স্বাস্থ্য বুলিলে হয়তো আমি অকণো নভবাকৈয়ে সুন্দৰকৈ কৈ দিব পাৰিম; কিন্তু যি পৰিসৰৰ সংজ্ঞা আমি জানো তাতকৈয়ো বিস্তৃত স্বাস্থ্যৰ সংজ্ঞা:

প্ৰায়ে অভিভাৱকসকলে, বিশেষকৈ ল'ৰা-ছোৱালীৰ মাকবোৰে আমাক আহি কয় যে তেওৰ সন্তানটো খুবেই খীন, গতিকে শকত, মানে স্বাস্থ্য হোৱা ঔষধ দিব লাগে|

মই তেতিয়া সোধো যে ল'ৰাটো/ছোৱালীজনী শাৰীৰিকভাৱে সক্ৰিয় (Active)হয়নে নহয়, খুউৱ সঘনাই ৰোগত ভোগে নেকি, বাপেক খীণ নে শকত ইত্যাদি|

উত্তৰবোৰ দুই এজনক এৰি প্ৰায়বোৰৰে সন্তুষ্টিদায়ক|

এতিয়া কথা হ'ল শকত অথবা খীন হোৱাটোৱেই স্বাস্থ্যৰ মাপকাঠী নেকি? নহয়:

আয়ুৰ্বেদ শাস্ত্ৰত এই কথাখিনিকে অতিব সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে|

আয়ুৰ্বেদত কেৱল ৰোগমুক্ত হে থকাটোৰ ওপৰতে গুৰুত্ব দিয়া হোৱা নাই, বৰং ব্যক্তি এগৰাকীৰ দৈনন্দিত কৰণীয়খিনিৰ ওপৰতো বিশেষ দৃষ্টি দিয়া হৈছে|

আয়ুৰ্বেদত স্বাস্থ্যৰ সংজ্ঞা এনেদৰে দিয়া হৈছে:

"সমদোষ সমাগ্নিচ সমধাতু মলক্ৰিয়া |

প্ৰসন্নাত্মেন্দ্ৰীয় মনঃ স্বাস্থ্য ইত্যাভিধেয়তে ||"

অৰ্থাত, স্বাস্থ্য হ'ল দেহৰ এনে এক সাম্যবস্থা য'ত-

১)সমদোষ(বাত, পিত্ত, কফ সম্পূৰ্ণ সাম্যাৱস্থাত থাকে) The equilibrium state of the three basic biological components of the human body, I.e.Vata,pitta & kapha।

২)সমাগ্নিচ(অগ্নি সাম্যাৱস্থাত থাকে), The equilibrium state of Agni, simply means the sound status of digestive system।

৩)সমধাতু(ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা আৰু শুক্ৰ এই সপ্তধাতু সাম্যাৱস্থাত থাকে), The equilibrium state of seven basic constructive bodily elements।

৪)মলক্ৰিয়া(ৰেচনতন্ত্ৰৰ সাম্যাৱস্থা), The proper functioning of excretory system।

৫)প্ৰসন্নাত্মেন্দ্ৰীয় মনঃ(উৎফুল্লিত, চিন্তামুক্ত আত্মা আৰু মন, সুস্থ, ইন্দ্ৰীয়)Sound status of soul and mind, proper functioning of all the Indriya or organs।

অকল ৰোগমুক্তিয়েই যে স্বাস্থ্য নহয় সেয়া আজিৰপৰা হাজাৰবছৰ আগতেই আমাৰ মহৰ্ষিসকলেই উল্লেখ কৰি গৈছে যিটো আধুনিক বিজ্ঞানেও বিনাদ্বিধাই মানি লৈছে|

বিশ্ব স্বাস্হ্য স্বাস্থ্য(World Health Organization, WHO) ই স্বাস্থ্যৰ সংজ্ঞা দিছে এইদৰে:

"Health is a state of complete physical, mental and social well-being and not merely absence of disease or infirmity"

বিশ্ব স্বাস্থ্য সংস্থাই স্বাস্হ্যৰ মাপকাঠী নিম্নলিখিত কাৰকসমূহৰ ওপৰত নিৰ্ভৰশীল বুলি গণ্য কৰিছে...
১) Income and social status

২)Social support

৩)Education & literacy

৪)Employment & working condition

৫)Social environment

৬)Physical environment

৭)Personal health practice & cope up skill

৮)Healthy child development

৯)Biology & genetics

১০)Gender

১১)Culture

স্বাস্থ্য ৰক্ষা আৰু পৰিচৰ্যাৰ কাৰণে বিশ্ব স্বাস্থ্য সংস্থাই-

*শাৰীৰিক(Physical),

*মানসিক(Mental) আৰু

*সামাজিক সুস্থতা(Social well-being)ক, যাক হেল্থ ট্ৰায়েংগল বোলা হয়, বিশেষ গুৰুত্ব দিছে|

সু-স্বাস্থ্যৰ বাবে আয়ুৰ্বেদত বহুতো মূল্যৱান উপদেশ বৰ্ণিত আছে, যিবোৰ পালন কৰিলে ব্যক্তি এজন সুস্বাস্থ্যৰে দীৰ্ঘজীৱন লাভ কৰিব পাৰে, যেনে-

১)দিনচৰ্যাৰ পালন(দৈনন্দিন উচিত কৰণীয়)

২)ঋতুচৰ্যাৰ পালন(ঋতু অনুযায়ী কৰণীয়)

৩)আহাৰবিধিৰ পালন

৪)স্বাস্থ্যবৃত্তৰ পালন

৫)নিদান পৰিবৰ্জন(ৰোগ সৃষ্টিৰ কাৰকসমুহ এৰাই চলা)

৬)পৰ্যাপ্ত নিদ্ৰা, ব্যায়াম

৭)প্ৰজ্ঞাপৰাধ নকৰা, অৰ্থাত ধি, ধৃতি আৰু স্মৃতিৰ ব্যতিৰেকে (বিভ্ৰষ্ট) নকৰা ইত্যাদি
স্বাস্থ্য শব্দটোৱে অকল মেডিকেল কেয়াৰটোকে সাঙুৰি লোৱা নাই, আৰু ব্যক্তি বিশেষৰ স্বাস্থ্য একমাত্ৰ চিকিৎসকৰ অধীন নহয় বৰং ই প্ৰত্যেকৰে দায়িত্ব হোৱা উচিত|

লেখিকা: ডা: মেদিণী বৰ্মন

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ