গোলাপ এবিধ সকলোৰে পৰিচিত ফুল। ইয়াৰ সৌন্দৰ্যৰ বাবে ‘ফুলৰ ৰাণী’ আখ্যা দিয়া হয়। গোলাপৰ ঠাৰিবোৰ কাঁইটীয়া হোৱাৰ কাৰণে গৰু, ছাগলীয়ে সাধাৰণতে ইয়াৰ কাষ নাচাপে। বগা, ৰঙা, গুলপীয়া আদি বিভিন্ন ৰঙৰ গোলাপ ফুল দেখা যায়। গোলাপ ফুলে শৰীৰক শীতলতা দিয়াৰ লগতে শক্তি বৃদ্ধি হোৱাতো সহায় কৰে। গোলাপত থকা কিছুমান ঔষধি গুণ এনেধৰণৰ- গোলাপ ফুলৰ ৰস উলিয়াই মৌৰে খালে অৰুচি দূৰ হয়। সৰু ল’ৰা-ছোৱালীৰ পয়ালগা ৰোগত গোলাপ ফুলৰ পাপৰিৰ লগত চুজি মিহলাই হালোৱা বনাই খুৱালে পয়ালগা ৰোগ সোনকালে নিৰাময় হয়। মহিলাৰ বন্ধ্যাত্বত গোলাপ ফুলৰ পাপৰি ঘিউৰে মোহাৰি শুঙিলে উপকাৰ পোৱা যায়। গৰ্ভপাত হোৱা মহিলই চফগুটি ৫০-৬০ গ্ৰাম গুড়ি কৰি গোলাপ ফুলৰ শিপাৰ ৰস ১-২ চামুচ পানীৰ লগত মিহলাই কেইদিনমান খালে ভালে ফল পোৱা যায়। গোলাপ ফুলৰ পাপৰিৰ পৰা তৈয়াৰ কৰা গোলকন্দ্ৰই শৰীৰলৈ শীতলতা আনে আৰু পুষ্টিতো সহায় কৰে। গোলাপ ফুলে পাচনশক্তি বৃদ্ধিত সহায় কৰে। সেয়ে গুৰেৰে গোলাপৰ পাপৰি সিজাই খালে উপকাৰ পোৱা যায়। বাত, পিত্ত আদি ৰোগতো গোলাপৰ পাপৰি মৌৰে সিজাই খালে বিষ কমে। গোলাপৰ পাপৰি পানীত তিয়াই সেই পানীৰে মুখ মোহাৰিলে মুখত ছাল কোমল আৰু সজীৱ হয়। ওঁঠত লগালেও একে ফল পোৱা যায়। লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)