শিলিখাৰ প্ৰধান কাম হ’ল- অনাৱশ্যক আৰু বৰ্জ্য দ্ৰব্যবোৰ শৰীৰৰ পৰা নিষ্কাশন কৰি শৰীৰটোক প্ৰাকৃতিক অৱস্থাত ৰাখি ইয়াৰ সমূহ তন্ত্ৰকে সক্ৰিয় ৰূপত ৰক্ষা কৰা। পেট, ৰক্ত্ব, মস্তিষ্ক, হৃদযন্ত্ৰ আদি যিবিলাক অংগত অনাৱশ্যক দ্ৰব্য সঞ্চিত হয়, শিলিখাই সেইবিলাক বাহিৰ উলিয়াই অংগবিলাক পৰিষ্কাৰ কৰি ৰাখে। শিলিখাৰ গুণটোৰ কাৰণেই ইউনানী আৰু আয়ুৰ্বেদ শাস্ত্ৰত শিলিখাক অতি উচ্চ আসনত ঠাই দিয়া হৈছে। এই কাৰণেই প্ৰাচীন কালত সন্তান এটি জন্ম হোৱাৰ পিছতে শিলিখা খহটা শিলত ঘঁহি তাৰ গুড়ি উলিয়াই নৱজাত শিশুৰ জিভাত দিয়াৰ প্ৰথা প্ৰচলিত আছিল- যাতে শিশুটিৰ শৰীৰত জমা হোৱা অনাৱশ্যক দ্ৰব্যবোৰ ওলাই গৈ শিশুটিক সুস্থকৈ ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। শিলিখাৰ গুড়ি চেলেকি খাবলৈ দিলে অমাশয় আৰু অন্ত্ৰত জমা হোৱা বৰ্জ্য পদাৰ্থবিলাক পাতল পায়খানাৰ ৰূপত ওলাই যায়। পিছলৈ পাতল পায়খানা নিজে নিজে বন্ধ হয় আৰু ৰোগীৰ জঠৰাগ্নি বৃদ্ধি পায়, অন্ত্ৰৰ পৰা অজীৰ্ণ দ্ৰব্য নিৰ্গত হোৱা অতিসাৰ বা পাতল পায়খানা পিছলৈ নিজে নিজেই বন্ধ হৈ পৰে। পৃথিৱীত মানুহৰ সকলো প্ৰকাৰৰ উপকাৰ সাধন কৰিব পৰা একমাত্ৰ তিনিবিধ ফলেই আছে। এই তিনিবিধ ফল নিয়মীয়াকৈ সেৱন কৰি থাকিলে মানৱ শৰীৰৰ কোনো প্ৰকাৰৰ অপকাৰ নহয়। এই তিনিবিধ ফল হৈছে- শিলিখা, ভোমোৰা বা ভয়ৰা গুটি আৰু আমলখি। সেয়ে প্ৰাচীন কালৰে পৰা ইউনানী আৰু আয়ুৰ্বেদ শাস্ত্ৰত বিভিন্ন ‘যোগ’ত অৰ্থাৎ মিশ্ৰিত ঔষধৰ লগত এই তিনিওবিধ ফলৰ মিশ্ৰণ- ‘ত্ৰিফলা’ ব্যাপকভাৱে প্ৰয়োগ কৰা হৈ আহিছে। উৎকৃষ্ট শিলিখা কেনেকৈ চিনি পাব? নতুন শিলিখাৰ ভিতৰত যিবিলাক শিলিখাৰ ওজন বেছি, পানীত দিলে ডুব যায়, পূৰঠ আৰু মঙহাল হয়- তেনে শিলিখাই সকলো কামৰ বাবে উৎকৃষ্ট বুলি কোৱা হয়। এনেধৰণৰ উৎকৃষ্টজাতৰ একোটা শিলিখাৰ ওজন প্ৰায় ৪০-৪৫ গ্ৰাম হয়। আজিৰ পৰা ২৫০০-৩০০০ বছৰ আগতে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ চিকিৎসক চৰকে তেওঁৰ ‘চকৰ সংহিতা’ত লিখি থৈ গৈছে যে- বৃদ্ধাৱস্থাকো যৌৱন কাললৈ ৰূপান্তৰ কৰিবৰ কাৰণে আৰু দীৰ্ঘায়ু লাভ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা শিলিখা আৰু আমলখি হিমালয় পৰ্বত আৰু তাৰ পাদদেশৰ পৰাহে সংগ্ৰহ কৰিব লাগে। হিমালয়ত উৎপন্ন হোৱা শিলিখা আৰু আমলখি সকলো প্ৰকাৰৰ ঔষধি গুণৰ দিশৰ পৰা সৰ্বোৎকৃষ্ট। শিলিখা যিমান পাৰি নতুন ঋতুত সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব লাগে। কোনে শিলিখা খাব নালাগে? দীঘলীয়া যাত্ৰাৰ পিছত ভাগৰি অহা লোকে শিলিখা খাব নালাগে। বেছি দুৰ্বল, ক্ষীণ, শুকান শৰীৰৰ, শাৰীৰিকভাৱে অতিশয় নিশকতীয়া লোকে শিলিখা খাব নালাগে। উপবাসৰ পিছত শৰীৰ দুৰ্বল হৈ থকা অৱস্থাত শিলিখা খাব নেলাগে। যাৰ শৰীৰত পিত্তৰ প্ৰকোপ বেছি বা পিত্তজনিত ৰোগত যিসকলে ভুগি আছে, তেনে ব্যক্তিয়েও শিলিখা খাব নেলাগে। গৰ্ভৱতী নাৰীয়েও শিলিখা খোৱা উচিত নহয়। কিবা দুৰ্ঘটনাবশতঃ আন কোনো কাৰণত শৰীৰৰ পৰা ৰক্তক্ষৰণ হৈ যোৱা লোকেও শিলিখা খোৱা নিষেধ। শিলিখাৰ মাত্ৰা আৰু প্ৰয়োগবিধি - আয়ুৰ্বেদত শিলিখা সেৱন আৰু ইয়াৰ বাহ্যিক প্ৰয়োগবিধি কেবা প্ৰকাৰৰো আছে। শিলিখাৰ চূৰ্ণ, ক্কাথ, বড়ি, আসৱ, অৱলেহ আদি বিভিন্ন ৰূপত শিলিখাৰে ঔষধ প্ৰস্তুত কৰা হয়। ইউনানী পদ্ধতিত শিলিখাক মোৰাব্বাৰ ৰূপতো ব্যৱহাৰ কৰা হয়। মাত্ৰা: এবাৰত শুকান শিলিখাৰ শাহ তিনিৰ পৰা ছয় গ্ৰাম মাত্ৰাত খাব লাগে। কিন্তু দুৰ্বল, শান্ত স্বভাৱৰ শিশু আৰু নাৰীক এই মাত্ৰা আৰু কমকৈহে দিব লাগে। ইয়াৰ ক্কাথ দহৰ পৰা বিছ মিঃলিঃ পৰ্যন্ত, আসৱ পোন্ধৰ মিঃলিঃৰ লগত সম পৰিমাণৰ পানী মিহলাই খুৱাব লাগে। শিলিখাৰ শাহ অংশহে ঔষধত প্ৰয়োগ হয়। শিলিখাৰ যোগ - আয়ুৰ্বেদৰ প্ৰাচীন সংস্কৃত গ্ৰন্থ ‘চৰক সংহিতা’ত শিলিখাৰ দহ প্ৰকাৰৰ যোগ আৰু এইবিলাকৰ প্ৰয়োগবিধি তথা উপকাৰ সম্পৰ্কে বৰ্ননা আছে। সেইবিলাক তলত দিয়া হ’ল- ৰক্তক্ষৰণ হৈ থকা অৰ্শৰ বাবে তিনিগ্ৰাম শিলিখাৰ গুড়ি পুৰণি গুড়ৰ লগত মূল আহাৰৰ আগতে খাব লাগে, এমাহ। অজীৰ্ণৰ ফলত হোৱা পাতল পায়খানাৰ বাবে আৰু পাচন তন্ত্ৰক শক্তি দিবৰ বাবে শিলিখাৰ চূৰ্ণ গৰম পানীৰ লগত পুৱা খালী পেটত খুৱাব। শুকান গোটা শিলিখা গাইগৰুৰ মূত্ৰত তিয়াই ৰাখিব। ফুলি উঠাৰ পিছত সামান্যভাৱে ছাঁত শুকুৱাই খাই থাকিলে কফদোষত হোৱা পাণ্ডুৰোগ নিৰাময় হয়। শিলিখাৰ গুড়ি মৌৰ লগত মিহলাই চেলেকি খাই থাকিলে বমি বা বমিৰ ভাব নাইকিয়া হয়। প্ৰাচীন কালত প্ৰসিদ্ধ ভাৰতীয় শল্য চিকিৎসক শুশ্ৰূতে লিখিছে- অৰ্শৰোগত গুহ্যদ্বাৰৰ মুখত হোৱা মাংসৰ টেমুনাবোৰ নাইকিয়া কৰিবলৈ গুড়ত ডুবাই শিলিখা খাই থাকিব লাগে। কফ দোষৰ বাবে হোৱা শ্লীপদ(গোধা) ৰোগত গোমূত্ৰত তিয়াই ৰখা শিলিখা বা শিলিখাৰ গুড়ি খুৱাই থাকিব লাগে। কুহুমীয়া গৰম পানীত শিলিখা চূৰ্ণ মিহলাই খুৱালে হিকতি অহা বন্ধ হয়। ঘিউত ভাজি লোৱা শিলিখা গুড়ি কৰি মিহি কাপোৰত বান্ধি চকুৰ ওপৰত ৰাখিলে যিকোনো প্ৰকাৰৰ চকুৰ ৰোগ ভাল হয়। গ্ৰীষ্মকালত শৰীৰৰ পৰা দুৰ্গন্ধযুক্ত ঘাম অধিক মাত্ৰাত ওলালে শিলিখাৰ চূৰ্ণ ছালৰ ওপৰত সানি ৰাখিলে ঘামৰ মাত্ৰা কমে। ভোক নেলাগিলে আৰু পাচন তন্ত্ৰ দুৰ্বল হ’লে শিলিখা আৰু শুকান আদা গুড়ৰ সৈতে খুৱাব লাগে। অস্থিসন্ধি অৰ্থাৎ হাড়ৰ জোৰা ফুলি উঠিলে, বিষ হ’লে, মোচোকা খালে শিলিখাৰ গুড়ি এৰা গুড়িৰ তেলৰ(কেষ্টৰ তেল) লগত মিহলাই খাই থাকক। এই ঔষধে শৰীৰৰ অস্থিসন্ধি নমনীয় কৰি তুলিব আৰু সন্ধিবিলাকৰ মাজত জমা হোৱা এচিডৰ সফটিক নাইকিয়া কৰি ৰোগ আৰোগ্য কৰে। লগতে দীৰ্ঘদিনীয়া কোষ্ঠবদ্ধতাও দূৰ কৰে। অৰ্শ ৰোগৰ কাৰণে পায়খানা কঠিন আৰু শুকান হৈ যোৱাৰ ফলত কোষ্ঠকাঠিন্য হয়। এনে অৱস্থাত শুকান শিলিখা গোমূত্ৰত তিয়াই ফুলাই লৈ গুড়ৰ সৈতে খাই থাকিব লাগে। ডিঙিৰ ভিতৰত খচখচনি হ’লে, টনচিল ফুলি গ’লে, আলজিভা ফুলি ওলমি গ’লে শিলিখা সিজাই ডাঠকৈ ৰস কৰি তাৰ লগত মৌ মিহলাই চামুচেৰে অকণ অকণকৈ খুৱাই থাকিব লাগে। ঔষধখিনি যাতে ডিঙিৰ ভিতৰতে শুকাই যায়, তেনেদৰে কম কমকৈ খুৱাব। শক্তি লাভ কৰিবৰ বাবে শিলিখা ঘিউত ভাজি পুৰণি গুড়ৰ লগত চেলেকি খাই থাকক। এনেদৰে খাই থাকিলে পাচনতন্ত্ৰ শক্তিশালী হয় আৰু ভালদৰে ভোক লাগে। শৰীৰত শক্তি বৃদ্ধি পায়। মদ, ভাং বা আন যিকোনো বিষাক্ত দ্ৰন্য সেৱনৰ ফলত অচেতন হৈ পৰা লোকক শিলিখাৰ ক্কাথৰ লগত গাখীৰ মিহলাই সঘনাই খুৱাই থাকক। মূৰ্চ্ছা যোৱা লোকৰ বাবেও এই যোগ উপকাৰী। যিকোনো কাৰণত শৰীৰ ফুলি গ’লে, গোমূত্ৰত দুদিনমান তিয়াই থোৱা শুকান শিলিখা খাই থাকিলে। মূৰ্চ্ছা যোৱা লোকৰ বাবেও এই যোগ উপকাৰী। চোকা অস্ত্ৰই কাটিলে বা অন্য কোনো আঘাত পাই ৰক্তক্ষৰণ হ’লে, খুব মিহিকৈ বটি কাপোৰেৰে চলি লোৱা শুকান শিলিখাৰ গুড়ি কটা ঘাত ছটিয়াই দিলে বা শিলিখা সিজাই লোৱা ডাঠ ৰসত কাপোৰ এডোখৰ তিয়াই সেই ঘাত বান্ধি ৰাখিলে ৰক্তক্ষৰণ বন্ধ হয়। শিলিখাৰ গুড়ি এচামুচ একাপ পানীত ভালদৰে গুলি লৈ তাত এচামুচ মৌ মিহলাই খুৱাই থাকিলে ডায়েৰিয়া ৰোগীৰ পায়খানা বন্ধ হয়। শিলিখা পানীৰ লগত শিলত বা খহটা পটাত ঘঁহি উলিওৱা গুড়িবোৰেৰে ফোঁহাৰ ওপৰত লেপ দি ৰাখিলে ফোঁহা সহজতে ফাটি যায়। শিলিখা পুৰি তাৰ ছাইবোৰ কাপোৰেৰে চালি লৈ ঘাৰ ওপৰত ছটিয়াই থ’লে ঘাবোৰ সোনকালে শুকায়। শিলিখাৰ গুড়ি চিলিম বা ছিগাৰেটৰ দৰে পকাই তাৰ ধোঁৱা হুপিলে শ্বাস ৰোগৰ(হাঁপানি) তীব্ৰতা কমে। শিলিখাৰ গুড়ি ডাঙৰ জাতৰ কিচমিচৰ লগত ভালদৰে মিহলাই বটলত মিহলাই বটলত ভৰাই থৈ দিয়ক। এই মিশ্ৰণৰ ৩(তিনি) গ্ৰাম জোখত দিনটোত তিনিৰ পৰা পাঁচ বাৰ পৰ্যন্ত খাই থাকিলে হৃদৰোগ, অমাশয়, ভোক নলগা, বদহজম, পেটত বায়ু জমা হোৱা, পেট বিষোৱা, পেট ফুলা, কাহ, কোষ্ঠকাঠিন্য আদি ৰোগ দূৰ হয়। শৰীৰৰ যিকোনো অংগৰ পৰা ৰক্তক্ষৰণ হ’লে, শিলিখা পানীত উতলাই তাৰ পানীত পৰিষ্কাৰ কাপোৰ তিয়াই অৰ্শ, ঘা, নাক, গৰ্ভাশয়, আদিত ডাঠকৈ পটি বান্ধি ৰাখিলে ৰক্তক্ষৰণ বন্ধ হয়। লগতে শিলিখাৰ গুড়ি পানীত গুলি সঘনাই খাবলৈ দিব। শৰীৰৰ পৰা দুৰ্গন্ধযুক্ত ঘাম ওলালে, সাধাৰণভাৱে পানী লাগিলে, ঘা সোনকালে নুশুকালে, ঘাৰ পৰা পূঁজ ওলাই থাকিলে ৰোগীক সঘনাই শিলিখাৰ গুড়ি খুৱাই থাকিব। পুৰুষৰ জননাংগ শিথিল হ’লে, বীৰ্যৰ উৎপাদন কম হ’লে, বীৰ্য পাতল হ’লে, সহবাসৰ ইচ্ছা কমি গ’লে নিয়মীয়াকৈ শিলিখা খাই থাকিলে উপকাৰ হ’ব। মহৰ্ষি চৰকে বৃদ্ধকালত পুনত যৌৱনপ্ৰাপ্তি(কায়কল্প) আৰু দীৰ্ঘায়ু লাভৰ বাবে শিলিখা নিয়মীয়াকৈ খাবলৈ পৰামৰ্শ দিছে। শিলিখাৰ গুড়ি মৌ, কিচমিচৰ লগত মিহলাই খাই থাকিলে অজীৰ্ণৰ পৰা হোৱা গ্ৰহণী, শাওঁ পৰা, জিভাত মলি জমা হোৱা আদি ৰোগ উপশম হোৱাৰ লগতে শৰীৰৰ পৰা বিষাক্ত দ্ৰব্যবোৰ ওলাই যায়। পুৰণি কোষ্ঠকাঠিন্য ৰোগত শিলিখা আৰু গোলাপ ফুলৰ শুকান পাহিৰ গুড়ি আধা চামুচ পৰিমাণত লৈ গৰম গাখীৰত গুলি খুৱাই থাকিব লাগে। দুদিনমান এই মিশ্ৰণ দিনে তিনিবাৰকৈ খাই থাকিলে দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্যও নিৰাময় হয়। চকুৰ পৰা একেৰাহে পানী ওলাই থকা, দৃষ্টিশক্তি কমি যোৱা, চকু খচখচাই থকা ৰোগত শিলিখা অতি উপকাৰী। দুটা শুকান শিলিখা ভালদৰে ধুই সামান্য থেতেলিয়াই পৰিষ্কাৰ পানী একাপত ৰাতি তিয়াই থওক। পিছদিনা পুৱা এই পানী চেকি লৈ তাৰ পানীৰে চকু ধোৱক আৰু এই পানীত তিয়াই লোৱা পৰিষ্কাৰ কাপোৰৰ পটি চকুৰ ওপৰত এঘন্টামান সময় ৰাখক। চকুৰ এনে ধৰণৰ ৰোগ ভাল হ’ব। শুকান শিলিখা পাঁচটা সামান্য থেতেলিয়াই গো-মূত্ৰ আৰু এৰাগুটিৰ তেলৰ(কেষ্টৰ অয়ল) লগত ভালদৰে উতলাই ঠাণ্ডা কৰি লওক। এই মিশ্ৰণ চেকি লৈ তাৰ এচামুচ একাপ পানী মিহলাই খুৱাই থাকিলে অণ্ডকোষ বৃদ্ধি হোৱা ৰোগ ভাল হয়। শিলিখা সৈন্ধৱ লৱণৰ সৈতে খাই থাকিলে অৰ্শৰোগ নিয়ন্ত্ৰণলৈ আহে। শিলিখা পানীত সিজাই সেই পানী খাই থাকিলে অৰ্শৰ পৰা হোৱা ৰক্তক্ষৰণ বন্ধ হয়। শুকান শিলিখা পানীৰ লগত শিলৰ পটাত ঘঁহি গুড়িবোৰ অৰ্শৰ ঘাত প্ৰলেপ দি থ’লে অৰ্শৰ পোৰণি, বিষ, খজুৱতি আদি নিৰাময় হয়। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন