সৰুতে ককাদেউতাই পুৱা আৰু ৰাতি শুবলৈ যোৱাৰ আগতে গৰম পানীত কিবা ঘুলি ঘুলি খোৱা প্ৰত্যক্ষ কৰিছিলোঁ। ককাদেউতাক কি খাইছে বুলি সুধিলে অমৃত খোৱা বুলি কৈছিল আৰু দুই চামুচমান মোকো খুৱাই দিছিল।

দুই চামুচৰ সোৱাদ ল’বলৈ ৰাতি ৮.৩০ বজালৈকে মই প্ৰায়ে ৰৈ আছিলোঁ। দুই চামুচ খোৱাতকৈ মই ককাদেউতায়ে কিনো খায় তাকেই জানিবলৈ খুব ইচ্ছুক আছিলোঁ।

এইদৰে বহুত দিন পাৰ কৰিছিলোঁ। লাহে লাহে মই যেতিয়া ডাঙৰ হৈ আহিলোঁ তেতিয়া মই ককাদেউতাৰ পৰা জানিব খুব মন কৰিলোঁ ককাদেউতাই কোৱা আৰু খোৱা অমৃতবিধ কি হয়। এদিন ককাদেউতায়ে ৰাতি যেতিয়া অমৃত ঘুলি আছিলে তেতিয়া মই সুধিলোঁ যে ককাদেউতায়ে সদায় খোৱা এই অমৃত আচলতে কি হয়। মোৰ জানিবলৈ ইচ্ছা হোৱাত ককাদেউতাই মোক বুজাই দিলে যে তেওঁ বহু বছৰৰ পৰা ব্যৱহাৰ কৰি অহা সেই অমৃত হৈছে ত্ৰিফলা আৰু তেওঁ বিশ্বাস কৰিছিল যে ত্ৰিফলা ব্যৱহাৰ কৰি মানুহ অমৰ হৈ থাকে আৰু তেওঁৰ জীৱনটোত ত্ৰিফলাই বিশেষ প্ৰভাৱ পেলাইছিল। ককাদেউতাই সুন্দৰভাৱে বুজাই দিলে ত্ৰিফলা আচলতে কি আৰু তেওঁ কিয় ব্যৱহাৰ কৰে। আয়ুৰ্বেদিক কলেজত যেতিয়া ত্ৰিফলাৰ বিষয়ে পঢ়িবলৈ পালোঁ তেতিয়া সেই সৰু দিনৰ কথাবোৰ মনত পৰি গ’ল। বহুত বছৰ আগৰ পৰা উপলব্ধ এই ত্ৰিফলা আগৰ দিনৰ লোকসকলে অমৃতৰ লগত তুলনা কৰিছিল। ত্ৰিফলা খোৱা লোক এজন বহুত বছৰ কোনো বেমাৰ নোহোৱাকৈ অতিক্ৰম কৰিছিল। মোৰ ককাদেউতাৰ লগতো সেয়েই হৈছিল। মৃত্যুৰ সময়লৈকে ককাদেউতা কোনো বিশেষ বেমাৰত ভুগিবলগা হোৱা নাছিল।

হয়তো তেওঁ নিয়মিত ত্ৰিফলা ব্যৱহাৰ কৰাৰ বাবে মৃত্যুৰ শেষ দিনলৈকে তেওঁ বহুত সুস্থ আৰু সবল হৈ আছিল।

আচলতে ত্ৰিফলা কি হয়?

ত্ৰিফলা আমলখি, শিলিখা আৰু ভোমোৰাৰ গুড়িৰে তৈয়াৰী এক মিশ্ৰণ। এই তিনিওবিধ ফলৰ মিশ্ৰণ সেৱন কৰি সকলোৱে দীৰ্ঘায়ু হৈ থাকিব পাৰে। নিতৌ ত্ৰিফলা ব্যৱহাৰ কৰি সকলোৱে বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে। আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে সকলো মানুহৰ ৰোগৰ মূল কাৰণ হৈছে তৃদোষ, অৰ্থাৎ বায়ু, পিত্ত আৰু কফ। নিয়ন্ত্ৰণ কৰে আৰু নিৰোগী আৰু সুস্থ কৰি ৰাখে। ত্ৰিফলা খালে এজন ব্যক্তিয়ে শৰীৰৰ প্ৰত্যেকটো অংগ বীজাণুৰ পৰা ৰক্ষা কৰি ৰাখিব পাৰে। যিহেতু ত্ৰিফলাত প্ৰচুৰ পৰিমাণৰ ভিটামিন এ আৰু ভিটামিন চি উপলব্ধ, গতিকে ই চুলি, ছালৰ বাবে বিশেষ উপযোগী।

ত্ৰিফলাৰ ঔষধি গুণাগুণ -

১)ত্ৰিফলা চৰবত হিচাপে সেৱন কৰিব পাৰে অৰ্থাৎ ত্ৰিফলাৰ গুড়ি ২ চাহ চামুচ আৰু ২ চাহ চামুচ এলোভেৰা ৰস আৰু ২ চাহ চামুচ বেলৰ গুড়ি এক গিলাচ কুহুমীয়া পানীত একেলগে মিহলাই চৰবত হিচাপে সেৱন কৰিলে-

*কোষ্ঠকাঠিন্য,

*চৰ্মৰোগ,

*অম্লপিত্ত,

*ডায়েৰীয়াৰ পৰা উপশম পায়।

২)আজিকালি যিহেতু এলোভেৰা কেপছুল উপলব্ধ, গতিকে ১/২ গিলাচ কুহুমীয়া পানীত ২ চাহ চামুচ ত্ৰিফলা গুড়ি মিহলাই লগত এটা এলোভেৰা কেপছুল নিতৌ দুবাৰকৈ সেৱন কৰিলে-

*চুলিৰ বিভিন্ন সমস্যা,

*পেটৰ সমস্যা,

* কোষ্ঠকাঠিন্যৰ পৰা উপশম পায়।

৩)১ গিলাচ কুহুমীয়া পানীত ৩ চাহ চামুচ ত্ৰিফলা গুড়ি মিহলাই তাৰ লগত এটা হালধি কেপছুল বা টেবলেট সেৱন কৰিলে-

*বিভিন্ন চৰ্মৰোগ,

*চুলিৰ সমস্যাৰ পৰা উপশম পায়।

৪)১ গিলাচ কুহুমীয়া পানীত ৩ চাহ চামুচ ত্ৰিফলা গুড়িৰ লগত এটা অশ্বগন্ধা টেবলেট বা কেপছুল নিতৌ দুবাৰকৈ খালী পেটত সেৱন কৰিলে-

*মেদবহুলতা,

*হৃদৰোগৰ পৰা উপশম পায়।

৫)ত্ৰিফলা গুড়ি এন্টিছেপ্টিক হিচাপে ব্যৱহাৰ কৰিব পাৰি।

*যিকোনো কটা-ছিঙাত,

*পুৰাত ত্ৰিফলা এন্টিছেপ্টিক লোচন হিচাপে ব্যৱহাৰ কৰিব পাৰে।

৬)ত্ৰিফলা গুড়ি ২ চামুচ, ১ চামুচ তিতা কেৰেলাৰ গুড়ি, ২ চামুচ জবা ফুলৰ শুকান গুড়ি আৰু ২ চামুচ মেথি গুড়ি একেলগে মিশ্ৰণ কৰি সপ্তাহত দুবাৰকৈ ইয়াৰ লেপন তালুত লগাই থৈ ১০ মিনিটৰ পিছত ভাল আয়ুৰ্বেদিক ছেম্পু দি ধুই দিলে উফিৰ পৰা উপশম পায়।

৭)ত্ৰিফলা গুড়ি ৪ চামুচ ৰাতি পানীত তিয়াই থ’ব। ৰাতিপুৱা সেইখিনি চেকি ল’ব আৰু সেই পানীখিনিৰে চুলি ধুলে চুলি মিহি হয় আৰু চুলিৰ উজ্জ্বলতা বৃদ্ধি পায়।

৮)ত্ৰিফলা ৩ চাহ চামুচ ১ গিলাচ কুহুমীয়া পানীৰ লগত নিতৌ দুবাৰকৈ সেৱন কৰিলে-

*কোষ্ঠকাঠিন্য,

*পেটৰ সমস্যাৰ পৰা উপশম পায়।

৯)ত্ৰিফলা এন্টিঅক্সিডেন্ট হিচাপে বিশেষভাৱে উপকাৰী। ত্ৰিফলা সেৱন কৰিলে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

১০)ত্ৰিফলা গুড়ি ৩ চাহ চামুচ, ২ চাহ চামুচ হালধি গুড়ি, ১ গিলাচ গৰম পানীত মিহলাই কুলকুলি নিতৌ ৩-৪ বাৰ কৰিলে-

*টনচিলাইটিছ,

*ফেৰেঞ্জাইটিছৰ পৰা উপশম পায়।

১১)ত্ৰিফলা গুড়ি, তুলসী পাতৰ ৰস একেলগে মিশ্ৰণ বনাই গালত ঘঁহিলে মুখত হোৱা শালমইনা, কলা দাগৰ পৰা উপশম পায়।উপৰিউক্ত বিধিসমূহ ১৩ বছৰ বয়সৰ পৰা অৱলম্বন কৰিব পাৰে।

যিহেতু কোনো মানুহ অমৰ হৈ নাথাকে, গতিকে দীৰ্ঘায়ু আৰু সুস্থ-সবল হৈ থাকিবলৈ হ’লে ত্ৰিফলা নিয়মিত ব্যৱহাৰ কৰক। কোনো বিশেষ বেমাৰত ভোগা ব্যক্তিয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ত্ৰিফলা ব্যৱহাৰ কৰিব লাগে।

লেখিকা: ডাঃ কৰবী হাজৰিকা চৌধুৰী(নিয়মীয়া বাৰ্তা)