আমাৰ খাদ্য, শৰীৰটো পৰিষ্কাৰ কৈ ৰখা, ব্যায়াম আৰু সুৰক্ষিত যৌন সম্পৰ্ক- এই সকলোবোৰে আমাৰ স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। বিভিন্ন ঘাঁ, খহু, কৃমি, বিজাণু সংক্ৰমণ, দাঁতৰ ক্ষয়, ডায়েৰিয়া আৰু ডিছেন্ট্ৰি এই সকলোবোৰ বেমাৰ পৰিচন্নতাৰ অভাৱতেই সৃষ্টি হয়। পৰিষ্কাৰ-পৰিচন্ন হৈ থকাৰ অভ্যাস কৰিলে এই ৰোগবোৰৰ পৰা আমি সহজেই আঁতৰি থাকিব পাৰো। চুলি পৰিষ্কাৰ কৰা চেম্পু বা চাবোনেৰে মূৰ ধুব লাগে। সপ্তাহত কমেও দুবাৰকৈ মূৰ ধুলে চুলিৰ লগতে মূৰৰ ছাল আদি পৰিষ্কাৰ হৈ থাকে। চকু, কাণ আৰু নাক প্ৰতিদিনে পৰিষ্কাৰ পানীৰে চকু জুৰি ধোৱা উচিত৷ কাণত তেলজাতীয় পদাৰ্থৰ সৃষ্টি হয়। এইবোৰৰ লগত ধুলি লাগি গোটা হৈ কনা মাকৰি হয় আৰু কাণৰ বিন্ধা বন্ধ কৰি পেলায়। ফলত কাণৰ বিষ হয়। সেয়েহে সপ্তাহৰ এবাৰ কৈ কপাহেৰে কাণ পৰিষ্কাৰ কৰিব লাগে। নাকৰ পৰা ওলোৱা শেঙুন গোট মাৰি নাকৰ বিন্ধা বন্ধ কৰি পেলায়। গতিকে, শেঙুন ওলালেই লগে লগে নাকত জমা হ'বলৈ নিদি ওলিয়াই পেলাব লাগে। সৰু ল’ৰা-ছোৱালীৰ চৰ্দি বা পানী লাগিলে, কোমল কাপোৰেৰে নাক চাফা কৰি দিব লাগে। মুখৰ পৰিচন্নতা মিহি পাউদাৰ বা পেষ্টেৰে দাঁত চাফা কৰিব লাগে। দিনে দুবাৰ ব্ৰাছ কৰা দৰকাৰ। পুঁৱা বিচনাৰ পৰা উঠাৰ লগে লগেই আৰু শুবলৈ যোৱাৰ আগতে ব্ৰাছ কৰা উচিত। এঙাৰ, নিমখ, খঁহতা পাউদাৰ আদিৰে ব্ৰাছ কৰিলে দাতঁৰ বাহিৰৰ তৰপটোৰ ক্ষতি হয়। এনে পদাৰ্থ ব্যৱহাৰ কৰা অনুচিত। যি কোনো বস্তু খোৱাৰ পাছত মুখখন পৰিষ্কাৰ পানীৰে ধুব (কুলি কুলি) লাগে। এনে কৰিলে দাতঁৰ ফাকত লাগি থকা খাদ্যৰ অংশবোৰ ওলাই আহে। মুখৰ খাদ্যৰ অংশ লাগি থাকিলে সেইবোৰৰ পৰা দূৰ্গন্ধৰ সৃষ্টি হয়। পুষ্টিকৰ আহাৰ বেছিকৈ খাব লাগে। মিঠাই, লজেন্ম, আইছক্ৰীম, কেক আদি নোখোৱাই উচিত। যদি দাতঁৰ কিবা ক্ষতি হোৱা বা দাতঁত কিবা বিষ উপলব্ধি হয়, অনতি পলমে চিকিৎসকক দেখুৱাব লাগে। সদাই ভালদৰে ব্ৰাছ কৰিলে দাতঁৰ ক্ষতি হ'ব নোৱাৰে। নিয়মীত দাঁত পৰিষ্কাৰ কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। উৎস: আইএনডিজি দল।