বহুতে হয়তো মোক বেয়া পাব, সেয়েহে প্ৰথমতে ক্ষমা ভিক্ষা কৰি আজি ধূমপানৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ -
আমাৰ সমাজৰ বাবে এক ভয়াবহ অভিশাপ হ’ল ধূমপান। নিতৌ ন ন প্ৰজন্মই এই দৈত্যৰ আলিংগনত সোমাই গৈ আছে । বৰ্তমান ধূমপানৰ অপকাৰিতাৰ বিষয়ে মানুহে জানে যদিও ধূমপান কমি যোৱা নাই।

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক , এই কথা আজি মাত্ৰ চিকিৎসা বিজ্ঞানী অথবা স্বাস্থ্য বিশেষজ্ঞৰ সাৱধানবাণী নহয়, এই কথা সর্বজনবিদিত। ধূমপান বিষপানতকৈও মাৰাত্মক । কাৰণ বিষপানৰ ফলত লগে লগে মৃত্যু ঘটে কিন্তু ধূমপানৰ ফলত মানুহ তিল তিলকৈ মৰে। ইয়াৰ ফলত সামাজিক আৰু মানসিক বিপর্যয় ঘটে। ব্যক্তি সমাজ নিশ্চিত অকল্যাণৰ দিশলৈ ধাৱমান হয়। ধূমপানকাৰীয়ে নিজেও স্বীকাৰ কৰে যে স্বাস্থ্য ৰক্ষা, শৰীৰ গঠন আৰু নানা প্রকাৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত অপকাৰৰ বাহিৰে কোনো উপকাৰ নকৰে ।

ধূমপান অন্যান্য নিচাৰ নিচিনাই এক ধৰনৰ নিচা। ই সমগ্ৰ পৃথিবীত সর্বাধিক প্রচলিত এটি মাৰাত্মক নিচা। মানুহে যিকোনো নিচাতেই এবাৰ অভ্যস্ত হৈ পৰিলে তাক সহজে ত্যাগ কৰিব নোৱাৰা হয় । সেয়েহে ধূমপানকাৰীয়ে মাদকাসক্ত সকলৰ নিচিনা ক্রমাগত ধূমপান কৰি যায়। যিয়ে ধূমপান কৰে তেওঁ যদি দৰিদ্ৰতাৰ কাৰণে দুমুঠি অন্ন জোগাৰ কৰিব নোৱাৰিলেও এটি বিড়ি বা এটুকুৰা চিগাৰেটৰ বাবে পাগল হৈ যায়। এবেলা ভাত নোখোৱাকৈ থাকিব পাৰিব কিন্তু ধূমপান নকৰাকৈ থাকিব নোৱাৰে । আমি দেখা পাওঁ ভিক্ষাৰী কিছুমান, অন্যৰ খোৱা চিগাৰেট বিড়িৰ শেষাংশ সংগ্রহ কৰি তাতে পুনৰ অগ্নি সংযোগ কৰি তৃপ্তিৰ টান দিয়ে। এই নিচাই ব্যক্তি আৰু সমাজ জীবনত অশুভ ফল লৈ আহে । কম বয়সীয়া ল'ৰা-ছোৱালী প্ৰধানতঃ কৌতুহলৰ বশবর্তী হৈয়েই প্ৰথম অৱস্থাত ধূমপান কৰে। আৰু প্রাপ্তবয়স্কসকলে স্মাটনেচ, আভিজাত্য আৰু সামাজিকতা বজাই ৰাখিবলৈ অথবা অন্যক দেখাদেখি এই মৰণ ব্যাধি অভ্যাস গঢ়ি তোলে । ধূমপান ব্যক্তি, সমাজ আৰু জাতিৰ বাবে এক জীবন্ত অভিশাপ।

মানুহে খাদ্য গ্রহণ কৰে পুষ্টিৰ বাবে, দেহৰ বৃদ্ধি কৰাৰ বাবে। কিন্তু ধূমপান এনে এক অভিশপ্ত অভ্যাস যি জীবনৰ ধ্বংসৰ বাহিৰে আৰু একো দিব নোৱাৰে। ই দেহ গঠনৰ পৰিবৰ্তে দেহৰ ক্ষতিসাধণ কৰে । ধূমপান জনিত এই বদঅভ্যাস বহুসময়ত আকৌ মৃত্যুৰ কাৰণ হৈ পৰে। গতিকে ধূমপানৰ নিচিনা মাৰাত্মক বদঅভ্যাস অচিৰেই আমাৰ সমাজৰ পৰা দূৰ কৰা আমি সকলোৰে কৰ্তব্য ।

আমি সকলোৱে জানো সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দিশ আছে। কিন্তু আমি কোনোদিনেই ধূমপানৰ কোনো ইতিবাচক দিশ বিচাৰি নাপাওঁ । কোনোবাই পাইছে যদি নাজানো ।

তদুপৰি আমি আচলতে ধূমপানক আকৌ ধূমপানো কব নোৱাৰো। কাৰণ আমি জানো পনীয়া বস্তু পান কৰা হয় আৰু গোটাবস্তু খোৱা হয়। কিন্তু আমি যে ধূমপান বুলি কও তাক আমি খোৱা বুলিও কব নোৱাৰো আৰু পান কৰা বুলিও কব নোৱাৰো। কাৰণ ধোঁৱা খোৱাও নহয় আৰু পান কৰাও নহয়। মাত্ৰ টানি ধোঁৱা মুখৰ ভিতৰলৈ নি তাৰপাছত শূন্যলৈ উৰুৱাই দিয়া । ইয়াৰ ভাষাগত ৰূপ কি হব পাৰে আমি কোনো ব্যাকৰণত বিচাৰি পোৱা নাই।

এতিয়া কথা হ'ল যিয়ে নিয়মিত ধূমপান কৰে তেওলোকে হয়তো নিম্নলিখিত কেইটামান পইণ্টকেই ধূমপানৰ ইতিবাচক দিশ বুলি ভাবিব পাৰে।

১। ধূমপানৰ ফলত শৰীৰ শিথিল আৰু মনোৰম হয়।
২। নিজেকে চিন্তা মুক্ত ৰাখিব পাৰে ।
৩। একঘেয়ামী সময় কটাবলৈ ধূমপানে সাহায্য কৰে ।
৪। চিগাৰেট হাতত থাকিলে নিজকে স্মার্ট অনুভৱ হয়।

যিয়ে উপৰোক্ত ৪টা পইন্টক ইতিবাচক ভাবি থাকে তেওঁৰ ভুল হব। মউ ভাবো ধূমপানৰ কোনো ইতিবাচক দিশ নাই । ধূমপানে ক্ষতিৰ বাহিৰে আৰু একো আমাক উপহাৰ দিব নোৱাৰে ।

বিড়ি চিগাৰেটত থাকে

নিক’টিন

কাৰ্বন-মন’ক্সাইড

টাৰ (আলকাতৰা সদৃশ দ্ৰব্য)

হিট অৰ্থাৎ তাপ

অন্যান্য বিষাক্ত পদাৰ্থ

আমি ধূমপানৰ ক্ষতিক তিনি ভাগে ভাগ কৰিব পাৰো।

১। শাৰীৰিক ।
২। আর্থিক।
৩। পাৰিপাৰ্শ্বিক ।

* শাৰিৰীক

১। প্রথম ধূমপানৰ ফলত যৌন ক্ষমতা কমি যায়। ফলত দাম্পত্য জীবনলৈ অশান্তি নামি আহে।
২। ধূমপায়ীৰ মুখত র্দুগন্ধ ওলাই । বহু অধূমপায়ী স্ত্রী স্বামীৰ এই অসহনীয় দুর্গন্ধ সহ্য কৰিব নোৱাৰে । ফলত স্বামী স্ত্ৰীৰ মাজত কাজিয়া সৃষ্টি হয় ।
৩। ধূমপায়ীৰ ওঠৰ বৰণ কলা হৈ যায়।
৪। ধূমপানৰ ফলত মৰণ ব্যাধি কেন্সাৰ হয়, যিয়ে মানুহক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।
৫। আয়ুস কমি যায়।
৬। আলচাৰ হয়।
৭। গ্যাস্ট্রাইটিছ হয়।
৮। হাওঁফাওঁৰ কেন্সাৰ হয়। বিজ্ঞানীসকলে গবেষণা কৰি পাইছে যে, ধূমপানৰ ফলত ধোঁৱাৰ লগত নিকোটিন নামক বিষাক্ত পদার্থবিধে মানুহৰ শ্বাসনলীয়েদি প্রথমতে হাওঁফাওঁৰ ভিতৰত প্রবেশ কৰে, তাৰপিছত তেজৰ লগত মিহলি হৈ সৰ্বদেহত বিয়পি পৰে আৰু কিছু অংশ পুনৰাই বাহিৰলৈ উলিয়াই দিয়া ধোঁৱাৰ লগত বাহিৰলৈ ওলাই আহে । ইয়াৰ ফলত নিয়মিত যিয়ে ধূমপান কৰে তেওঁলোকৰ হাওঁফাওঁৰ ভিতৰত খুব লাহে লাহে মৌচাকৰ নিচিনা নিকোটিন জমা হৈ থাকে। এই বিষ এটা সময়ত হাওঁফাওঁক পঙ্গু কৰি দিয়ে। এই নিকোটিন অত্যন্ত ক্ষতিকাৰক । যদি কোনো সুস্থ মানুহৰ দেহত বিশটা চিগাৰেটৰ নিকোটিন একেলগে ইনজেকচনৰ দ্বাৰা প্রবেশ কৰাই দিয়া হয় , তেতিয়া তেওঁৰ মৃত্যু অনিবার্য।

ইয়াৰোপৰি
৯। স্তন কেন্সাৰ হয়।
১০। যক্ষ্মা হয়।
১১। শ্বাসকষ্ট হয়।ব্ৰংকাইটিচ হৈ উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে।
কাহৰ উপদ্ৰৱ বৃদ্ধি পায়। সেয়েহে টোপনি কম হয় অৰ্থাৎ নিদ্ৰাহীনতা ৰোগত ভোগে
১২। হাঁপানি হয়।
১৩। দন্ত ক্ষয়, দাঁতৰ স্বাভাবিক সৌন্দর্য নষ্ট হৈ যায়।দাঁতৰ ৰং হালধীয়া হৈ দাতঁ ক্ষয় যাব পাৰে।দাঁতৰ আলুৰ ৰোগ হ’ব পাৰে।

১৪। হৃদৰোগ হয়।কাৰ্বন মন’ক্সাইডে (Co) ৰক্তত থকা অক্সিজেনখিনি নষ্ট কৰি দিয়ে, ফলত হৃদযন্ত্ৰ বিকল হব পাৰে।
১৫। দৃষ্টি শক্তিৰ ক্ষতিসাধন কৰে । এসময়ত চকু অন্ধ হৈ যায়।
১৬। মস্তিষ্কৰ ৰক্তক্ষৰণৰ অন্যতম প্রধান কাৰণ ধূমপান।
১৭। হৃদপিণ্ডৰ ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি কৰে ।
১৮। উচ্চ ৰক্তচাপ বৃদ্ধি কৰে।
১৯। স্বাস্থ্য নষ্ট কৰে ।
২০। ভোক কমি যোৱা দেখা যায়।পাকস্থলীত অম্লৰ মাত্ৰা বঢ়াই ঘাঁৰ সৃষ্টি কৰিব পাৰে(Peptic ulcer) ।
২১।হাগনি ৰোগ হ’ব পাৰে।
২২। গর্ভবতী নাৰীয়ে ধূমপান কৰিলে তেওঁৰ গৰ্ভত থকা শিশুটোৰ শাৰীৰিক ওজন কম হয়। আৰু কেতিয়াবা মৃত্যুৰ কাৰণো হব পাৰে ।
২৩। চিগাৰেট কেৱল নিজে নজ্বলে, অানকো জ্বলাই। ইয়াক পৰোক্ষ ধূমপান কৰা বুলি কোৱা হয়। যিয়ে ধূমপান নকৰে তেওঁ যদি ধূমপায়ীৰ ওচৰত থাকে তেন্তে তেওঁৰ ওপৰতো ধূমপানৰ প্রভাব পৰে ।

২৪। ধূমপানৰ ধোঁৱাৰ কুপ্ৰভাৱ শিশুসকলৰ ওপৰতো পৰে । এই বিষাক্ত ধোঁৱাৰ ফলত বহু শিশু হাঁপানিত ভোগা দেখা যায়।

ওপৰোক্ত শাৰীৰিক ক্ষতিবোৰৰ উপৰিও আৰু বহুত ক্ষতিকৰ দিশ আছে। যা লিখি শেষ কৰিব নোৱাৰি।

*আৰ্থিক

১। কিছুমান ধূমপায়ী আছে যিয়ে চিগাৰেট টানাৰ পিছত চিগাৰেটৰ অবশিষ্ট অংশটোৰ জুই নুনুমুৱাকৈয়ে য'তে ত'তে পেলাই দিয়ে যাৰ ফলস্বৰূপে অসাবধানতা বশতঃ ঘটি যায় মাৰাত্মক অগ্নিকাণ্ড। এনেকুৱা অগ্নিকাণ্ডৰ ফলত আমাৰ দেশৰ কোটি কোটি টকাৰ সম্পদ নষ্ট হৈছে ।

২। ধৰা হ'ল এজন লোকে যদি পাচ টকা দামৰ চিগাৰেট প্ৰতিদিনে ১০টা কৈ টানে তেনেহলে দেখা যায় প্রতিদিন পঞ্চাশ টকা পকেটৰ পৰা ওলাই গৈছে । এই হিচাপে দেখা যায় যে, এজন মানুহৰ মাহে ১৫০০ টকা আৰু বছৰি ১৮,০০০ টকা পকেটৰ পৰা খৰছ হৈছে । ই এক সম্ভাব্য হিচাপ, ধূমপায়ীৰ ধৰণ ভেদে ই কম বেছি হব পাৰে । এতিয়া এই হিচাপক যদি আৰু আগলৈ লৈ যোৱা হয় ,তেতিয়াহলে দেখা পোৱা যায় যদি আমাৰ দেশৰ শতকৰা ৩০% লোকে ধূমপান কৰে, তেন্তে দেখা যাব যে, ১২০কোটি মানুহৰ মাজত ৩৬ কোটি লোকে ধূমপান কৰে। এতিয়া মোৰ হিচাপ অনুসৰি এজন মানুহে যদি দৈনিক ধূমপানৰ বাবে ৫০ টকা খৰচ কৰে তেনেহলে দৈনিক ৩৬ কোটি মানুহে খৰচ কৰি আছে ১৮০০০০০০০০০/- (এহেজাৰ আঠশ কোটি) টকা । আৰু ইমান টকা যদি দৈনিক ধোঁৱা হৈ উৰি গৈ আছে তেন্তে সেয়া যুগৰ পাছত যুগ কিমান হৈছে হিচাপ কৰকচোন ?

এতিয়ালৈ আমি ধূমপানৰ শাৰীৰিক আৰু আর্থিক দিশ লৈ আলোচনা কৰিলো। এইবাৰ আহো ধূমপানৰ পাৰিপাৰ্শ্বিক কুফলৰ আলোচনালৈ।

*পাৰিপাৰ্শ্বিক

১। ধূমপানৰ ধোঁৱাৰ ফলত বতাহ প্ৰদূষিত হয়।
২। য'তে ত'তে চিগাৰেটৰ শেষাংশ আৰু পোৰা অংশ পেলোৱাৰ ফলত পৰিবেশ নষ্ট হয়।
৩। ধূমপায়ী ব্যক্তি ধূমপান কৰি যিমান ক্ষতিগ্রস্ত হয় ওচৰত থাকি পৰোক্ষ ধূমপান কৰা জনো সমানেই ক্ষতিগ্ৰস্থ হয় ।

ধূমপান কেনেকৈ এৰিব?

ধূমপান নকৰো বুলি মন ডাঠ কৰক।

ধূম্ৰপায়ীজনৰ লগত লাগি থকাৰ বাবে পৰোক্ষভাৱে ধূমপান কৰিবলগীয়া জনে বাধা দিব লাগিব, নহ’লে তেওঁৰো বিপদ আসন্ন।

মন দৃঢ় কৰি লওক, চিগাৰেট খাব মন গলে চিগাৰেটৰ সলনি চুইংগাম চোবাই থাকক।

ধূমপান এৰিব খোজাজনে কল খাওক। কলত যঠেষ্ট পৰিমাণে ভিটামিন C, D, পটেচিয়াম আৰু মেগনেছিয়াম থাকে, যিয়ে শৰীৰক নিকটিনৰ প্ৰতি গঢ়ি উঠা আসক্তিৰ পৰা মুক্ত কৰিব পাৰে।
আৰু এটা সৰু উপায় দিও - কেতিয়াও একেলগে বেছি চিগাৰেট কিনি লগত নাৰাখিব, এটা চিগাৰেট লগত ৰাখক, টানিব মন গলে অলপ পিছত খাম বুলি মনটো সংযত কৰি সময় পাৰ কৰিছিল থাকক। দেখিব দিনটোত চিগাৰেটৰ সংখ্যা কমি গৈছে।

সকলোৰে জ্ঞাতাৰ্থে কব বিচাৰিছো যে পৌৰাণিক ভাৰতীয় চিকিৎসা শাস্ত্ৰমতে ধূম্ৰপাণ ৰ দ্বাৰা কিছুমান চিকিৎসা কৰা হৈছিল। এতিয়াও প্ৰয়োজন অনুসাৰে ইয়াৰ প্ৰয়োগ হয়। কিন্তু ইয়াত কদাপি ধপাতৰ ব্যৱহাৰ নহয়, কেৱল ঔষধিহে ব্যৱহাৰ কৰা হয়।

লেখক: ডা: মনোজ কুমাৰ গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ