শগুণী লতা এবিধ সৰ্বোত্তম বনৌষধী। যদি বহুতো স্বাস্থ্য সমস্যাৰ বাবে কিবা এবিধ বিশেষ বনৌষধী বিচৰা হয়, তেনেহলে শগুণী লতাই একমাত্র বনৌষধী যি বহুতো ৰোগ নিৰাময়ৰ ক্ষমতা ৰাখে।

ইয়াৰ বৈজ্ঞানিক নাম Tinospora cordifolia।

শগুণী আয়ুৰ্বেদৰ আটাইতকৈ মহত্বপূৰ্ণ বনদৰব।

ইয়াক গুডুচি, চক্ৰাঙ্গী, গুলঞ্চ, গুৰুচ, গাৰো, গুৰ্জা, গুলুচী বুলিও কোৱা হয়। ই এবিধ লতা জাতীয় উদ্ভিদ। ইয়াৰ পাত পানৰ দৰে দেখি।

শগুণীঃ
*ৰক্ত পৰিস্কাৰক।

*এন্টিবেক্টেৰিয়েল।

*এন্টিভাইৰেল।

*জ্বৰ প্ৰশমক।

*এন্টিএলাৰ্জীক।

*এন্টিঅক্সিডেন্ট।

*পাচনতন্ত্ৰ সবলীকাৰক।

*মানসিক চাপ আৰু চিন্তা নাশক।

*ক্ষুধা বৰ্দ্ধক।

*ৰক্ত শৰ্কৰা নাশক।

*এন্টি ইনফ্লেমেটৰী।

*কুলিং।

*কৃমি নাশক।

*এন্টি আৰ্থাৰাইটিচ।

*ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্দ্ধক।

*এন্টাচিড।

*এন্টিটিউমাৰ।

নিম্ন উল্লেখিত ৰোগ বোৰত ইয়াক ব্যৱহাৰ কৰা হয়:

১)ৰোগ প্ৰতিৰোধঃ

শগুণী লতাই ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়ায়। ইয়াৰ এন্টিঅক্সিডেন্টে স্বাস্থ্য উন্নত কৰে আৰু ভয়ানক ৰোগ সমূহ প্ৰতিৰোধ কৰে।শগুণীয়ে বৃক্ক (kidneys) আৰু যকৃতৰ (lever) পৰা বিষাক্ত পদাৰ্থ সমূহ দূৰ কৰে আৰু মুক্ত কণা free redicles বাহিৰ কৰে।

ইয়াৰোপৰি শগুণীয়ে বেক্টেৰিয়া নাশ, মুত্ৰাশয় সংক্ৰমণ আৰু যকৃতৰ ৰোগ নিৰাময় কৰে। নিয়মীয়াকৈ ইয়াৰ সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

২)ডেংগুঃ

ই পুৰণি ৰোগ আৰু জ্বৰ নিৰাময় কৰে। ই জ্বৰ নাশক। তেজত প্লেটলেট বৃদ্ধি কৰে। ডেংগু জ্বৰৰ বাবে শগুণী লাভদায়ক। শগুণী আৰু তুলসী সেবন কৰিলে প্লেটলেট কাউন্ট বঢ়ায় আৰু ডেংগু প্ৰতিৰোধ কৰে। শগুণীৰ ক্বাথ আৰু মৌ মিহলাই খালে মেলেৰিয়া নিৰাময় কৰে। আয়ুৰ্বেদত জ্বৰৰ বাবে নিৰ্মিত ৯০% ঔষধত শগুণী ব্যৱহৃত হয়।

৩)পাচনঃ

ই পাচনতন্ত্ৰ সক্ৰিয়, সবল আৰু উন্নত কৰে। ১/২ গ্ৰাম শগুণী পাওডাৰ আমলখীৰ লগত সেৱন কৰিলে উপকৃত হব। ই হজম শক্তি বঢ়ায় আৰু মগজু শীতল কৰে।

৪)ই মধুমেহ নিয়ন্ত্ৰণ কৰে। মধুমেহ ৰোগীৰ বাবে শগুণী উপকাৰী। ই হাইপগ্লিচমিক এজেন্টৰ কাম কৰে। ই ৰক্তচাপ আৰু লিপিডৰ স্তৰ কম কৰে। টাইপ-2 মধুমেহৰ চিকিৎসা শগুণীয়ে সহজ কৰি তোলে।

৫)মস্তিস্ক টনিকঃ

শগুণীক adaptogenic ঔষধীৰূপে ব্যৱহাৰ কৰিব পাৰি। ই মানসিক অৱসাদ আৰু চিন্তা নিৰাময় কৰে। এক উত্কৃষ্ট স্বাস্থ্য টনিক বনাবলৈ শগুণীক আন বনদৰবৰ লগত মিহলোৱা হয়। ই স্মৃতিশক্তি আৰু কৰ্মক্ষমতা বঢ়ায়। ই মগজুৰ বিষাক্ত পদাৰ্থ পৰিস্কাৰ কৰে। ইয়াৰ ফুল আৰু শিপাৰ নিৰ্যাস ৫ মিলি নিয়মীয়া সেৱনে উত্কৃষ্ট মানসিক টনিক ৰূপে কাম কৰে। শগুণীক বাৰ্দ্ধকৈ প্ৰতিৰোধী ৰসায়ন বোলে ।

৬)হাঁপানী (asthama):

হাঁপানী ৰোগত বুকু খামুচ মাৰি ধৰা, শ্বাসকষ্ট, কাঁহ, ধৰফৰণি আদি হলে সহজতে কম কৰিবলৈ শগুণী ফলদায়ক। বিশেষজ্ঞ সকলে শগুণীৰে হাঁপানীৰ চিকিৎসা কৰে। নীম আৰু শগুণীৰ ৰস হাঁপানী ৰোগৰ বাবে উপযোগী। নীম আৰু আমলখীৰ লগত ইয়াৰ মিশ্ৰণ অধিক প্ৰভাৱশালী হয়।

৭)আৰ্থাৰাইটিচ বা সন্ধিবাতঃ

আৰ্থাৰাইটিচ ৰোগীয়ে শগুণী সেৱন কৰিলে উপশম হয়। ইয়াৰ ফুলা কমাব পৰা আৰু বাত প্ৰতিৰোধী গুণ আছে।

ইউৰিক এচিড বা গাউটৰ বাবে এৰাতেলৰ লগত শগুণী আৰু সন্ধিবাতৰ বাবে ঘিউৰ লগত শগুণী প্ৰয়োগ কৰিলে উপশম হয়।

৮)যৌন ইচ্ছা বৃদ্ধি কাৰক As aphrodisiac:

শগুণী কামোদ্দীপ্পক ঔষধী হোৱাৰ বাবে ইয়াৰ সেৱনে পুৰুষৰ কামেচ্ছা বৃদ্ধি কৰে।

৯)শগুণী নেত্ৰ বিকাৰত ব্যৱহাৰ কৰিব পাৰি। ই দৃষ্টি শক্তি বঢ়ায়।

১০)ছাল:

শগুণী বাৰ্দ্ধক্য প্ৰতিৰোধী। শগুণীৰ ৰস ব্যৱহাৰ কৰিলে মুখৰ ছালৰ দাগ, শালমইনা, সোঁতোৰা পৰা নোহোৱা কৰে।

ছাল উজ্জ্বল, যৌৱনদীপ্ত আৰু সুন্দৰ কৰে। শগুণীৰ ৰসে ছালৰ সকলো ৰোগ নিৰাময় কৰে।

উল্লেখ কৰা ৰোগ সমূহৰ উপৰিও শগুণী ছাল আৰু লিভাৰৰ বাবে চেনীৰ লগত, কুষ্ঠকাঠিন্যৰ বাবে গুড়ৰ লগত সেৱন কৰা হয়।

শগুণীৰ পাতৰ ৰস এগিলাচ ছাছৰ লগত খালি পেটত খালে জন্ডিচ আৰোগ্য হয়।

শগুণীৰ ঠাৰি পানীৰে উতলাই ঠাণ্ডা কৰি খালে বমি বন্ধ হয়। ৰস খালে হৃদয়ৰ দূৰ্বলতা দূৰ হয়। খালি পেটত ৰস খালে কৃমি নাশ হয়।

শগুণী ৫ বছৰ বয়সৰ ওপৰৰ ৰোগীৰ বাবেহে উপযোগী। শগুণী দুসপ্তাহৰ অধিক বা চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ব্যৱহাৰ কৰিব নালাগে।

সাৱধানতা-

মধুমেহৰ ঔষধ খাই থকা ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ এই বনৌষধী ব্যৱহাৰ নকৰিব।

শগুণীয়ে কুষ্ঠকাঠিন্য বা ৰক্তশৰ্কৰা শূণ্যতাৰ শৃস্টি কৰিব পাৰে।

গৰ্ভাৱস্থা আৰু স্তন পান কৰোৱা অৱস্থাত শগুণী সেৱনৰ পৰা বিৰত থাকিব।
Auto immune diseases যেনে lupus, sclerosis আদি থাকিলে শগুণী নাখাব।

পেটৰ অসুখ, বদহজম আদি থাকিলে শগুণী নাখাব।

Blood sugar কম থাকিলে শগুণী নাখাব।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ