অসমৰ নলা-নৰ্দমা, পথৰুৱা এলেকা, খেতিপথাৰ আৰু বাগিছাসমূহত সহজতে পোৱা কেহেৰাজ হৈছে অায়ুৰ্বেদ অনুসৰি এবিধ বহুত মহত্বপূৰ্ণ বনৌষধি উদ্ভিদ । গাৱঁসমূহত ব্লেকবৰ্ড কলা কৰিবলৈ যিবিধ গছৰ পাত প্ৰয়োগ কৰা হয়, সেইবিধেই কেহেৰাজ । দেশৰ বিভিন্ন অংশত ইয়াক ভৃংগীৰাজ নামেৰেও জনা যায় । ইয়াৰ বৈজ্ঞানিক নাম হৈছে "Eclipta prostrata" । পুৰণি কালৰ পৰাই বিভিন্ন ৰোগৰ চিকিৎসাত ইয়াক ঔষধ হিচাপে প্ৰয়োগ কৰাৰ বিধান অাছে । জানো অাহক কেহেৰাজৰ কেইটামান ঔষধীয় প্ৰয়োগ সম্পৰ্কে……

(১) কেহেৰাজৰ সজীৱ পাতবোৰ পিহি প্ৰলেপ তৈয়াৰ কৰি তাত অলপমান দৈ মিহলাই ১৫ মিনিটৰ বাবে চুলিত লগালে চুলি সৰা সমস্যা নোহোৱা হয় । সজীৱ পাত যদি পোৱা নাযায়, তেন্তে ইয়াৰ পাতৰ পৰা বনোৱা পাউদাৰো প্ৰয়োগ কৰিব পাৰে ।

(২) ত্ৰিফলা, নীলগিৰি আৰু কেহেৰাজ তিনিওটা এক এক চামুচ মাত্ৰাত লৈ ৫০ মিলিলিটাৰ পানীত মিহলাই গোটেই ৰাতি এখন লোহৰ কেৰাহীত থৈ দিব লাগে । ৰাতিপুৱা চুলিত লগাই শুকাবলৈ কিছু সময় থৈ দিব লাগে আৰু ১৫-২০ মিনিটৰ পাছত পানীৰে ধুই দিব লাগে ।এনে কৰিলে চুলিৰ অকালপক্কতা ৰোধ কৰিব পাৰি ।

(৩) কেহেৰাজ পুলিটোৰ ৰস জণ্ডিছ ৰোগত খুবেই প্ৰভাৱশালী । সদায় আধাকাপ ইয়াৰ ৰস খালে এসপ্তাহৰ ভিতৰতে জণ্ডিছ ৰোগ নিৰাময় হয় । ইয়াৰ বাবে কেহেৰাজ পুলিবোৰ প্ৰায় ৫০ গ্ৰাম মাত্ৰাত লৈ পিহি উলিয়াই ১০০ মিলিলিটাৰ পানীত মিহলাই খাব লাগে ।

(৪) কেহেৰাজৰ পাতৰ ৰস মৌজোলৰ লগত মিহলাই শিশুৰ কাহ হলে খুৱাব লাগে । দিনে কমেও তিনিবাৰ প্ৰায় ১০ গ্ৰাম পাত পিহি ৰস উলিয়াই শিশুক খুৱাব লাগে ।

(৫) যদি কেহেৰাজৰ পাতৰ ৰস দাতৰ আলুত লগোৱা হয় আৰু ইয়াৰ কিছু মাত্ৰা মূৰত লগোৱা হয়, তেন্তে মূৰৰ বিষত আৰাম পোৱা যায় ।

(৬) কেহেৰাজৰ পাতৰ ৰস লগাই ছালৰ বহুপ্ৰকাৰৰ সংক্ৰমণ ৰোধ কৰিব পাৰি । ইয়াৰ পাতবোৰ পিহি শৰীৰৰ প্ৰভাৱিত অংশসমূহত লগালে আৰাম পোৱা যায় ।

লেখক : ৰিদিপৰঞ্জন চেতিয়া