ৰঙা জবা প্ৰায় সকলোৰে পৰিচিত ফুল। এইফুল গছ প্ৰায়মানুহৰ বাৰীত দেখা পোৱা যায়। ইয়াৰ বৈজ্ঞানিক নাম Hibiscus rose-chinensis Linn. ৰঙা জবা বহুবৰ্ষজীৱী গছ। ইয়াৰ পাত বহল আৰু ঘন সেউজীয়া বৰণৰ। ইয়াৰ ফুল ডাঙৰ আৰু ওলমি থকা। ইয়াৰ পুংকেশৰ আৰু গৰ্ভকেশৰ একেডাল দণ্ডতে থাকে। ৰঙা জবাৰ ইংৰাজী নাম ‘চাইনিজ ৰ’জ’(Chinese rose) ৰঙা জবাৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ- যক্ষ্মা ৰোগৰ বাবে জবা ফুলৰ গুড়ি উপকাৰী। দাঁত নাইবা মুখৰ আন ৰোগত জবা ফুল উতলাই সেই পানীৰে কুলিকুলি কৰিলে উপকাৰ পোৱা যায়। কফ আৰু বাত বিষৰ কাৰণেও জবা ফুল উপকাৰী। পানীৰে সৈতে জবা ফুল খালে অপৰিষ্কাৰ তেজ পৰিষ্কাৰ হয়। চুলি সৰিলে, পকিলে জবা ফুল, পাত বা জবা ফুলৰ কলি পিহি চুলিত লগালে চুলি সৰা বন্ধ হয়, চুলি ক’ল হয়। লেখিকা: ললিতা শৰ্মা লহকৰ