‘কচু খাবা আহুৰ ভাত খাবা শাহুৰ’। বিভিন্ন ৰোগ নিৰাময়ৰ মহৌষধ কচু আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জাতি-জনজাতি লোকৰ প্ৰিয় খাদ্য। পাহাৰ-ভৈয়ামৰ সকলো লোকে কচুৰ আঞ্জা বিভিন্ন ধৰণে খাই তৃপ্তি পায়। এই সহজলভ্য কচু বিভিন্ন প্ৰকাৰৰ পোৱা যায়। নীল কচু, সেন্দুৰী কচু, মানকচু, নলকচু, জেংকচু, পঞ্চমুখী বা নেপালী কচু, মেঘদৰ কচু, ক’লা কচু, দুধ কচু, জলেভাছা কচু, খৰিকৈলা কচু, লাহী কচু, দহি কচু, শ্যাম কচু, গাৰো কচু, আলু কচু, বিচানা কচু, ওল কচু, দুৰা কচু, গনচানা কচু, অনি কচু আৰু বনৰীয়া কচুৱে প্ৰধান। এই বিভিন্ন কচুবোৰ পাহাৰ-ভৈয়ামৰ বিভিন্ন লোকে বিভিন্ন ধৰণৰ ব্যঞ্জন কৰি খায়। কচুৰ কুমলীয়া থুৰি, কচুৰ পাত, কচুৰ ঠেং(মাটিত বগাই যোৱা দীঘল), কচুৰ পেটা, কচুৰ ডাল, কচুৰ কাণ্ড বিভিন্ন ধৰণে ব্যঞ্জন কৰি খাই বৰ জুতি পায়। বিভিন্ন স্বাস্থ্য মৌল পদাৰ্থ কাৰ্বোহাইড্ৰেট, ফছফৰাছ, কেৰাটিন আদি পোৱা যায়। এই কচুৱে আমাৰ দেহৰ বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে। সেয়েহে কোৱা হয় এইদৰে- আহিন-কাতিত খাব লাগে ক’লা কচুৰ পেটা তেতিয়া নহয় কোনো বেমাৰৰ লেঠা।। কচু আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-জনজাতিৰ অতি প্ৰিয় খাদ্য। কচুৰ কুমলীয়া থুৰিপাত, ইয়াৰ ডাল, কচুৰ দীঘল ঠেং, কচুৰ পেটা আদি বিভিন্ন ধৰণে ৰান্ধি খোৱা হয়। কচুৰ ফুল, কচুৰ কাণ্ড আদিও বিভিন্ন ব্যঞ্জন কৰি খায়। কচুৰ ফুলৰ আঞ্জা - বড়ো বা অন্যান্য জাতি-জনজাতিৰ মহিলাসকলে কচু ফুলৰ আঞ্জা খায়। কচুৰ ফুলবোৰ ধুই-কুটি লৈ নিমখ, কেঁচা জলকীয়া দি ভাজি লৈ তাত কলাখাৰ দি ৰান্ধি খায়। শুকান মাছৰ লগত থপথপীয়াকৈ ভাজি খাই বৰ জুতি পায়। ই কোষ্ঠকাঠিন্য দূৰ কৰে। পেটৰ ৰোগ নিৰাময় কৰে। হজম শক্তি বঢ়ায়। কচু থুৰি আৰু কঁঠালগুটি - এমুঠি নীল কচুৰ থুৰি মিহিকৈ কুটি তাত কঁঠালগুটি কাটি লৈ নিমখ আৰু বিলাহী কেঁচাজলকীয়া দি সিজাই মচুৰ দাইলৰ আঞ্জাৰ লগত খাই বৰ সোৱাদ পোৱা যায়। ইয়াত লৌহ পদাৰ্থ স্বাস্থ্য মৌল যথেষ্ট থাকে। প্ৰ’টিন আৰু ভিটামিন পোৱা যায়। ই খোৱাৰ ৰুচি বঢ়ায়। পেটৰ ৰোগ নিৰাময় কৰিব পাৰে। এনিমীয়া বা ৰক্তহীফনতা ৰোগৰ বাবে উপকাৰী। নলকচুৰ চাটনি - নলকচুৰ কাণ্ড ভালদৰে ধুই টুকুৰাটুকুৰ কৰি কাটি তাত নহৰু, কেঁচা জলকীয়া, আদা দি বটি খাই সোৱাদ লাগে। ই শৰীৰত তেজ বৃদ্ধি কৰে। খোৱাৰ ৰুচি বঢ়ায়। কোষ্ঠকাঠিন্য দূৰ কৰে। ৰক্তহীনতা ৰোগৰ মহৌষধি। কচু আৰু ঔটেঙাৰ আঞ্জা: মানকচু টুকুৰাটুকুৰকৈ কাটি লৈ ঔ টেঙা চকল চকলকৈ কাটি সিজাব লাগে। সিজাৰ পিছত সেইখিনি বগা সৰিয়হ ফুটাই জলকীয়া দি ভাজি থপথপীয়াকৈ ৰান্ধিব লাগে। খাবলৈ বৰ জুতি লগা হয়। ই কোষ্ঠকাঠিন্য দূৰ কৰে। ডায়েবেটিছ ৰোগৰ তেজৰ শৰ্ক্ৰ্তা নিয়ন্ত্ৰণ কৰে। হজম শক্তি বঢ়ায়। পেটৰ বিভিন্ন ৰোগ নিৰাময় কৰে। খোৱাৰ ৰুচি বঢ়ায়। কচুৰ ঔষধি গুণ - ক’লা কচুৰ থুৰি বা কচুৰ লটি জালুক জলকীয়াৰে ৰান্ধি খালে প্ৰসূতি নাৰীৰ স্তনত গাখীৰ বৃদ্ধি হয়। নাড়ী শুকায়। গৰ্ভাশৰ ৰোগ নিৰাময় হয়। কাণৰ বিভিন্ন ৰোগত ক’লাকচুৰ ঠাৰিৰ ৰস বৰ উপকাৰী। কচুৰ আঞ্জা পিত্তনাশক। ক’লা কচুত যথেষ্ট আইৰন থাকে। ই তেজ পৰিষ্কাৰ কৰে। টনচিল বা গলৰ ৰোগৰ বাবে কচু বৰ উপকাৰী। ওলকচু অৰ্শ ৰোগৰ মহৌষধ। মানকচুৰ আঞ্জা খালে বসন্ত ৰোগৰ দাগবোৰ নাইকিয়া হয়। কচুৱে মানুহৰ দূষিত ৰক্ত শোধন কৰে। ৰক্তহীনতা ৰোগৰ বাবে বৰ উপকাৰী। ই মানুহৰ তেজ পৰিষ্কাৰ কৰিব পাৰে। কচুৰ আঞ্জাই কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি কোৱা হয়। ক’লা কচুৰ ডাল-পাত নাৰীৰ বিভিন্ন ৰোগৰ বাবে উত্তম বুলি কয়। সপ্তাহত কচুৰ আঞ্জা খালে চুলিৰ অকালপক্কতা ৰোগ নিৰাময় হয়। গাৰ ছাল নিমজ আৰু সুন্দৰ হয়। মানকচুৰ আঞ্জা খালে মানুহৰ পেলু নাশ হয়। পঞ্চমুখী কচু মচুৰ দাইলৰ আঞ্জাৰ লগত খালে ই মানুহৰ কোষ্ঠকাঠিন্য দূৰ কৰে। শৌচ-প্ৰস্ৰাৱ নিয়মীয়া হয়। পেটৰ ৰোগ নিৰাময় হয়। কচুত থকা খাদ্য মৌল এনেধৰণৰ- ১০০ গ্ৰাম কচু শাকত প্ৰ’টিন ৬.৮ গ্ৰাম আঁহ ১.৮ গ্ৰাম কাৰ্বোহাইড্ৰেট ৮.১ গ্ৰাম কেল’ৰি ৭৭.২ গ্ৰাম কেলচিয়াম ৪.৬০ গ্ৰাম ফছফৰাছ ১২৫ গ্ৰাম লো ৩৮.৭ গ্ৰাম কেৰাটিন ১২.০০০ গ্ৰাম লেখক: ধনেশ্বৰ হুজুৰী(নিয়মীয়া বাৰ্তা)