উপকাৰী খাদ্য - তিতাকেৰেলা, কোমোৰা, পটল, জিকা, কবি, শিলিখা, ভেদাইলতা, বেতৰ গাজ, বুট, মগুমাহ, বিলাহী, গাখীৰ, ক’লা কচু, নাচপতি, আঙুৰ, কমলা, আনাৰস, অমৰা আদি উপকাৰী। অপকাৰী খাদ্য - কেঁচা নিমখ, টেঙা ফল, জলা- মছলা, বিজলুৱা বস্তু, বাহী বস্তু, মুলা, আচাৰ, কুঁহিয়াৰ, তিল, উৰহী, পূৰৈ শাক, মাটিমাহ আদি খোৱা বেয়া। দৰব - আদা, নহৰু আৰু পচতীয়া পাতৰ ক্কাথ তিনি চামুচকৈ দিনে দুবাৰকৈ খালে বাত বিষ নোহোৱা হয়। এই ক্কাথেৰে মালিচ কৰিলেও ভাল ফল পোৱা যায়। তুলসী পাতৰ ৰস বা কোৱাভাতুৰীৰ পাতৰ ৰস গৰম কৰি বিষোৱা ঠাইত মালিচ কৰিলে বাত বিষ উপশম হয়। ঘণ্টাকৰ্ণৰ (জুনজুনিয়া) শিপা নাইবা বৰুণ গছৰ পাত মিহিকৈ পিচি এৱাঁ গাখীৰৰ লগত খালে সৰ্বপ্ৰকাৰৰ বাত বিষ গুচে। মদাৰৰ ফুল বা নহৰু বটি এৱাঁ গাখীৰৰ লগত খালে বাত বিষ ভাল হয়। চতিয়ান গছৰ ছালৰ ৰস দুই চামুচ এৱাঁ গাখীৰৰ লগত দিনে দুবাৰকৈ খালে ৰক্তবাত ভাল হয়। আঁহত গছৰ ছালৰ ৰস দুই চামুচ আহাৰৰ পিচত দিনে দুবাৰকৈ খালে ৰক্তবাত ভাল হয়। এৱাঁ গাখীৰত তিল তেল এক চামুচ মিহলাই দিনে দুবাৰকৈ খালে ৰক্তবাত নোহোৱা হয়। তেলীয়া ধূনাৰ শিপা, ভূঁই কোমোৰা আৰু গোক্ষুৰ সমানে লৈ ক্কাথ তৈয়াৰ কৰি তিনি চামুচকৈ দিনে দুবাৰকৈ খালে ৰক্তবাত নাশ হয়। আমৈলতাৰ ৰস তিনি চামুচ দিনে দুবাৰকৈ খালে ৰক্তবাত বা গাঁঠি বাত আৰোগ্য হয়। চজিনাৰ শিপাৰ ছালৰ ক্কাথ তিনি চামুচকৈ দিনে দুবাৰকৈ খালে গাঁঠি বাত দূৰ হয়। নেমু টেঙাৰ ৰস আৰু সৈন্ধৱ লোণ সমানে লৈ বেদনাস্থলীত মালিচ কৰিলে বাত বিষ ভাল হয়। মানিমুনিৰ পাত ভাজি খালে সকলো প্ৰকাৰৰ বাতবিষত উপশম পোৱা যায়। সোণাৰুৰ কুমলীয়া পাত ঘিউৰে ভাজি খালে ভাল উপকাৰ পোৱা যায়। চোৰাতৰ শিপা এটুকুৰা কঁকালত বান্ধি ৰাখিলে বাত বিষ উপশম হয়। দূবৰিবন আৰু কেঁচা হালধি মিহিকৈ বটি ৰুগ্ন স্থানত প্ৰলেপ দিলে বিষ উপশম হয়। ৰোগৰ কাৰণ - বেছিকৈ জলা, নিমখ, টেঙা , খাৰ, বিজলুৱা বস্তু, বেছি শীতল বস্তু, আধা সিজোৱা বস্তু, আভোকত খোৱা, টোপনি খতি, অতিমাত্ৰা চাইকেল চলোৱা আদি কাৰণত বায়ু আৰু তেজ দূষিত বৈ বাত ব্যাধি হয়। উৎস: দেওবৰীয়া সম্ভাৰ