সময় গতিশীল। প্ৰতিটো চেকেণ্ড, মিনিট, ঘণ্টাত ঘটি যোৱা আজিৰ সুখ-দুখৰ কনাবোৰ কাইলৈ স্মৃতি হৈ পৰে। অতীত সময় প্ৰবাহাৰ আন এটি নাম।প্ৰতিটো দিন, ৰাতি, ঋতুয়ে ঋতুয়ে কঢ়িয়াই আনে কেতবোৰ প্রাকৃতিক পৰিৱৰ্তন যাৰ প্ৰভাৱ দেহৰ কোষে কোষে পৰিবলৈ ধৰে। এয়াই সময়। সূৰ্য্যদয়ৰ পূৱা, দুপৰীয়া, আবেলি, নিশাই কাঢ়িয়াই আনে অনাবিল পৰিৱৰ্তন।

সময়ৰ ঘড়ী প্ৰকৃতিতেই সীমাবদ্ধ নহয়। শৰীৰৰ ভিতৰতো ঘূৰিব ধৰে জৈৱিক ঘড়ী, যাৰ প্ৰভাৱত আমি সুখ অনুভৱ কৰো দুখৰ সাগৰত ডুবু, হাহো, কান্দো, ভাগৰুৱা হওঁ আৰু ক্লান্ত হৈ প্ৰকৃতিৰ বুকুত শুই পৰো। জানেনে এই আটাইবোৰ প্ৰক্ৰিয়াৰ আঁৰত লুকাই আছে কেতবোৰ আন্তঃশ্ৰাবী গ্ৰন্থিৰ পৰা নিঃসৰীত শ্ৰাব সমূহ(hormone secretion)।

ৰাতিপুৱা শুই উঠি আমি প্ৰত্যেকেই সুস্থ অনুভৱ কৰো কিয় জানেনে? দুয়োটা বৃক্কৰ ওপৰত থকা adrinal গ্ৰন্থিৰ পৰা নিৰ্গত corticosteroid আৰু adrenalin হৰমনৰ নিঃসৰণৰ ফলত। এই হৰমন বিধে শৰীৰৰ প্ৰতিটো কোষক সতেজ কৰি ৰাখে। ৰাতিপুৱা ইয়াৰ নিঃসৰণ বেছিকৈ হয় আৰু দিনান্তত কমিগৈ নিশালৈ আৰু কমি যায় যাৰ ফল স্বৰূপে দিনটো পাৰ হোৱাৰ লগে লগে আমি ভাগৰুৱা অনুভৱ কৰো। আহাৰ নিদ্ৰা, ব্ৰহ্মচৰ্য্য জীৱনৰ অপৰিহাৰ্য্য অংগ।

আহাৰত থকা carbohydrate ৰ ভাঙোন হৈ glycogen ৰূপে কোষবোৰক শক্তি প্ৰদান কৰে। এই গোটেই প্ৰক্ৰিয়াটো পেটত থকা pancreas নামৰ গ্ৰন্থিটোৰ পৰা নিৰ্গত insulin ৰ বাবে সম্ভৱ হয়।

আপুনি জানেনে এই insulin প্ৰতি দহ মিনিটৰ মূৰে মূৰে নিঃসৰীত হৈ থাকে। খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ পৰিমাণ কম বেছি হব পাৰে। নিশা ইনচুলিনৰ নিঃসৰণ কম হয় বাবেই আমি গোটেই ৰাতিটো প্ৰায় আঠ দহ ঘন্টা মান একো নোখোৱাকৈয়ে থাকিব পাৰো।

শৰীৰৰ ক্লান্তি দূৰ কৰাৰ মাধ্যম হৈছে নিদ্ৰা। মানুহ অনুসৰি নিদ্ৰাৰ সময় ভিন্ন ভিন্ন। মহাত্মা গান্ধীয়ে মাত্ৰ ৫ ঘণ্টা সময় শুইছিল যাৰ বিপৰীতে পৌৰাণিক আখ্যান মতে কুম্ভকৰ্ণই ছয় মাহলৈ শুই কটাইছিল। এয়া তাৰতম্য কিয় জানেনে?

মস্তিষ্কৰ ভিতৰত থকা পিনীয়েল নামৰ গ্ৰন্থিটোৰ পৰা melatonin নামৰ এবিধ হৰমনৰ নিঃসৰণ হয়।melatonin বেছিকৈ নিঃসৰীত হলে নিদ্ৰাধিক্য আৰু কম হলে নিদ্ৰানাশ হয়।নিশা ইয়াৰ নিঃসৰণ বেছিকৈ হয় বাবে আমি শুব লগা হয়।

ব্ৰহ্মচৰ্য্যৰ অৰ্থ যৌন সুখৰ পৰা আঁতৰত থকা নুবুজায়। প্ৰেয়সীৰ সংস্পৰ্শই পুৰুষ সকলৰ testosteron নামৰ এবিধ হৰমন নিঃসৰীত হয় আৰু মহিলাসকলৰ oestrogen হৰমনৰ সৃষ্টি হয় বাবেই যৌন উত্তেজনাত ভোগা দেখা যায়। মহিলাসকলৰ oestrogen আৰু progesteron নামৰ হৰমনৰ বাবেই প্ৰতি ২৮ দিনৰ মূৰে মূৰে মাহেকীয়া ঋতুস্ৰাৱ হয়। এয়া এক নিত্য নৈমত্ত্বিক ঘটনা।
বাল্যকালত growth হৰমনৰ বাবেই শৰীৰৰ বৃদ্ধি হবলৈ ধৰে আৰু প্ৰৌড়ৱস্থাত ইয়াৰ প্ৰভাৱ কম হয়।

এই আটাইবোৰ প্ৰক্ৰিয়া স্বতঃস্ফূৰ্ত ভাবেই চলি থাকে যেনেদৰে ঘড়ীটোৱে অবিৰাম গতিত ঘূৰি থাকে।শৰীৰত ঘটিত এই ক্ৰিয়া সমূহক জৈৱিক ঘড়ী বুলি কোৱা হয়।

আয়ুৰ্বেদৰ মতে বাল্য কালত কফৰ প্ৰভাৱ যাৰ বাবে শিশু সকলৰ শৰীৰৰ বিকাশ, যৌৱন কালত পিত্তৰ প্ৰভাৱ যাৰ বাবে শৰীৰৰ পোষণ, অপচয় সঠিক ৰূপত হয়, আৰু বৰ্দ্ধক্য কালত বায়ুৰ প্ৰভাৱ যাৰ ফলত শৰীৰৰ অবয়ববোৰ ক্ষয় হবলৈ ধৰে, দাঁত সৰি যায়,স্মৃতিশক্তি কমি যায় আৰু কৰ্ম ক্ষমতা কমি আহে।

এনেবোৰ পৰিবৰ্ত্তন স্বতঃস্ফূৰ্ত আৰু এয়া ৰোধ কৰিব পৰা নাযায়। দিনটোৰ আৰম্ভত কফৰ প্ৰভাৱৰ বাবে শৰীৰটো বলবান, দুপৰীয়া পিত্তৰ প্ৰভাৱৰ কাৰণে অত্যাধিক ভোক লাগে আৰু আবেলি বায়ুৰ প্ৰভাৱৰ বাবে আমি ভাগৰুৱা অনুভৱ কৰো।

ঠিক তেনেদৰে ভোজনৰ আদিত বায়ুৰ প্ৰভাৱৰ বাবে পাচন ৰসৰ পাৰ্য্যপ্ত নিঃসৰণ হয়, ভোজন কালত পিত্তৰ অধিক্যৰ বাবে খাদ্য গ্ৰহণ কৰাৰ স্পৃহা বাঢ়ে আৰু হজম হয় আৰু ভোজনৰ অন্তত কফৰ বাবে আমি শৰীৰ ভাৰী অনুভৱ কৰো আনকি টোপনি টোপনি অনুভৱ কৰো।

ঋতু আহে ঋতু যায়। শৰীৰটোযে এটা ঋতু ত্যাগ কৰি আন এটা ঋতু আকোৱালি লবলৈ হলে দেহৰ আভ্যন্তৰীণ বাতাবৰণৰ পৰিবৰ্ত্তন কৰিব লগাত পৰে। আমাৰ শৰীৰটোয়ে এনেদৰেই পৰিৱৰ্তন আকোৱালি লয়। এয়াই হৈছে জৈৱিক ঘড়ী।

সময়ৰ চলন্ত ময়ী এই ঘড়ীত আপুনি মই আটায়ে বন্দী। শৰীৰৰ জৈৱিক ঘড়ী অবিৰত গতিত ঘূৰি আছে। কেতবোৰ সাৱধানতাই আপোনাৰ জৈৱিক ঘড়িত শক্তি প্ৰদান কৰিব পাৰে যাৰ ফলস্বৰূপে আমি সুস্থ জীৱন কটাব পাৰো।

লেখক: অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ