তিলৰ লগত আমাৰ সম্পৰ্ক বহুদিনীয়া। আমাৰ বাপতিসাহোন উৎসৱ বিহুৰ প্ৰধান আকৰ্ষণ হৈছে তিলেৰে বনোৱা বিভিন্ন পিঠা পনা যেনে তিল পিঠা, সুতুলি পিঠা, তিলৰ লাড়ু আদি। ভোগৰ উৎসৱ ভোগালী মানেই হৈছে এনেবোৰ পিঠা পনাৰ জুতি লোৱাৰ বতৰ।

তিল নহলে আমাৰ বিহুৱেই উকা হৈ পৰিব। ইয়াৰ উপৰিও পৰম্পৰাগত থলুৱা খাদ্য সম্ভাৰত তিলৰ বিভিন্ন সুস্বাদু ব্যঞ্জন আছে যেনে তিলৰ চাটনি, তিল দি বনোৱা মাছ বা মাংসৰ ব্যঞ্জন ইত্যাদি। মুঠৰ ওপৰত কবলৈ গলে তিল আমাৰ বাবে অতি আদৰৰ বস্তু।

তিলৰ ব্যৱহাৰ -

অতি প্রাচীন কালৰে পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য বহুতো ৰাজ্যত তিলৰ ব্যৱহাৰ চলি আহিছে।

গুণৰ ফালৰ পৰা উৎকৃষ্ট হোৱাৰ বাবে ইয়াৰ চাহিদা বেছি। তিলৰ পৰা তৈয়াৰ কৰা তিল তেল চুলিৰ বাবে অতি উপকাৰী।

এছিয়া আৰু মধ্য প্ৰাচ্যৰ দেশসমূহতো বিভিন্ন ব্যঞ্জনত তিলৰ ব্যৱহাৰ হয়। কিছুমান দেশত শুকানকৈ ভজা তিল আৰু অলিভৰ পৰা তৈয়াৰ কৰা 'তাহিনী' নামৰ ব্যঞ্জন অতি জনপ্ৰিয়।

থাইলেণ্ড, ভিয়েটনাম আদি দেশৰ বিভিন্ন ব্যঞ্জনত তিল এবিধ আৱশ্যকীয় উপকৰণ। ইয়াৰ উপৰিও চাইনীজ ব্যঞ্জনতো তিল তেলৰ ব্যৱহাৰ হয়।

নকলেও হব যে এইবোৰ দেশৰ লোকৰ ছাল চুলিৰ সৌন্দৰ্য্যই সকলোকে আকৰ্ষণ কৰে। তিলৰ বৈজ্ঞানিক নাম Sesamum indicum।

আমাৰ দেশত তিল প্ৰধানকৈ দুবিধ এবিধ বগা তিল আৰু আনবিধ ক'লা তিল। ইয়াৰ ভিতৰত বগা তিলত থকা আইৰণৰ পৰিমাণ ক'লা তিলতকৈ বেছি।

আনহাতে ক'লা তিলত কেলচিয়ামৰ পৰিমাণ বগা তিলতকৈ বেছি। বগা তিল মুখ্যতঃ বিভিন্ন ব্যঞ্জনৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয়।

যেনে বান, কুকিজ, কেক, বাৰ্গাৰ, তিলৰ চিক্কি আদি বনাওঁতে আৰু ক'লা তিল অন্য বহুতো উদ্দেশ্যত ব্যৱহাৰ কৰা হয়।

অসমত অৱশ্যে বগা তিলতকৈ ক'লা তিলহে বেছি ব্যৱহাৰ হয়।

তিলত পৰ্যাপ্ত পৰিমাণে -

*প্ৰটিন,

*অমেগা 6 ফেটি এচিড,

*আঁহ,

*কেলচিয়াম,

*মেগনেছিয়াম,

*ফচফৰাছ,

*আইৰণ,

*পটাছিয়াম,

*জিঙ্ক,

*বিভিন্ন ভিটামিন যেনে-

-ভিটামিন এ,

-ভিটামিন বি যৌগ,

-ভিটামিন চি,

-ভিটামিন ই,

*এন্টিঅক্সিডেন্ট,

*ফাইট'নিউট্ৰিয়েন্ট,

*ফ্লেভনয়ডছ আদি পোৱা যায় বাবে আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।

স্বাস্থ্য ৰক্ষা আৰু সৌন্দৰ্য্য চর্চাত তিলৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ অলপ জানি লওঁ আহক।

*তিলত থকা প্ৰটিনে আমাক শক্তি প্ৰদান কৰে, শৰীৰ গঠনত সহায় কৰে আৰু মাংসপেশী মজবুত কৰে।

ইয়াত থকা-

-কেলচিয়াম,

-জিঙ্ক আদিৰ বাবে হাড়ৰ গঠন মজবুত কৰে,

-অষ্টিওপৰোচিছ সমস্যা নিৰাময় কৰাত সহায় কৰে।

*তিলত থকা মেগনেছিয়ামে ডায়েবেটিচ ৰোগ প্ৰতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তদুপৰি এই মেগনেছিয়ামে-

-উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে,

-বিভিন্ন হৃদৰোগ,

-এলেজেইমাৰ ৰোগ,

-যকৃত আৰু বৃক্কৰ ক্ষতি ৰোধ কৰাতো সহায় কৰে।

*তিলত থকা আঁহে কৌষ্ঠকাঠিন্য দূৰ কৰে। সেয়েহে অৰ্শ ৰোগীৰ বাবে তিল উপকাৰী।

*ষ্ট্ৰেছ, ডিপ্ৰেছন সমস্যাতো তিল উপকাৰী। তিল তেলত থকা ট্ৰাইঅ'চিন নামৰ এবিধ এমিন' এচিডে চেৰ'টনিন নামৰ হৰমনৰ নিঃসৰণ বৃদ্ধি কৰে। ইয়াৰ ফলত-

-ষ্ট্ৰেছ,

-ডিপ্ৰেছন আদি সমস্যা নিৰাময়ত ই সহায় কৰে।

*শ্বাসতন্ত্ৰৰ বিভিন্ন ৰোগত তিল উপকাৰী। তিলত থকা মেগনেছিয়ামে হিষ্টামিন নামৰ ৰাসায়নিক পদাৰ্থৰ উৎপাদন হ্ৰাস হোৱাত সহায় কৰে, হাওঁফাওঁৰ মাংসপেশী সবল কৰে। সেয়েহে এজমা ৰোগীৰ বাবে তিল উত্তম পথ্য।

*তিলত থকা মন'আনচেচুৰেটেড ফেটি এচিড, অলিক এচিড আদিয়ে শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম কৰাত সহায় কৰে যাৰ ফলত-

-হাৰ্ট এটেক,

-স্ট্রোক আদিৰ সম্ভাৱনা হ্ৰাস পায়।

ইয়াৰ উপৰিও তিলত থকা চেচামিন (sesamin) আৰু চেচামলিন(sesamolin) নামৰ যৌগইও কলেষ্টৰল সমস্যা কম কৰাত সহায় কৰে।

*বগা তিলত আইৰণৰ পৰিমাণ বেছি থাকে বাবে ই ৰক্তহীনতা দূৰ কৰাত সহায় কৰে। আনহাতে ক'লা তিলত কেলচিয়াম বেছি থকা বাবে ই-

-হাড়,

-ছাল,

-চুলিৰ গঠনত উপকাৰী।

*তিলে শৰীৰত হোৱা প্ৰদাহ ৰোধ কৰে, আৰথ্ৰাইটিছ সমস্যাত সুফল দিয়ে। ইয়াত থকা কপাৰে আৰথ্ৰাইটিছ সমস্যা কম কৰাত সহায় কৰে।

*তিলে দাঁত আৰু মুখগহ্বৰক সুৰক্ষা প্ৰদান কৰে আৰু দাঁতৰ বিভিন্ন সমস্যা নির্মূল কৰাটো সহায় কৰে।
*তিলে আমাৰ শৰীৰৰ হৰমনসমূহৰ ভাৰসাম্য ৰখাত সহায় কৰে। তিলে মহিলাসকলৰ ৰজোনিবৃত্তিৰ পিছত হোৱা সমস্যা কম কৰাত সহায় কৰে। গৰ্ভস্থ শিশুৰ বিকাশতো সহায় কৰে বাবে গৰ্ভৱতী মহিলাৰ বাবে তিল উপকাৰী।

*ভিটামিন এ থকা বাবে তিলে চকুৰ দৃষ্টিশক্তি অটুট ৰখাতো সহায় কৰে।

*মেগনেছিয়াম, ফাইটেট নামৰ কেনচাৰ প্ৰতিৰোধী যৌগ আৰু বিভিন্ন এন্টিঅক্সিডেন্ট থকা বাবে ই কেনচাৰ প্ৰতিষেধক হিচাপে কাম কৰে।

শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে তিলে কেনচাৰৰ ৰেডিয়েচন চিকিৎসাৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰাও ৰক্ষা কৰে।

*তিলত থকা ভিটামিন ই, অমেগা ফেটি এচিড আদিয়ে-

-চুলিৰ সৌন্দৰ্য্য বৰ্ধন কৰে,

-নতুন চুলি গজাত সহায় কৰে,

-চুলিক পৰিপুষ্টিৰ যোগান ধৰে,

-চুলিৰ গুৰিত তেজ চলাচল বৃদ্ধি কৰে আৰু চুলি সৰা,

-উফি,

-অকালপক্কতা আদি চুলিৰ বিভিন্ন সমস্যা নিৰ্মূল কৰে।

তিল তেল গৰম কৰি চুলিৰ গুৰিত ভালকৈ মালিচ কৰিব লাগে। শ্বেম্পু কৰাৰ দিনা বা আগদিনা তেনেকৈ মালিচ কৰি গৰম পানীত তিয়াই চেপি লোৱা টাৱেলেৰে মূৰটো ২০ মিনিট মান বান্ধি ৰাখিব লাগে।

তাৰ পিছত কোমল শ্বেম্পুৰে চুলি ধুব লাগে। সপ্তাহত দুদিনমান এনেকৈ কৰিলে চুলি সৰা সমস্যা ভালেখিনি কমি যায়।

তিল তেলৰ লগত অলিভ অইল, কেষ্টৰ অইল আদিও সম পৰিমাণে মিহলাই একেদৰে ব্যৱহাৰ কৰিব পাৰি। চুলিৰ সমস্যা থকা লোকে মাজে মাজে তিলৰ ব্যঞ্জন খালেও সুফল পাব।

*তিলৰ এন্টিঅক্সিডেন্ট গুণৰ বাবে ই অকালতে ছালত পৰা বয়সৰ চাপ কম কৰে, ছালৰ কমনীয়তা বৃদ্ধি কৰে আৰু ছাল উজ্জ্বল কৰে।

*ভাৰতত তিলৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। ইয়াৰ গুণাগুণ সম্বন্ধে সকলো জ্ঞাত আছিল।

সেয়েহে সেইসময়ত অন্য খাদ্যশস্যৰ লগতে তিলৰ খেতিও কৰা হৈছিল। প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰ যেনে চৰক সংহিতা আদিত তিলৰ গুণাগুণ আৰু বিভিন্ন ৰোগত ইয়াৰ প্ৰয়োগ সম্বন্ধে বিস্তৃত বৰ্ণনা আছে। তিলে প্ৰকুপিত বায়ুক প্ৰশমন কৰে।

সেয়েহে আয়ুৰ্বেদত বিভিন্ন বায়ুজনীত ৰোগত তিল তেলৰ ব্যৱহাৰ হয়। পৰম্পৰাগত থলুৱা চিকিৎসা পদ্ধতি আৰু সৌন্দৰ্য্য চর্চাতো তিল তেলৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়।

আয়ুৰ্বেদত অভ্যঙ্গ (বা শৰীৰত নিজে কৰা মালিচ), গাঁঠিৰ বিষ আৰু অন্যান্য বহু ৰোগত তিল তেলৰ মালিচ প্ৰয়োগ কৰা হয়। অ

তীজৰ বৈদ্যসকলৰ এই জ্ঞানকে আৰ্হি হিচাবে লৈ আজিৰ বৈদ্যসকলে শাস্ত্ৰীয় পদ্ধতিৰে চিকিৎসা সেৱা আগবঢ়াই আছে।

ঠিক তেনেদৰে আমাৰ থলুৱা খাদ্যসম্ভাৰত থকা তিলৰ ব্যঞ্জন থকাটো আমাৰ পূৰ্বজসকলৰে অৱদান। স্বাস্থ্যসন্মত এই ব্যঞ্জন সমূহেই আমাৰ সুস্বাস্থ্যৰ মূল চাবিকাঠি।

বি:দ্ৰ:-

লেখাটো এই মাহৰ জিএনআৰচি স্বাস্থ্য আলোচনীত প্ৰকাশ পাইছে। কিছুমান ব্যক্তিৰ শৰীৰত কেতিয়াবা তিলৰ পৰা এলাৰ্জি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। অত্যাধিক মাত্ৰাত বা নিয়মিতভাৱে তিলৰ সেৱন কৰা অনুচিত।

লেখিকা: ডাঃ ৰেইনী দেৱী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং- 7399114617