আজি চিকিৎসালয়ত ৰোগী চাই থকাৰ পিছত যথেষ্ঠ ভাগৰ ভাগৰ অনুভৱ কৰিছিলো।পিছত বিশ্লেষণ কৰি গম পালো যে অত্যাধিক কথা কোৱাৰ ফলশ্ৰুতি এয়া।

মনলৈ আহিল মানুহ এজনে দিনটোত কিমান কথা কব লাগে। গৱেষণাৰ পৰা দেখা গৈছে যে এজন ব্যক্তিয়ে শৰীৰৰ সন্তুলন ৰক্ষাৰ বাবে প্ৰতিদিনে ১৬০০ শব্দতকৈ বেছি শব্দ কব নালাগে।

এজন চিকিৎসকে যদি গড় হিচাবে ৫০ জনকৈ ৰোগী চায় তেতিয়াহলে প্ৰতিজন ৰোগীক অসুবিধা সমুহ শুধাৰ ওপৰি ভালকৈ চাই চিটি উষধ লিখি কি কৰিব লাগিব কি কৰিব নালাগে ইত্যাদি বুজাই দিবলৈ কমচে- কম ৫০টা মান শব্দ কব লগা হয়।

সেয়েহে ৫০ জন ৰোগীৰ লগত কথা কওতে সৰ্বমুঠ ২৫০০ টা শব্দ কব লাগা হয় যিখিনি গোটেই দিনটোত কবলাগিয়া সৰ্বমুঠ শব্দতকৈ প্ৰায় ৯০০শব্দ বেছি। এইখিনি সমীক্ষা এজন চৰকাৰী চিকিৎসালয়ত চাকৰি কৰা চিকিৎসকক যদি ধৰা হয় তেন্তে ৰাতিপুৱা ৮ বজাৰ পৰা দুপৰীয়া ২বজালৈ অৰ্থাৎ সৰ্বমুঠ ৬ ঘণ্টাৰ ভিতৰত কব লগীয়া হয়।

দিনটোৰ অন্যান্য সময়ত নিজৰ পৰিয়ালৰ লগত পাতিবলগীয়া কথাখিনি সম্পূর্ণভাবে অতিৰিক্ত বোজাহে হৈ পৰে।ইয়াৰ ফলত প্ৰায়বোৰ চিকিৎসক অলপ খিংখিঙীয়া স্বভাৱৰ হোৱা দেখা যায় যাৰ ফলত সংসাৰিক আশান্তিও হোৱা দেখা যায়।

আমি কথা কিয় কওঁ?

পঞ্চ ইন্দ্ৰিয়ৰ(নাক, কান, চকু, জিভা, আৰু ছাল)দ্বাৰা গ্ৰাহ্য হোৱা বিষয় সমূহ আমাৰ মস্তিষ্কৰ ক্রিয়াশীল অংশলৈ(motor area)গতি কৰে। মস্তিষ্কৰ সন্মুখৰ অংশ(কপালৰ ভিতৰ অংশ)যাক frontal lobe বুলি কোৱা হয়, এই অংশত আমাৰ ভাৱনা, আবেগ, আদিৰ প্ৰাদূৰ্ভাৱ হয়। motor area আৰু frontal area ৰ সংমিশ্ৰণত কৰিবলগীয়া কৰ্মৰ বুৎপত্তি হয়।

এতিয়া ইয়াৰ যিখিনি কৰ্ম কথা কবলগীয়া সংক্ৰান্তত, সেইবোৰ কেতবোৰ অতি সূক্ষ্ম nerve ৰ জৰিয়তে মস্তিষ্কৰ মধ্য অংশৰ সোফালে অবস্থিত wernicks area লৈ প্ৰবাহিত হয়। wernicks area ই আমি কবলগীয়া কথাৰ ব্যাকৰণ সমূহ শুদ্ধ আকৃতিত সজাই লয়।

অৰ্থাৎ কব লগীয়া কথা খিনি কেনেকুৱা হব লাগিব, শব্দ অৰ্থ পূৰ্ণ হয় নে নহয়, বাক্যৰ গাঁথনি ইত্যাদি সুন্দৰ ভাবে সজায় তোলে। এতিয়া এই শব্দসমূহ অন্য কেতবোৰ সূক্ষ্ম nerve ৰ দ্বাৰা মধ্য মস্তিস্কৰেই আন এক অংশ brocas area লৈ গতি কৰে।brocas area ই শব্দ সৃষ্টিত আগভাগ লয় আৰু আন কেতবোৰ nerve ৰ সহায়ত মুখ গহ্বৰত থকা জিভা, গল, গাল, দাঁত, নাক আদিৰ সহায়ত শব্দৰ সৃষ্টি কৰে, যি আমি শুনা পাও।

ভাবি চাওকচোন সামান্য এটি কথা কবলৈ কিমানবোৰ প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়! সেয়েহে কথা কওঁতেও এই আটাইবোৰ অংশৰ ওপৰত কমবেছি পৰিমানে প্ৰভাৱ পৰে।

বেছিকৈ কথা কলে কি হব পাৰে?

১)কমৰ পৰা অত্যাধিক মূৰৰ বিষ হব পাৰে।

২)মস্তিস্ক কোষৰ অত্যাধিক প্ৰয়োগে স্মৃতি কোষ সমূহৰ শক্তি লোপ কৰিব পাৰে। আৰ্থাৎ স্মৃতি শক্তি কমি যোৱা, কথাবোৰ পাহৰি যোৱা,ইত্যাদি লক্ষণ দেখা দিব পাৰে।

৩)মানসিক চাপ বৃদ্ধি হব পাৰে।

৪)ব্যক্তিজন খিংখিঙীয়া স্বভাৱৰ হোৱা দেখা যায়।

৫)মনত ঋণাত্মক ভাৱধাৰাৰ সৃষ্টি হয়।

৬)প্ৰায় ব্যক্তিজন অন্যমনস্ক হোৱা দেখা যায়।

৭)নিদ্ৰাহীনতত ভোগে।

৮)সমাজ বা অন্য কোনো ব্যক্তিৰ সৈতে সম্পৰ্ক ৰাখিবলৈ টান পায়।

৯)অন্তিম অৱস্থাত মস্তিষ্কৰ বিকৃতি তথা মানসিক ৰোগত ভুগিব পাৰে।

অত্যাধিক কম কথা কলে কি হয়?

আমাৰ মস্তিষ্কত প্ৰায় ১০নিযুত নাৰ্ভ থাকে। প্ৰতিডাল নাৰ্ভৰ সুকীয়া সুকীয়া কৰ্ম আছে। জাগ্ৰত অৱস্থাত আমাৰ মস্তিষ্কই নিৰন্তৰ ভাবে কাম কৰি থাকে। মন কৰিব আমি যদি কথা নোকোৱাকৈ মনে মনে থাকো তথাপিও মনত বহুতো ভাবৰ উদয় হৈ থাকে, হয়তো আপুনি অতীত ৰোমন্থন কৰিব নতুবা ভৱিষ্যতৰ কথা ভাবিব ,বা অলীক কল্পনা কৰি থাকিব। মুঠৰ ওপৰত কিবা নহয় কিবা ভাৱনা আহি থাকিব। অৰ্থাৎ মস্তিষ্কৰ নাৰ্ভ সমূহ অতি ক্রিয়াশীল হৈ থাকে। সঠিক ভাৱনাৰ উদয় হলে ই সৃষ্টিশীল হয়।

ওপৰোক্ত কথাখিনি কোৱাৰ উদ্দেশ্য হল যে যদি আমি কথা কমকৈ কও তেতিয়াহলে যি সমূহ নাৰ্ভ শব্দ সৃষ্টিত ব্যৱহৃত হয়, এই নাৰ্ভ সমূহে অন্য কৰ্ম কৰাত সহায় কৰে।

উদাহৰণস্বৰূপে কব পাৰি যে বোবা ব্যক্তিসকলে কর্মসক্তি সুস্থ ব্যক্তি এজনৰ তুলনাত নিপুন হোৱা দেখা যায়। অত্যাধিক কম কথা কলে তলৰ লক্ষণ সমূহ হব পাৰে:

১)কৰ্ম স্পৃহা কমি আহিব পাৰে।

২)কন্ঠস্থ অবয়ব সমূহৰ কৰ্ম ক্ষমতা হ্ৰাস পাব পাৰে।

৩)নিঃসঙ্গতা অনুভৱ হব পাৰে।

৪)ডিপ্ৰেছন ৰোগত ভুগিব পাৰে।

৫)সামাজিক ভাৱে আতৰ হৈ পৰে।

৬)অত্যাধিক নিঃসংগতাই মানসিক ৰোগৰ সৃষ্টি কৰিব পাৰে।

তেন্তে আপুনি কি কৰিব?

গৱেষণাৰ ফলত দেখা গৈছে যে কথা কম আৰু অধিক শুনি যি কৰ্ম কৰা হয়, তাৰ ফল ভাল হয়। সাংখ্য দর্শন মতে:

"কম কথা কবা সুস্থ হৈ থাকিবা।অত্যাধিক কথাই অসুস্থতাৰ কাৰণ।বহুবল্কী ভাটৌক সজাত বন্দী কৰি ৰখা হয় আৰু অন্য চৰাই সমুহ মুক্তমনে উৰি ফুৰে"।

লেখক: ডাঃ অৰূপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ