ই গুডুচ্যাদি বৰ্গৰ কোনো ৰেখী কুলৰ লতা জাতীয় বনৌষধি। পৰিচয় এই লতা শাখা-প্ৰশাখাৰে গছ-গছনি, হাবি-বননিত ব্যাপ্ত হৈ থকা দেখা যায়। লতা আৰু ইয়াৰ পাত বগা, নোম যুক্ত আৰু টান। ইয়াৰ পাত্ সিদ্ধিলতাৰ পাতৰ দৰেই যদিও ইয়াৰ পাতৰ তল পিঠি বগা যেন দেখা যায়। পাতবোৰ ৬ ইঞ্চিৰ পৰা ১২ ইঞ্চিমান বহল আগ জোঙা হয়। ফুল থোপা থোপাকৈ গুচ্ছাকাৰে ব’হাগ মাহৰ পৰা আহিন মাহলৈকে ফুলে। ফুলবোৰ ঘণ্টাকাৰ, এক-ডেৰ ইঞ্চিমান দীঘল। ফুলবোৰৰ বাহিৰ ভাগ শ্বেত ৰক্তাভ, ভিতৰ ভাগ বগা গুলপীয়া ৰঙৰ হয়। ফুল থোপা থোপাকৈ ভূঁইকুমৰাৰ ফলৰ দৰে এক ইঞ্চিমান দীঘল গোলাকাৰ হ্য়। ফলবোৰ কেঁচাতে সেউজীয়া, পকি শুকালে ধূসৰ বৰ্ণৰ ক’লা হয়। ফলবোৰৰ ভিতৰত ত্ৰিকোণাকাৰৰ ক’লা ৰঙৰ গুটি তিনি চাৰিটাকৈ হয়। ইয়াক স্ংস্কৃতত-বৃদ্ধদাৰক, আবেগী, দীৰ্ঘবল্লৰী, বৃদ্ধা, অজান্তী, ছাগলান্ত্ৰিকা, হিন্দীত-বিধৰা, বিধাপৰা, বধৰা, বেঙ্গলীত- বীজতাৰক, বিতাড়ক, অসমত-সোণপৰুৱা লতা, হেমলতা বোলে। গুণ লঘু, কটু, তিক্ত, কষায়, মধুৰ বিপাক, উষ্ণবীৰ্য্য, ৰসায়ন, মেধাজনক, স্বৰশোধক, সাৰক, দীপক, কান্তিজনক, কামোদ্দীপক, ধাতুবৰ্দ্ধক, বলকাৰক, ৰুচিকৰ, ৰসায়ন, উপদংশ, পাণ্ডু, ক্ষয়, কাস, শ্বাস, প্ৰমেহ, বাতৰক্ত, আমবাত, বাতবিকাৰ, শোথ আৰু কফবিকাৰ আদি ৰোগ নিবাৰক। বল, বীৰ্য্য, আয়ুস বৃদ্ধিৰ বাবে ইয়াৰ শিপা ছাঁত শুকুৱাই গুড়ি কৰি শতমূলৰ শিপাৰ ৰসত তিয়াই শুকুৱাব। এনেকৈ ৭ বাৰ তিয়াব আৰূ শুকুৱাই ভালকৈ ৰাখিব। ইয়াক ব্যৱহাৰ কৰাৰ আগতে সাধাৰণ জুলাপ লৈ পেট পৰিস্কাৰ কৰি ল’ব। পিছত ৫ গ্ৰামৰ পৰা ক্ৰমে বঢ়াই ১০ গ্ৰামলৈকে সমান সমান গৰুৰ ঘিউৰ লগত মিহলাই খাব আৰু লগে লগে কুহুমীয়া গাখীৰ খাব। এইদৰে একেৰাহে ৪০ দিন খালে উপকাৰ পাব। টেঙা, দৈ গাখীৰ, চাধা আদি নাখাব। গৰ্ভধাৰণৰ বাবে বৃদ্ধদাৰকৰ ফুল আৰু জবা ফুল দুয়োকে বটী পানীৰ লগত ঋতুৰ চতুৰ্থ দিনৰ পৰা ৭ দিন খালে অথবা বৃদ্ধদাৰকৰ শিপা ছাগলীৰ গাখীৰৰ লগত বটি খালেও উপকাৰ পোৱা যায়। পুত্ৰোৎপত্তিৰ বাবে বৃদ্ধদাৰক ঘৃত ব্যৱহাৰ কৰা উচিত। ১ লিটাৰ ঘিউৰ লগত বৃদ্ধাৰকৰ শিপা ১০০ গ্ৰামকৈ বটি ৪ লিটাৰ গৰুৰ গাখীৰৰ লগত পাক কৰি ঘিউ মাত্ৰ শেষ থকাত নমাই চেকি ভালকৈ ৰাখিব। এই ঘিউ অত্যন্ত বৃষ্য। পুত্ৰ লাভৰ বাবে বা স্ত্ৰী পুৰুষে উভয়ে দহ গ্ৰামৰ পৰা বিছ গ্ৰাম পৰ্যন্ত লৈ গৰম গৰুৰ গাখীৰৰ লগত খাব। গৃধ্ৰসী বাতৰোগত, শ্লীপদ কলগছীয়া ৰোগত, শোথ ৰোগত, শূল ৰোগত, পাণ্ডু ৰোগত আৰু আমবাত ৰোগত বৃদ্ধদাৰক ঘৃত ব্যৱহাৰ কৰিলে উপকাৰ হয়। বৃদ্ধদাৰকৰ ঘৃত তৈয়াৰ কৰাৰ নিয়ম বৃদ্ধদাৰকৰ শিপা ৮০ গ্ৰাম, শুকান আদা ৪০ গ্ৰাম, পিপলী, শিলিখা, আমলখি, ভয়ৰা, আচুকাঠ, আজ্ঞাচিতৰ শিপা, পুনৰ্ণবাৰ শিপা প্ৰত্যেকৰে ২০ গ্ৰামকৈ লৈ বটি কল্ক তৈয়াৰ কৰি ৬৪০ গ্ৰাম গৰুৰ ঘিউ ৩ লিটাৰ পানীৰ লগত পাক কৰি ঘিউ মাত্ৰ থকাত নমাই চেকি ভালকৈ ৰাখিব। এই ঘিউ পাঁচ গ্ৰামৰ পৰা দহ গ্ৰামলৈকে পুৱা আৰু আবেলি গৰম গাখীৰৰ লগত খাব। প্ৰমেহ, স্পপ্নদোষ, বীৰ্যক্ষীণ আদি ৰোগৰ বাবে বৃদ্ধদাৰকৰ শিপা ৪০০ গ্ৰাম থেতেলিয়াই ৪ লিটাৰ পানীৰ লগত সিজাই ১ লিটাৰ শেষ থকাত নমাই চেকি ল’ব। এই ক্কাথৰ লগত ৪০০ গ্ৰাম মিচৰি পগাই পকা ৰস তৈয়াৰ কৰি ল’ব। লগতে গাখীৰ পগাই ঘন কৰা চানা ২০০ গ্ৰাম ঘিউত ভাজি উক্ত ৰসত মিহলাই আকৰকৰা, বৃদ্ধদাৰক, বগা আৰু ক’লা তালমুলী, শতমূল, বাকলি গুচোৱা বান্দৰ কেকোৱাৰ গুটি, অশ্বগন্ধা, তালমূলী প্ৰত্যেকৰে দহ গ্ৰামকৈ গুড়ি কৰি সকলো মিহলাই ল’ব। ইয়াক গৰুৰ কুহুমীয়া গৰম গাখীৰৰ লগত দহ গ্ৰামৰ পৰা বিছ গ্ৰামলৈ পুৱা আৰু গধুলি খালে উপকাৰ পাব। স্বাস্থ্য আৰু দীৰ্ঘ জীৱন