স্বাস্থ্যই পৰম ধন। কিন্তু আমি সকলোৱে এই পৰম ধন অৰ্থাৎ স্বাস্থ্যৰ গৰাকী হ’ব নোৱাৰো। আজিকালি অধিকাংশ লোকৰে কিবা নহয় কিবা এটা অসুখ থাকেই। পিছে, কিছু সচেতন হ’লেই আমি নিজেই নিজৰ এই স্বাস্থ্য সম্পদটি ভালে ৰাখি সম্ভাব্য বেমাৰ-আজাৰ বা ৰোগ-ব্যাধিৰ পৰা আঁতৰি থাকিব পাৰোঁ। মানসিক উদ্বেগ, দুশ্চিন্তা আদি দূৰ কৰি মনৰ শান্তি বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় কথা। শাৰীৰিক আৰু মানসিক-দুয়োটাৰ ইটোৰ লগত সিটোৰ নিবিড় সম্বন্ধ আছে। গতিকে শৰীৰ ভালে থাকে। ঠিক সেইদৰে মানসিক অৱস্থা ঠিক থাকিলেহে শৰীৰো ভালে থাকে।যৌগিক আসন, ব্যায়াম আদি নিয়মীয়াকৈ কৰিব লাগে। কাৰণ ই সাধাৰণ স্বাস্থ্য ভালে ৰখাৰ উপৰিও আমাৰ স্নায়ুমণ্ডলী সুস্থ-সবল কৰি ৰাখে। মনৰ পৰা উদ্বেগ, অশান্তি আৰু দুশ্চিন্তা দূৰ কৰিবলৈ প্ৰাৰ্থনা, ধ্যান নিয়মিতভাৱে সময় উলিয়াই কৰিব লাগে। নিজৰ অভিৰুচিমতে দৈনিক মেডিটেচন কৰিলে মনৰ পৰা অৱসাদ আৰু চিন্তা-ভাৱনা দূৰ হয় আৰু আমাৰ স্নায়ুবোৰক সবল-সতেজ কৰে। সম্প্ৰতি আমাৰ দেশৰ জনসাধাৰণৰ মাজতো স্বাস্থ্য সচেতনতা আগতকৈ বহুগুণে বাঢ়িছে। স্বাস্থ্য সম্পৰ্কে বৰ্তমান বিভিন্ন মাধ্যমৰ যোগেদি জনসাধাৰণে বহু কথাই জাবিব পাৰিছে যদিও নিজে নিজৰ স্বাস্থ্য অটুট ৰাখিব পৰাকৈ বা ৰোগ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ কিটিপ-কৌশল সম্পৰ্কে এতিয়াও সচেতন হৈ উঠা নাই। স্বাস্থ্য ভালে ৰাখিবলৈ আমাক কিছুমান অভ্যাসৰ প্ৰয়োজন হয়। সু-স্বাস্থ্য বজাই ৰখাৰ প্ৰধান আৰু অপৰিহাৰ্য কথা হৈছে চাফ-চিকুণতা বা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিয়ম মানি চলা। ব্যক্তিগত চাফ-চিকুণতাৰ উপৰিও আমাৰ চাৰিওফালৰ পৰিৱেশ সম্পূৰ্ণ চাফ-চিকুণকৈ ৰাখিব লাগিব। কাৰণ শৰীৰ, মন আৰু আত্মাক সুস্থ ৰখাত ৰখাত আৰু সামাজিক, ব্যৱহাৰিক কাম-কাজ সূচাৰূৰূপে পালন কৰাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ ভূমিকা আছে। বৰ্তমান সকলো ঠাইতে নিৰ্মল বায়ু, পৰিষ্কাৰ পৰিৱেশৰ অভাৱ হৈছে। মানুহে আগৰ দিনত প্ৰকৃতিৰ মুকলি বতাহ সেৱন কৰি, বতৰৰ সজীৱ ফলমূল খাই জীৱন ধাৰণ কৰিছিল বাবে তেওঁলোকৰ মাজত বেমাৰ-আজাৰো কম আছিল। বৰ্তমান যিমানে ন-ন চিকিৎসক আৰু চিকিৎসালয়ৰ সংখ্যা বাঢ়িছে সিমানে ৰোগ আৰু ৰোগীৰ সংখ্যাও বাঢ়িছে। পাৰিপাৰ্শ্বিক পৰিৱেশৰ দূষিত অৱস্থাৰ বাবেই বৰ্তমান মানুহৰ শৰীৰ আৰু মনো ৰুগ্ন হৈ পৰিছে। বিজ্ঞানৰ ন-নম আৱিষ্কাৰে মানুহক কৰ্মহীন কৰি তুলিছে। তাৰ ফলত মানুহ এলেহিৱা আৰু শ্ৰম বিমুখ হৈছে। পৰিণতিত জনসাধাৰণৰ মাজত ৰোগ-ব্যধিৰ প্ৰকোপ ক্ৰমাৎ বঢ়াটোৱেই স্বাভাৱিক। সেয়ে নিজৰ স্বাস্থ্য ৰক্ষাৰ বা চাফ-চিকুণতা ৰক্ষা কৰা লগতে দৈনন্দিন জীৱনত কিছুমান অভ্যাস আৰু নীতি-নিয়ম মানি চলা দৰকাৰ হৈ পৰিছে। পুৱা বিছনাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে নিজে প্ৰস্তুত কৰি লোৱা ৰুটিন কঠোৰভাৱে মানি চলিব লাগিব। যেনে- ৰাতিপুৱা সদায় সোনকালে আৰু একে সময়তে উঠাৰ অভ্যাস কৰক। পুৱা খোজকঢ়া, ব্যায়াম কৰাৰ অভ্যাস নিয়মিতভাৱে কৰিব লাগে। খোৱা-লোৱা দৈনিক এটা নিৰ্দিষ্ট সময় আৰু হিচাপত কৰিব লাগে। অধিক ভোজন বা দৈনিক গুৰুপাকী আহাৰ গ্ৰহণ কৰা উচিত নহয়। পৰাপক্ষত নিজৰ কাম নিজে কৰিব লাগে। আলস্যৰ জীৱন যাপন কৰিব নালাগে। আনৰ বেয়া আলোচনা বা দোষ খুঁচৰি অবাবত সময় নষ্ট কৰিব নালাগে। ওচৰ-চুবুৰীয়া আৰু জ্যেষ্ঠজনৰ প্ৰতি সহানুভূতিশীল আৰু স্নেহ পৰায়ণ হ’ব লাগে। আনৰ সৰু-সুৰা দোষ-ক্ৰুটিৰ বাবে অনাহকতে নিজে উত্তেজিত হৈ উদ্বেগ বঢ়াই ল’ব নালাগে বা তেনেধৰণৰ কথাৰে আনকো উত্তেজিত কৰিব নালাগে। পাৰিলে আনক সহায় কৰিব লাগে। কিন্তু অপকাৰ কৰা বা অনিষ্ট কৰাৰ চিন্তাও মনলৈ আনিব নেলাগে। মদ্যপান, ধূমপান কৰি পৰিয়ালত বা যিকোনো অনুষ্ঠানত অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে। হকে-বিহকে আনৰ সমালোচনা কৰি উত্তেজিত হ’ব নালাগে। পৰাপক্ষত হাঁহি-ধেমালি আৰু আনন্দৰ মাজেদি জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে। অলপ অসুখতে দেহ-মন পেলাই দিব নালাগে। জীৱনটোক যোগাত্মক দৃষ্টিভংগীৰে চাবলৈ শিকিব লাগে। যিকোনো পৰিস্থিতিতে উত্তেজনা দমন কৰি সংযত কৰি চলাটোও অতি প্ৰয়োজন। আকোঁৰগোজ মনোভাবে নিজৰ লগতে আনৰো অনিষ্ট সাধন কৰে। সেয়ে যিকোনো পৰিস্থিতিতে নিজকে নমনীয় অৱস্থাত ৰাখক আৰু এৰা-ধৰাৰ মনোভাব গ্ৰহণ কৰক। সকলো কামতে নিষ্ঠা আৰু একাগ্ৰতা প্ৰদৰ্শন কৰক। থুলমূলকৈ এই পৰামৰ্শকেইটা মানি চলিবলৈ চেষ্টা কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ দীৰ্ঘ জীৱন লাভ কৰিব পাৰিব। লেখিকা: মিনতি ৰাজকোঁৱৰ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)