আমি প্ৰত্যোকেই তেজৰ গ্ৰুপৰ বিষয়ে কিছু কথা জনাতো অতি জৰুৰী। আজি এই লেখাটোৰ জৰীয়তে তেজৰ গ্ৰুপৰ অনুসাংগ্ৰিক কিছুকথা অৱগত কৰিম। যিবোৰ কথা জনাৰ পাছত আপোনি হয়তো কাৰোবাৰ বহুমূলীয়া জীৱন বচাবৰ বাবে সক্ষম হব।

প্ৰথমে আহো কোন গ্ৰুপৰ তেজ কিমান শতাংশ পোৱা যায়?

*প্ৰতি ৩ জন ব্যক্তিৰ মাজত এজনত পোৱা যায় 0+

*অৰ্থাৎ ৩৭.৪ শতাংশ। (আটাইতকৈ সহজ লভ্য এই 0+ গ্ৰুপ)।

*প্ৰতি ৩ জন ব্যক্তিৰ মাজত এজনত পোৱা যায় A+ গড়ে ৩৫.৭ শতাংশ।

*প্ৰতি ১২ জন ব্যক্তিৰ মাজৰ এজনত পোৱা যায় B+ গড়ে ৮.৫ শতাংশ৷

*প্ৰতি ২৯ জনৰ মাজত এজনত পোৱা যায় AB+ গড়ে ৩.৪ শতাংশ।

*প্ৰতি ১৫ জনৰ মাজত এজনত পোৱা যায় O- গড়ে ৬.৬ শতাংশ ।

*প্ৰতি ১৬ জনৰ মাজত এজনত পোৱা যায় A- গড়ে ৬.৩ শতাংশ।

*প্ৰতি ৬৭ জনৰ মাজত এজনত পোৱা যায় B- গড়ে ১.৫ শতাংশ।

*প্ৰতি ১৬৭ জনৰ মাজত এজনত পোৱা যায় AB- গড়ে .৬ শতাংশ (অতি নগন্য অনুপাত)।

এতিয়া জানো আহক কোন গ্ৰুপৰ মানুহে কোন গ্ৰুপৰ মানুহক তেজ দিব পাৰে:

*O-(ও নেগেটিভ)ৰ মানুহে O- পৰা তেজ লব পাৰে।

*O+(ও পজিটিভ)ৰ মানুহে এ O+, O- পৰা তেজ লব পাৰে।

*A-(এ নেগেটিভ) ৰ মানুহে A- আৰু O- পৰা তেজ লব পাৰে৷

*A+(এ পজিটিভ)ৰ মানুহে A+, A-, O+, আৰু O- ৰ মানুহৰ পৰা তেজ লব পাৰে৷

*B- (বি নেগেটিভ)ৰ মানুহে B- আৰু O- পৰা তেজ লব পাৰে৷

*B+ (বি পজিটিভ)ৰ মানুহে B+, B-, O+, আৰু O- পৰা তেজ লব পাৰে৷

*AB-(এ বি নেগেটিভ)ৰ মানুহে AB-, B-, A-, O- পৰা তেজ লব পাৰে৷

AB+(এ বি পজিটিভ)ৰ মানুহে AB+, AB-, B+, B-, A+, A-, O+, O- পৰা তেজ লব পাৰে৷ অথাৎ আটাইকেইটা গ্ৰুপৰ পৰাই লব পাৰে।

আপোনালোকে সহজ ভাবে এটা কথা মনত ৰাখিলেই হ’ল -

O গ্ৰুপটো UNIVERSAL DONOR অথাৎ O ব্লাড গ্ৰুপৰ মানুহে সকলো ব্লাড গ্ৰুপৰ মানুহকে তেজ দিব পাৰিব।

AB ব্লাড গ্ৰুপটো universal recipient অথাৎ AB ব্লাড গ্ৰুপৰ মানুবে সকলো ব্লাড গ্ৰুপৰ মানুবৰ পৰাই তেজ লব পাৰিব।

*A ব্লাড গ্ৰুপৰ মানুহে A আৰু AB ব্লাড গ্ৰুপৰ মানুহক দিব পাৰিব।

*B ব্লাড গ্ৰুপৰ মানুহে B আৰু AB ব্লাড গ্ৰুপৰ মানুহক তেজ দিব পাৰিব।

লেখক: ডাঃ হৰিকান্ত দাস

ফোন নং: 9954340102