মানৱ সভ্যতাৰ বাবে আজিৰ তাৰিখত অপৰিহাৰ্য বুলি বিবেচিত টেলিফ’নৰ আৰু ইয়াৰ শেহতীয়া সংস্কৰণটো আজি শতাধিক বছৰৰ পুৰ্বে গ্ৰাহাম বেলে উদ্ভাৱন কৰিছিল। প্ৰসৱৰ মুহুৰ্তত অৰ্থাৎ যন্ত্ৰটো আৱিষ্কাৰৰ ক্ষণত পোন প্ৰথমবাৰৰ বাবে বিজ্ঞানীগৰাকীয়ে তেওঁৰ সহযোগীজনক এনেদৰে মাতিছিল ‘মি: ৱাটছন, তুমি অনতিপলমে মোৰ ওচৰলৈ আহা। মই তোমাক চাব বিচাৰিছোঁ। আজিৰ তাৰিখত ম’বাইল ফ’ন বা ভ্ৰাম্যভাষ যন্ত্ৰৰ ব্যাপক অপপ্ৰয়োগৰ বিষয়ে পুৰ্বানুমান কৰিব পাৰিলে তেওঁ হয়তো এনেদৰে চিঞৰি উঠিলহেঁতেন ‘হে প্ৰভু, এয়া মই কি আৱিষ্কাৰ কৰিলোঁ’।

জধে-মধে কৰা ম’বাইল ফ’নৰ অপপ্ৰয়োগ সঁচাকৈয়ে এক চিন্তনীয় বিষয়। টেলিফ’নৰ উত্তৰণ ঘটিছে। আজিৰ তাৰিখত যিকোনো ঘটিৰাম-বাটিৰামৰ হাতত সহজলভ্য স্মাৰ্টফ’ন হৈছে ইয়াৰ নৱমতম সংস্কৰণ। এই স্মাৰ্টফোনৰ প্ৰতি সৃষ্টি হোৱা অহেতুক আসক্তি, অহা দুৰ্বলতাৰ হেতুকে বিভিন্নজনৰ জীৱনলৈকো নামি আহিছে মৃত্যুৰ ভাবুকি। এই স্মাৰ্টফ’নটো ইমানেই স্মাৰ্ট হৈ পৰিছে যে ইয়াৰ গৰাকীজন পৰ্যবসিত হৈছে ফ’নটোৰ দাস বা ভৃত্যলৈ। এনেধৰণৰ দাসত্ব বৃত্তি আঁকোৱালি লোৱাৰ ক্ষেত্ৰত ভাৰতীয়সকল আগৰণুৱা। ম’বাইল ফ’নৰ বিশ্ববিখ্যাত নিৰ্মাতা ম’ট’ৰলা কোম্পানীৰ সৌজন্যত আমেৰিকাৰ সৰ্বেশ্ৰেষ্ঠ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মগজু ঘটিত মানসিক আচৰণ তথা সুখপ্ৰাপ্তি বিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ গৱেষকসকলে চলোৱা সমীক্ষাত এই তথ্যৰ সত্যতা প্ৰতিপন্ন হৈছে। ৪৭ শতাংশ ভাৰতীয় মানুহে স্বীকাৰ কৰিছে যে প্ৰিয়জন বা আপোনজনতকৈ স্মাৰ্টফ’নটো তেওঁলোকৰ বেছি মৰমৰ।

এনেকুৱা এটা সময় আছিল যেতিয়া নেকি এই ফ’নৰ জৰিয়তে আপোনজনৰ মৰমৰ গাত এষাৰ শুনিবলৈ পোৱা গৈছিল। দুৰ-দুৰণিত থকা ব্যক্তিসকলৰ বাবে পৰিয়ালৰ সৈতে সংযোগৰ এক গুৰুত্বপুৰ্ণ মাধ্যম আছিল এই যন্ত্ৰটোৱেই। পাছে বিশ্বায়নৰ প্ৰভাৱত পৃথিৱীখন আজিৰ তাৰিখত পৰ্যবসিত হৈছে এখন গাঁৱলৈ। হাততে লুকোৱা এই যন্ত্ৰটোৱে দুৰত্বৰ ব্যৱধান নাইকিয়া কৰিছে। পুৰ্বতে মৰম-চেনেহ-প্ৰেম আদি ধৰণৰ আৱেগ অনুভুতিৰ জৰিয়তে মগজুৰ পৰা ড’পামিন নামৰ নিউৰ’ট্ৰেন্সমিটাৰধৰ্মী ৰাসায়নিক দ্ৰব্য নি:সৰিত হৈছিল যদিও গৱেষণাৰ জৰিয়তে দেখা গৈছে যে স্মাৰ্টফ’নৰ উদ্ভাসিত হোৱা ‘নটিফিকেশ্যন’ হৈছে নৱপ্ৰজন্মৰ বাবে উদ্দীপনাৰ কাৰক। যিহেতুকে ইয়াৰ জৰিয়তে ড’পামিন তেওঁলোকৰ দেহৰ পৰা নি:সৰিত হয়। এইড’পামিনে শৰীৰৰ বিভিন্ন অংগত নানা ধৰণৰ বিক্ৰিয়াৰ সৃষ্টিত অৰিহণা যোগায়। ফেচ’বুকৰ জৰিয়তে ‘লাইক’ আৰু ‘হাৰ্ট’ৰ লেখীয়া ‘নটিফিকেশ্যন’ আজিৰ তাৰিখত সামাজিকভাৱে গ্ৰহণযোগ্য হৈ পৰিছে। সৃষ্টিৰ পাতনিৰে পৰাই মানৱ শৰীৰৰ মনত উদ্দীপনাৰ সৃষ্টিকাৰী ড’পামিনৰ নি:সৰণ হেতুকে শিহৰণ সৃষ্টিকাৰী বিক্ৰিয়াৰ সৃষ্টি হয়। গতিকেই স্মাৰ্টফ’নত ‘নটিফিকেশ্যন’ৰ দ্বাৰা লভা তৃপ্তিৰ মাত্ৰা অতুলনীয়। গৱেষণামুলক সমীক্ষাৰ জৰিয়তে প্ৰতিপন্ন হৈছে যে স্মাৰ্টফ’নৰ প্ৰতি সৰ্বসাধাৰণৰ আসক্তি ইমানেই বাঢ়িছে (যিটো এক মানসিক ব্যাধি হৈছেগৈ) যে ফ’নৰ ভাইব্ৰেশ্যনৰ কম্পন্ন অনুভুত হোৱাৰ লগে লগে সংশ্লিষ্ট ব্যক্তিজনৰ মগজুৰ পৰা ড’পামিনৰ নি:সৰণ ঘটি মনত ইছাট-বিছাট লাগিবলৈ ধৰে আৰু অস্থিৰতাৰ সৃষ্টি হয়। তদুপৰি ই সামাজিক সম্পৰ্কৰ অৱনতি ঘটাইছে। বিভিন্ন কাৰণবশত: বৰ্ধিত মাত্ৰাত কৰা স্মাৰ্ট’ফনৰ ব্যৱহাৰৰ হেতুকে (হোৱাটছএপত ‘আড্ডা’) দিবলৈ বা বাতৰি পঢ়িবলৈ বা শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে অৱগত হ’বলৈ ) পৰিয়ালৰ মানুহবোৰৰ দ্বাৰা বেষ্টিত হৈ থকা সত্ত্বেও সংশ্লিষ্ট লোকজন নি:সংগতাৰ ভুক্তভোগী হয়।

একেজন ব্যক্তি একে সময়তে দুখন স্থানত থাকিব নোৱাৰে। পাছে স্মাৰ্টফ’নৰ ব্যৱহাৰৰ জৰিয়তে এজন মানুহে এনে এক পৰিস্থিতিৰ সন্মুখীন হয়। পাৰ্টিলৈ অনলাইন নিমন্ত্ৰণ কৰিলে বা দুজন ব্যক্তি সুস্বাদ্য আহাৰ গ্ৰহণ কৰি থকাৰ দৃশ্যৰ জৰিয়তে সংশ্লিষ্ট ব্যক্তিৰ মন সেইপিনেই ধাৱিত হয়। এই সৰ্বত্ৰব্যাপী বিৰাজমান হোৱাৰ মানসিকতাৰ গুৰিতে আছে হেৰুওৱা শংকা, যিয়ে নেকি উদ্বিগ্নতাৰ কাৰক ৰুপে কাম কৰে। এজন ব্যক্তিৰ মনত একেটা সময়তে বিভিন্ন ঠাইত অৱস্থান কৰাৰ যি স্পৃহা, তাৰ ফল হৈছে যে তেওঁ কোনো ঠাইত থাকিব নোৱাৰে।

স্মাৰ্টফ’নৰ ব্যৱহাৰৰ আন এটা কুপ্ৰভাৱ হৈছে যে খোজ কঢ়া, বাহন চালনা কৰাকে ধৰি যিকোনো সময়তে ইয়াৰ (অপ) ব্যৱহাৰৰ বাবে জীৱনলৈ আহি পৰা ভাবুকি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী ঘাইপথ সুৰক্ষা সংস্থাৰ ৰিপ’ৰ্ট অনুযায়ী বিগত ১০ টা বছৰত (২০০৭-১৭) পদব্ৰজে গৈ থকা সময়ত স্মাৰ্টফ’ন ব্যৱহাৰ কৰাৰ ফলত অসৰ্তকভাৱে মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ২৭% বাঢ়িছে। নৱতম প্ৰযুক্তিৰ জৰিয়তে গাড়ীৰ চালক তথা আৰোহীৰ বাবে সুৰক্ষিত ভ্ৰমণ সম্ভৱপৰ হ’লেও এনে হৈছে। বিগত দুয়োটা বছৰতে আমেৰিকাত দুৰ্ঘটনাগ্ৰস্ত হৈ ঘটা মৃত্যুৰ সংখ্যা টুটিছে যদিও স্মাৰ্টফন ব্যৱহাৰ কৰা হেতুকে অসতৰ্ক হৈ মৃত্যুমুখত পৰা ব্যক্তিৰ সংখ্যা বাঢ়িছে। আমাৰ গুৱাহাটীকে ধৰি বিভিন্ন নগৰ-চহৰত দেখা পোৱা এক চিৰাচৰিত দৃশ্য হৈছে যে কান্ধত স্মাৰ্টফ’নটো থৈ ডিঙি এঢলীয়াকৈ বেঁকা কৰি যান-বাহন চলোৱা ই অতিকৈ বিপজ্জনক। তদুপৰি স্মাৰ্টফ’নত কথা-বতৰা পাতি নিজৰ জগতত বিভোৰ হৈ আলিবাট পাৰ হ’বলৈ বা কাষেদি গৈ থকা পথচাৰীৰ বিষয়ে নোকোৱাই ভাল। এষাৰ কথা উল্লেখ কৰা নিষ্প্ৰয়োজন যে স্মাৰ্টফ’নৰ উপকৰিতাও আছে অজস্ৰ। আমাৰ প্ৰাত্যহিক জীৱন-যাত্ৰা উজু আৰু সুন্দৰ কৰি তোলাৰ ক্ষেত্ৰত স্মাৰ্টফ’নৰ আছে এক অনবদ্য ভুমিকা।

শেহতীয়াভাৱে পোৱা তথ্য অনুসৰি (দ্য টেলিগ্ৰাফ, ৭ এপ্ৰিল, ২০১৮ ৰ সংখ্যা) ভাৰতীয়সকলৰ ৬০ শতাংশই বাহন চলাই থকা অৱস্থাত ‘ফ’নকল’ আহিলে ‘ৰিচিভ’ কৰে আৰু বাৰ্তালাপত মগন হয়। সৰ্বভাৰতীয় ভিত্তিত চলোৱা এই সমীক্ষাত দেখা গৈছিল যে কেৰালাৰ মানুহখিনিয়ে এই ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিছে। ইয়াৰ পাছতে ক্ৰমে দিল্লী আৰু পঞ্জাবৰ স্থান। দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ শংকা ইয়াৰ ফলত বাৰুকৈয়ে বাঢ়িছে। তদুপৰি ৫৩ শতাংশই বাহন চলাই থকা অৱস্থাতো ঘৰৰ মানুহখিনিৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব বিচাৰে।

লেখক: ডা: মিহিৰ কুমাৰ গোস্বামী (দৈনিক জনমভুমি)