খাদ্য তৈয়াৰ কৰা হয়।

লেখক: উপেন দত্ত (আমাৰ অসম পূৰ্বাচল)