ধূলি কি? ধূলি হৈছে বিভিন্ন উৎস আৰু কামৰ পৰা সৃষ্টি হোৱা এক প্ৰকাৰৰ সাধাৰণ ক্ষুদ্ৰ কণিকা সদৃশ বায়ু প্ৰদূষক। প্ৰদূষক কি: প্ৰাকৃতিক পৰিৱেশত বায়ুত মিহলি হৈ থকা ক্ষুদ্ৰাদিক্ষুদ্ৰ উপাদান, যাৰ অপ্ৰত্যশিত বা ঋণাত্মক প্ৰভাৱ মানুহৰ ওপৰত পৰে। কণিকা: ক্ষুদ্ৰ গোটা আৰু জুলীয়া উপাদান, যি বতাহত ওপঙি থাকিব পাৰে। এইবিলাকৰ ভিতৰৰে বহু উপাদানেই খালী চকুৰে দেখা পোৱা যায়। ধূলি ক’ৰ পৰা আহে? মাটি, বালি আৰু শিল প্ৰাকৃতিক কাৰণত ক্ষয়প্ৰাপ্ত হৈ ক্ষুদ্ৰ কণিকাৰূপে বতাহত মিহলি হৈ থাকে আৰু এইবিলাকৰ ভিতৰৰে গধুৰ আৰু তুলনামূলকভাৱে ডাঙৰ কণিকাবিলাক পৃথিৱীৰ যিকোনো পৃষ্ঠত চামনি ৰূপে পৰি ৰয়। উদ্ভিদ বা প্ৰাণীৰ দেহৰ মৃতকোষ, নোম আৰু জন্তুৰ মৃত ত্বকো পৰিৱেশত উৰি থাকে আৰু এইবিলাকেই ধূলিৰ উৎস। নগৰীয়া অঞ্চলসমূহত মানৱ সৃষ্টি ধূলি এক গতানুগতিক কথা। ই ব্যক্তিগতভাৱে চখ কৰি নিজৰ চৌহদতে ফুলনি পতাৰ পৰা আৰম্ভ কৰি বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী উৎপাদন কৰা ডাঙৰ ডাঙৰ কাৰখানাৰ পৰাও নিৰ্গত হোৱা বৰ্জ্য দ্ৰব্যৰে ৰূপত নিতৌ শ শ টন ধূলি ওলাই পৰিৱেশত মিহলি হৈ আছে। সেইবাবে ধূলিৰ উপাদান কেৱল এক শ্ৰেণীৰ দ্ৰব্যৰ সমষ্টি নহয়। ধূলিত মিহলি হৈ থাকে অসংখ্য জৈৱিক আৰু অজৈৱিক দ্ৰব্যৰ ক্ষুদ্ৰ কণিকা। বিশেষভাৱে ঔদ্যোগিক অঞ্চলৰ পৰিৱেশত বাৰেমিহলি দ্ৰব্যৰ কণিকাৰে সৃষ্টি হোৱা ধূলি দেখিবলৈ পোৱা যায়। ধূলি কণা দৃশ্যমানৰ পৰা অদৃশ্যমান অৱস্থালৈ বিভিন্ন আকাৰৰ হ’ব পাৰে। ধূলিকণা যিমানেই সৰু হয়, সিমানেই বেছি দেৰিলৈকে এইবিলাক বতাহত ওপঙি থাকিব পাৰে আৰু বতাহৰ সোঁতৰ গতিৰ সৈতে এইবিলাক বেছি দূৰলৈ যাব পাৰে। ডাঙৰ ধূলিকণাবোৰ য’ত সৃষ্টি হয়, সেই ঠাইৰ ওচৰতে বতাহৰ পৰা সৰি পৰে। কাঠৰ আচবাব আৰু যান-বাহনৰ গাত এনে ধূলিকণাৰ প্ৰলেপ দেখিবলৈ পোৱা যায়। ডাঙৰ ধূলিকণাবোৰ উশাহ লওঁতে নাকে-মুখে সোমাই যায়। উশাহ এৰি দিওঁতে এইবিলাকৰ কিছু অংশ ওলাই যায় যদিও কিছু পৰিমাণে আমাৰ শ্বাসতন্ত্ৰৰ ভিতৰত ৰৈ যায়। খালী চকুৰে এইবিলাক দেখা পোৱা নেযায়। এইবোৰ হাওঁফাওঁৰ গভীৰলৈকে সোমাই যোৱাৰ সম্ভাৱনা অধিক। ইফালে ক্ষুদ্ৰাতিক্ষুদ্ৰ ধূলিকণাবোৰ হাওঁফাওঁত তেজৰ সৈতেও মিহলি হৈ পৰিব পাৰে। ধূলিয়ে শৰীৰক কেনেকৈ প্ৰভাৱিত কৰিব পাৰে? ধূলি কিমান বিষাক্ত, সেয়া এটা ধূলিকণাৰ আকাৰ আৰু প্ৰকাৰে নিৰ্ধাৰণ কৰে। যিয়েই নহওক, ধূলিয়ে আপোনাৰ শৰীৰত কিমান ক্ষতি কৰিব, সেয়া নিৰ্ভৰ কৰে বতাহত কিমান পৰিমাণৰ ধূলি মিহলি আছে আৰু আপুনি কিমান সময় সেই ধূলিৰ মাজত থাকিবলগীয়া হৈছে, তাৰ ওপৰত। উশাহত সোমাই যাব পৰাকৈ সৰু ধূলিকণাবোৰে কৰিব পৰা ক্ষতিবোৰ এনেধৰণৰ- চকুৰ খচখচনি, কাহ, হাঁচি, হে-ফিভাৰ, হাঁপানি। শ্বাস-প্ৰশ্বাস বিভিন্ন ৰোগ, যেনে- হাঁপানি, চিঅ’এডি বা এমফিছেমা আদিত ভুগি থকাসকলৰ বাবে ধূলিৰ সামান্য সংস্পৰ্শও ভয়াৱহ হ’ব পাৰে। ধূলিৰ পৰা হাঁপানি হোৱাৰ কোনো পোনপটীয়া প্ৰমাণ নাই যদিও দীৰ্ঘদিন ধৰি অত্যন্ত ধূলিময় পৰিৱেশত থকাৰ ফলত হাওঁফাওঁৰ কাৰ্যক্ষমতা কমি যাব পাৰে আৰু ক্ৰণিক ব্ৰংকাইটিছ তথা হৃদপিণ্ড আৰু হাওঁফাওঁৰ বিভিন্ন ৰোগ হ’ব পাৰে। উদ্যোগসমূহৰ পৰা নিৰ্গত বৰ্জ্য পদাৰ্থৰ ধূলিয়ে মাজে সময়ে ওচৰ-পাঁজৰৰ বসতিপূৰ্ণ পৰিৱেশত অত্যধিক ধূলিৰ ডাৱৰ সৃষ্টি কৰিব পাৰে। ভালদৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে এইবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয়। বিপদ কাৰ বাবে? অত্যধিক পৰিমাণৰ ধূলিৰ মাজত থকাসকল এই ধূলিৰ ফলত ৰুগীয়া হ’ব পাৰে। আপুনি যিমান বেছি দেৰিলৈ ধূলিৰ মাজত থাকিব, ই সিমানেই বেছিকৈ আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলাব। কিন্তু কম পৰিমাণৰ ঘৰুৱা তথা ঔদ্যোগিক পৰিৱেশত থকা ধূলিৰ মাজত উশাহ-নিশাহ লৈ থকা বহু লোকৰে স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ নপৰে ইয়াৰ বিপৰীতে ধূম্ৰপায়ীসকলকে ধৰি শ্বাস-প্ৰশ্বাস আৰু হৃদৰোগত ভুগি থকাসকলৰ দীৰ্ঘস্থায়ী স্বাস্থ্যৰ সমস্যা শৰীৰত উদ্ভৱ হোৱাৰ আশংকা সকলোতকৈ বেছি। ইফালে অধিক সময় অত্যধিক পৰিমাণৰ ধূলিৰ মাজত থকাৰ ফলত শিশু, সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধ লোকসকলৰ স্বাস্থ্যৰ সমস্যাই দেখা দিয়াৰ সম্ভাৱনা যথেষ্ট বেছি। ধূলি মিহলি কপৰিৱেশত উশাহ-নিশাহ লোৱাৰ ফলত প্ৰায়ে উশাহ চুটি হোৱা বা হেফিভাৰৰ দৰে ৰোগৰ লক্ষণ দেখা পালে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কি কৰিব পাৰি? অষ্ট্ৰেলিয়াত বতাহত ধূলিৰ পৰিমাণ আমেৰিকা, ইংলেণ্ড আৰু ইউৰোপতকৈয়ো বহুত বেছি। সেয়েহে অত্যধিক ধূলিৰ মাজত মানুহে বাস কৰিবলগীয়া হোৱাৰ বাবে অষ্ট্ৰেলিয়াই বতাহৰ ধূলিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ বাবে ভালেমান আঁচনি হাতত লৈছে। ৰাষ্ট্ৰীয় অনুপাত - নেচনেল এনভাইৰণমেন্ট প্ৰটেকচন মিজাৰ(এনইপিএম) ফৰ পাৰ্টিকুলাৰ মেটাৰ(পিএম) হৈছে চহৰ আৰু নগৰসমূহত ধূলিৰ মাত্ৰা জোখা পৰিমাপক। ‘ডিপাৰ্টমেন্ট অব এনভাইৰণমেন্ট ৰেগুলেচন’(ডি.ই.আৰ.)এ মহানগৰ আৰু গুৰুত্বপূৰ্ণ গ্ৰামাঞ্চলসমূহত এই পৰিমাপক নিৰীক্ষণ কৰে। ধূলিৰ পৰিমাণ বৃদ্ধি হোৱা ঠাইসমূহত ডিইআৰে ইয়াৰ কাৰণবিলাক অনুসন্ধান কৰে। উদ্যোগৰ অনুজ্ঞাপত্ৰ: পৰিৱেশলৈ প্ৰদূষক দ্ৰব্য এৰি দিয়া সকলো উদ্যোগ আৰু কৰ্মক ডি.ই.আৰে. পৰীক্ষা কৰিহে অনুজ্ঞা প্ৰদান কৰে। যিকোনো উদ্যোগক পৰিৱেশ প্ৰদূষিত কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰে আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা ল’বলৈ সকীয়নি দিব পাৰে। অন্যান্য জোখ-মাখ - ধূলি নিয়ন্ত্ৰণৰ অন্যান্য উপায়বিলাকৰ ভিতৰত আছে বনানিকৰণ। ঔদ্যোগিক অঞ্চল আৰু আৱাসিক অঞ্চলৰ মুকলি ঠাইত তথা ব্যস্ত পথসমূহৰ মাজত পথ বিভাজকৰ খালী ঠাইত গছ-গছনি ৰুই এনে বনানিকৰণ খালী ঠাইত গছ-গছনিবোৰে ধূলি আৰু প্ৰদূষক হ্ৰাস কৰে আৰু বতাহৰ গুণাগুণৰ মান বৃদ্ধি কৰে। কাৰ লগত যোগাযোগ কৰিব - আপোনাৰ অঞ্চলত থকা কোনো উদ্যোগ বা প্ৰতিষ্ঠানৰ পৰা অনিয়ন্ত্ৰিত ধোঁৱা আৰু ধূলি সম্পৰ্কীয় কিবা স্বাস্থ্যজনিত সমস্যা হোৱা বুলি যদি আপোনাৰ ভাব হৈছে, তেন্তে আপোনাৰ জিলাৰ উপায়ুক্ত বা মহকুমাধিপতিৰ সৈতে সম্পৰ্ক কৰক। আপোনাৰ অভিযোগটো পৰিৱেশ প্ৰদূষণজনিত সমস্যাৰ সৈতে জড়িত বুলি প্ৰমাণিত হ’লে এই চৰকাৰী বিষয়াসকলে এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰে। আপোনাৰ স্থানীয় নিকায়: চুবুৰীৰ প্ৰদূষণজনিত সমস্যাবোৰ আপোনাৰ স্থানীয় নিকায়ৰ দৃষ্টিগোচৰ কৰিব লাগে। এনে সমস্যাসমূহৰ অনুসন্ধানৰ বাবে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন চৰকাৰী বিষয়া আছে আৰু প্ৰয়োজন হ’লে প্ৰশাসনে প্ৰদূষণ সৃষ্টি কৰা উদ্যোগ বা প্ৰতিষ্ঠানৰ ওপৰত বিহিত ব্যৱস্থা ল’ব পাৰে। পৰিৱেশ সঞ্চালনা বিভাগ - ধূলিৰ মাজত উশাহ লোৱাৰ ফলত বিভিন্ন ৰোগ হ’ব পাৰে। এনেধৰণৰ প্ৰদূষণজনিত ৰোগবোৰৰ তলত উল্লেখ কৰা কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰে। ধূলিকণাৰ আকাৰ। ধূলিকণাৰ গঠন। ৰাসয়নিক উদ্যোগৰ পৰা নিৰ্গত ধূলিকণাৰ ৰাসায়নিক গঠন। কিমান দেৰিৰ বাবে এজন মানুহ ধূলিৰ মাজত থাকি উশাহ-নিশাহ ল’ব লগা হৈছে। ডাঠকৈ নিৰ্গত হোৱা ধূলি বতাহে উৰুৱাই নি আকাশত ধূলিৰ ডাৱৰৰ সৃষ্টি কৰিব পাৰে। ধূলিৰ ডাৱৰ বিভিন্ন আকাৰৰ ধূলিকণাৰে গঠিত। স্বাস্থ্যৰ ক্ষতিকাৰক ধূলি সকলো সময়তে দৃশ্যমান নহয়। উশাহত শৰীৰৰ ভিতৰলৈ সোমাব পৰা ডাঙৰ ধূলিকণাবোৰক ‘ইনস্পাইৰেবল ধূলিকণা’ বুলি কোৱা হয়। উশাহৰ জৰিয়তে হাওঁফাওঁলৈ প্ৰৱেশ কৰা ধূলিকণাবোৰ খালী চকুৰে দেখা পাব পাৰি আৰু সেইবাবে উশাহৰ জৰিয়তে নাকে-মুখে সোমাই ডিঙি আৰু শ্বাসতন্ত্ৰৰ ওপৰৰ অংশত লাগি ধৰে। কিছুসংখ্যক ধূলি হাওঁফাওঁৰ ভিতৰলৈকে সোমাই যায়। বিভিন্ন প্ৰকাৰৰ ধূলিকণাৰ প্ৰভাৱ ভিন্ন ধৰণৰ হয়। উদাহৰণস্বৰূপে উশাহৰ জৰিয়তে শ্বাসতন্ত্ৰত প্ৰৱেশ কৰা সূক্ষ্ম বালিৰ কণাই(ক্ৰিষ্টেলাইন চিলিকা) হাওঁফাওঁত আঁচোৰ পেলায়। উশাহত সোমাই যাব পৰা সীহযুক্ত ধূলিয়ে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে। বহু স্থায়ী অসুখ বহুবছৰ ধৰি ধূলিৰ মাজত থকাৰ পৰিণতি বুলি চিকিৎসা বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। কেতিয়াবা এনে ৰোগসমূহ ধৰা পৰিবলৈয়ো বহু বছৰ সময় লাগিব পাৰে। বিভিন্ন খনি আৰু শিলৰ কুৱেৰিত থকা ধূলিৰ ফলত স্বাস্থ্যৰ ওপৰত পৰা কিছুমান প্ৰভাৱ এনে ধৰণৰ- ধূলি কণাত থকা বিষাক্ত উপাদান, যেনে- সীহ, মেংগানিজ, কেডমিয়াম, জিংক আদি খনিজ ধাতুৰ সূক্ষ্ম কণিকা শৰীৰত প্ৰৱেশ ফলত ৰোগীৰ শৰীৰত এলাৰ্জিক প্ৰক্ৰিয়াজনিত বিভিন্ন ৰোগ হ’ব পাৰে। ধূলিৰ পৰা হ’ব পৰা ৰোগবিলাক - কিছুমান কাঠৰ গুড়ি, জৈৱিক আৰু অজৈৱিক ৰাসায়নিক পদাৰ্থ ধূলিৰ লগত মিহলি হৈ শৰীৰত প্ৰৱেশ কৰিলেও ভালেমান ৰোগ হ’ব পাৰে। এনেধৰণৰ ৰোগবিলাকৰ চিনাক্তকৰণ বা কাৰণ নিৰ্ণয় কৰাটোও টান হৈ পৰে। জীৱাণুজনিত আৰু ভেঁকুৰজনিত সংক্ৰমণসমূহ। হাওঁফাওঁত আঁচোৰ আৰু ফাইব্ৰ’চিছ। এছবেট’জ, কোৱাৰ্টজ(ক্ৰিষ্টেলাইন চিলিকা) আদি ধূলিৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰিলেও ভালেকেইবিধ ৰোগ আৰু অন্যান্য বিসংগতি হ’ব পাৰে। সেইবিলাকৰ ভিতৰত নাকৰ আৰু ডিঙিৰ শ্লেষ্মা আৱৰণত খজুৱতি আৰু ডিঙিত খচখচনি আদি হ’ব পাৰে। ক্ষতিকাৰক পদাৰ্থ-এচিড বা খাৰজাতীয় দ্ৰব্য প্ৰৱেশৰ ফলতো শৰীৰত ভালেমান বিসংগতি হ’ব পাৰে। তেনে ধৰণৰ ৰোগবোৰ চিনাক্তকৰণত পলম হ’ল পাৰে। স্নায়বিক ৰোগ - কয়লা খনিৰ ধূলিৰ ফলত ইয়াৰ শ্ৰমিকসকলৰ শৰীৰত দেখা দিয়া ‘কল ৱৰ্কাৰ্ছ’ নিউম’ক’নিঅ’চিছ(Pneumoconiosis) (চি.ডব্লিউ.পি) আৰু ব্ৰংকাইটিছৰ লগতে এমফিছেমাৰ দৰে ক্ৰণিক অৱষ্ট্ৰাকটিভ পালমোনেৰী ডিজিজ(চিঅ.পিডি) হ’ব পাৰে। অন্যান্য প্ৰভাৱ - অত্যধিক পৰিমাণৰ ধূলিয়ে দৃষ্টিশক্তি দুৰ্বল কৰিব পাৰে আৰু অধিক মাত্ৰাৰ ধূলিৰ মাজত থকা লোকৰ দৃষ্টিশক্তি একেবাৰে বিলুপ্ত হ’ব পাৰে। কয়লাখনিৰ ধূলিৰ এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে মাটিৰ তলত ঘটোৱা বিসফোৰণ। মাটিৰ তলৰ বিসফোৰণ আৰু এইবোৰৰ ভয়ংকৰ পৰিমাণ ৰোধ কৰাটো সকলো খনন সংস্থাৰ বাবে অগ্ৰাধিকাৰৰ বিষয় হ’ব লাগে। লেখক: আদিত্য ৰঞ্জন কাশ্যক(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)