ভোমোৰা বা বেহেৰা এবিধ ওখ গছ। ইয়াৰ পাতবোৰ প্ৰায় ১০ৰ পৰা ২৫ চে:মি: দীঘল হয়। ফুল সৰু। ফলবোৰ ৩-৪ চে:মি: দীঘল। গোলাকাৰ আৰু মুগা বৰণৰ। ভোমোৰাৰ শুকান ফল ঔষধ হিচাপে ব্যৱহাৰ হয়। ইংৰাজীত ইয়াক ‘বেলেৰিক মাইৰ’বেলান’ বোলে। ভোমোৰা স্বাস্থ্যবৰ্দ্ধক। ভোমোৰা গছৰ কাঠ পানীত সহজে নপচে। সেইকাৰণে ভোমোৰা গছৰ কাঠৰ পৰা নাও তৈয়াৰ কৰা হয়। তদুপৰি খেতিৰ বাবে উপযোগী বস্তুও ইয়াৰ পৰা তৈয়াৰ কৰা হয়। ভোমোৰাৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ- মাত ভাঙিলে ভোমোৰা গুড়ি কৰি ঘিউৰে ভাজি খালে মাত ভঙা ভাল হয়। মস্তিষ্কৰ কাৰণে ভোমোৰা উপকাৰী। জ্বৰ হ’লে ভোমোৰাৰ গুটিৰ ভিতৰৰ অংশ খালে জ্বৰ উপশম হয়। ভোমোৰাৰ ভিতৰৰ সাহ(দিনে দুটা ভোমোৰা)খালে শুক্ৰ বৃদ্ধি হয়। চুলি অকালতে পকিলে ভোমোৰা গুটিৰ ভিতৰত থকা সাহ থেতেলিয়াই এবাটি পানীত তিয়াই ৰাখি পাছদিনা সেই পানীৰে মূৰ ধুলে চুলি পকা বন্ধ হয়। ডিঙিৰ ভিতৰত ঘা হ’লে ভোমোৰাৰ গুটি চুহি খালে সোনকালে আৰোগ্য হয়। যক্ষ্মা ৰোগত কাহত তেজ পৰে। ভোমোৰাৰ গুটিৰ সাহটো পুৰি পানীত তিয়াই সৈন্ধৱ নিমখৰ লগত দিনে ১-২ বাৰ খালে তেজ পৰা বন্ধ হয়। ছিটিকা ঘাত ভোমোৰাৰ বাকলি মিহিকৈ বটি লগালে অতি সোনকালে ৰোগ নিৰাময় হয়। কৃমি হ’লে ভোমোৰাৰ গুটিৰ ভিতৰত থকা সাহ এক গ্ৰামকৈ ২-৩ দিন খালে কৃমি নাশ হয়। অৰ্শ ৰোগত ভোমোৰাৰ ভিতৰত থকা সাহখিনি পানীত তিয়াই পুৱা খালী পেটত খালে শৌচ খোলোচা হয়। ইয়াৰ বহু দিন ব্যৱহাৰে ৰোগ নিৰাময়তো সহায় কৰে। ভোমোৰাই তেজ পৰিষ্কাৰ কৰাত সহায় কৰে। লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।