ঔটেঙাৰ বিষয়ে বহু নজনা কথা - ইয়াত ভিটামিন বি,ভিটামিন চি, বিতা কেৰোটিন,ৰাইবফ্লেভিন, কাৰ্বহাইড্ৰেট, প্ৰটিন ,কেলচিয়াম, ফচফৰাছ ,ফাইবাৰ ইত্যাদি পোৱা যায়। ডায়েবেটিচ ৰোগত ঔটেঙা খালে সুফল পোৱা যায়। তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। সেয়েহে ডায়েবেটিচ ৰোগীয়ে মাজে মাজে ঔটেঙাৰ ব্যঞ্জন খোৱা উচিত। ঔটেঙা ৰদত শুকুৱাই গুৰি কৰি পাউদাৰ হিচাবে সংৰক্ষণ কৰিও থব পাৰি। ডায়েবেটিচ ৰোগীয়ে মাজে সময়ে এই পাউদাৰ খাব পাৰে । অফ চিজনত খাব পাৰি আৰু ৰোগীয়েও সুফল পাব । কোষ্ঠকাঠিন্যত ঔটেঙা খালে সুফল পোৱা যায়। মেদবহুলতাত ভোগা সকলে ঔটেঙা খালে সুফল পাব। টেঙাই এনেও চৰ্বি কাটে। গতিকে মেদবহুল লোকে ঔটেঙা খোৱা উচিত। কলেষ্টৰল বৃদ্ধি হলে ঔটেঙা খালে সুফল যায় । চুলিৰ গুৰিত উফিৰ সমস্যা হলে ঔটেঙাৰ ভিতৰৰ বিজলুৱা অংশৰে চুলি ধুব লাগে। ই চুলিৰ উজ্জ্বলতাও বৃদ্ধি কৰে। ঔটেঙা বিজলেৰে মূৰ ধোৱা পৰম্পৰা অতীত কালৰে পৰা চলি আহিছে। লেখিকা: ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক) ফোন নং 7399114617