পৰিচয় মহানিম সৰ্ব্বজন পৰিচিত গছ। বেছিভাগ লোকে ঘৰৰ চৌহদত যত্নেৰে ৰোৱে। এই গছ বেছ ওখ-ডাঙৰ হৈ উঠে যদিও ডালবোৰ বেছি ডাঙৰ নহয়। পাতবোৰ দীঘল আৰু ধুনীয়া হয়। পাত দৰবত ব্যৱহাৰ হয়। মহানিমৰ শাস্ত্ৰীয় নাম নিন্ব, পিচুমন্দ, অৰিষ্ট আৰু তিক্তক। আন এবিধ নিমগছ আছে- নাম তাৰ ঘোৰানিম। অৱশ্যে মহানিম ঘোৰা নিমতকৈ বেছি উপকাৰী। লিখক: ধৰ্মকান্ত শৰ্মা।