আৰ্চেনিক কি? আৰ্চেনিক হৈছে এটা ধাতুকল্প। পৃথিৱীৰ খোলাটোত প্ৰাকৃতিকভাৱে আৰ্চেনিক পোৱা যায়হ। শিল আৰু মণিকৰ ক্ষয়ীভৱণ আৰু নিসফোলন প্ৰক্ৰিয়াৰ দ্বাৰা ই মাটি আৰু ভূ-গৰ্ভৰ পানীৰ সংস্পৰ্শলৈ আহে। এবিধ মাৰাত্মক বিহ আৰু কৰ্কটৰোগ সৃষ্টিকাৰী পদাৰ্থ হিচাপে আৰ্চেনিক পৰিগণিত হৈছে। হাইড্ৰ’জেন আৰু কাৰ্বনৰ লগত যোজিত হৈ জৈৱ যৌগ হিচাপে আৰ্চেনিক প্ৰকৃতিত থাকে। পানীত আৰ্চেনিকৰ কোনো গোন্ধ বা সোৱাদ নাথাকে। ৰাসায়নিক পৰীক্ষাৰ দ্বাৰা আৰ্চেনিকৰ উপস্থিতি আৰু পৰিমাণ নিৰ্ণয় কৰিব পাৰি। খোৱাপানীলৈ আৰ্চেনিক কেনেদৰে আহে - ভূ-গৰ্ভৰ পানীত আৰ্চেনিকৰ উপস্থিতিৰ প্ৰাকৃতিক কাৰণ হৈছে গেদীয় শিল আৰু ক্ষয়ীভূত আগ্নেয়শিলত থকা আৰ্চেনোপাইৰাইট নামৰ মণিক। জীৱাষ্ম ইন্ধন, খনি, খনিজাত আৱৰ্জনা হৈছে ভূ-গৰ্ভৰ পানীলৈ আৰ্চেনিক আহিব পৰা আন উৎস। তদুপৰি গ্লাছ ৰং, পেট্ৰ’লিয়াম, কীটনাশক/তৃণনাশক দ্ৰৱ্য, ৰাসায়নিক সাৰ, অজৈৱ ৰাসায়নিক উদ্যোগৰ আৱৰ্জনাত আৰ্চেনিক আৰু ইয়াৰ যৌগ পোৱা যায়। এইবোৰ ভূ-গৰ্ভৰ পানীত মিহলি হৈ পানী দূষিত কৰে। আৰ্চেনিকোছিছৰ লক্ষণসমূহ - প্ৰথম পৰ্যায়: বুকু আৰু পিঠিত ক’লা/বগা দাগ হৈ হাত আৰু ভৰিৰ তলুৱা খহটা আৰু ডাঠ হয়। লগতে তলুৱাত ক’লা ৰঙৰ সৰু গুটিৰ নিচিনা জোলা বান্ধে। দ্বিতীয় পৰ্যায়: উপৰোক্ত লক্ষণৰ লগতে অতিপাত কাহ, হাপানি, শাৰীৰিক দুৰ্বলতা আৰু ৰক্তাল্পতাই দেখা দিয়ে। তৃতীয় পৰ্যায়: উপৰোক্ত জটিলতাবোৰ বাঢ়ি শেষলৈ ছাল, বৃক্ক, হাওঁফাওঁ ইত্যাদিৰ কৰ্কট ৰোগ হয়। খোৱাপানীত আৰ্চেনিক থাকিলে কি কৰিব? আৰ্চেনিকযুক্ত পানী খাব নালাগে আৰু সেই পানীৰে ৰন্ধা-বঢ়াও কৰিব নালাগে। আৰ্চেনিকযুক্ত পানীৰ বিকল্প উৎস ব্যৱহাৰ কৰিব লাগে। ৰঙা ৰঙেৰে চিন(x) দিয়া আৰ্চেনিকৰ দ্বাৰা বিষাক্ত পানীৰ উৎস ব্যৱহাৰ কৰিব নালাগে। বীজাণুজনিত প্ৰদূষণৰ পৰা মুক্ত বৰষুণৰ পানী অথবা শোধিত ভূ-পৃষ্ঠৰ পৰা মুক্ত নিৰাপদ উৎসৰ পানী ব্যৱহাৰ কৰিব লাগে। খোৱাপানীত আৰ্চেনিকৰ অনুমোদিত মাপকাঠি - ভাৰতীয় মান্যক বুৰো-এ খোৱাপানীত আৰ্চেনিকৰ গ্ৰহণযোগ্য সৰ্বোচ্চ পৰিমাণ প্ৰতি লিটাৰত ০.০১ মি. গ্ৰাম স্থিৰ কৰিছে। অৱশ্যে বিকল্প উৎসৰ অৱৰ্তমানত আৰ্চেনিকৰ গ্ৰহণযোগ্য পৰিমাণ হৈছে ০.০৫ মি. গ্ৰাম/লিটাৰ। খোৱাপানীত আৰ্চেনিকৰ প্ৰভাৱ - দীৰ্ঘদিন ধৰি আৰ্চেনিকযুক্ত পানী(প্ৰ্তিলিটাৰত ০.০৫ মি. গ্ৰামতকৈ বেছি) সেৱন কৰিলে আৰ্চেনিকোছিছ হ’ব পাৰে। খোৱাপানীত আৰ্চেনিকৰ পৰিমাণ, আৰ্চেনিকযুক্ত পানী সেৱনৰ সময় আৰু জনসাধাৰণৰ পুষ্টিৰ ওপৰত নিৰ্ভৰ কৰি আৰ্চেনিককোছিছৰ লক্ষণসমূহ ছমাহ পাৰ আঠমাহৰ ভিতৰত দেখা দিব পাৰে। খোৱাপানী ক’ত পৰীক্ষা কৰিব পাৰি: গোটেই অসমতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী বিশ্লেষণ কৰা পৰীক্ষাগাৰ আছে। খোৱাৰ আগতে আপোনাৰ জিলাৰ পানী বিশ্লেষণ কৰা পৰীক্ষাগাৰত আপোনাৰ খোৱাপানী পৰীক্ষা কৰক। গুৰুত্বপূৰ্ণ তথ্য - ভূজলত আৰ্চেনিক প্ৰাকৃতিকভাৱে অধিক পৰিমাণে থাকে। অজৈৱ আৰ্চেনিক বেছি বিষাক্ত। দীৰ্ঘদিন ধৰি আৰ্চেনিকযুক্ত পানী সেৱন কৰিলে বিভিন্ন প্ৰকাৰৰ জোলাবন্ধা ধৰণৰ ৰোগ আৰু কৰ্কট ৰোগ হ’ব পাৰে। আৰ্চেনিক আক্ৰান্ত লোকৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কৰণীয় হৈছে বিকল্প উৎসৰ পৰা বিশুদ্ধ খোৱাপানী গ্ৰহণ কৰা। উৎস: ৰাইজৰ বাতৰি