ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ চমুকৈ ডিপিআইআইটিৰ উদ্যোগত আয়োজিত প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন (NMP) সম্পৰ্কীয় দুদিনীয়া আঞ্চলিক কৰ্মশালা আজিৰে পৰা গুৱাহাটীত আৰম্ভ হয়। এই কৰ্মশালাৰ উদ্দেশ্য হৈছে সামগ্ৰিক পৰিকল্পনাৰ বাবে প্ৰধানমন্ত্ৰী গতিশক্তিক ব্যাপকভাৱে গ্ৰহণ কৰা, অধিক শক্তিশালী কৰি তোলা আৰু পিএম গতিশক্তিক এনএমপিৰ সকলো অংশগ্ৰহণকাৰীৰ সৈতে সহযোগিতা গঢ়ি তোলা। আজি প্ৰথমদিনা কৰ্মশালাত ডিপিআইআইটিৰ সচিব শ্ৰী অনুৰাগ জৈন, ড'নাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী লোকৰঞ্জন, আৰু ডিপিআইআইটিৰ বিশেষ সচিব সুমিতা দাউৰাই ভাষণ প্ৰদান কৰে। উল্লেখ্য যে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয়ৰ আন্তঃগাঁথনি, অৰ্থনৈতিক আৰু সামাজিক খণ্ডৰ সৈতে জড়িত জ্যেষ্ঠ চৰকাৰী বিষয়া, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ, নিটি আয়োগ, আৰু বহুপক্ষীয় সংস্থাৰ প্ৰতিনিধিকে ধৰি ১৪০ তকৈও অধিক অংশগ্ৰহণকাৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰি নিজৰ অভিজ্ঞতা, শ্ৰেষ্ঠতম পদ্ধতি, আৰু দৃষ্টিভংগী শ্বেয়াৰ কৰে। আজি অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, আৰু ত্ৰিপুৰাৰ ভালেমান জ্যেষ্ঠ বিষয়াইও কৰ্মশালাত অংশগ্ৰহণ কৰি পিএম গতিশক্তি সম্পৰ্কে তেওঁলোকৰ অভিজ্ঞতা আৰু কামৰ স্থিতি দাঙি ধৰে। ডিপিআইআইটিৰ বিশেষ সচিব শ্ৰীমতী সুমিতা ডাৱৰাই উল্লেখ কৰে যে কৰ্মশালাৰ উদ্বোধনী দিনটোত কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাজ্যিক বিভাগসমূহৰ ব্যৱহাৰিক ক্ষেত্ৰসমূহৰ সৈতে বহুমুখী সংযোগৰ বাবে আন্তঃগাঁথনি পৰিকল্পনাৰ ওপৰত আলোচনা কৰা হৈছে। কৰ্মশালাৰ সময়ত সামগ্ৰিক দৃষ্টিভংগীৰে পিএম গতিশক্তি গ্ৰহণৰ ওপৰত এক বিশেষ প্ৰেজেণ্টেশ্যন দিয়াৰ লগতে ৰাজ্যসমূহে গ্ৰহণ কৰা শ্ৰেষ্ঠতম পদ্ধতিবোৰো কৰ্মশালাত প্ৰদৰ্শন কৰা হয়। ৰাজ্যিক মাষ্টাৰ প্লেনিঙৰ প্ৰয়োজনীয়তাসমূহৰ ওপৰত আলোচনা, তথ্যৰ মান ব্যৱস্থাপনা, উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক কেন্দ্ৰসমূহ গঢ়ি তোলাৰ ক্ষেত্ৰত ক্লাষ্টাৰ ভিত্তিক এলেকাৰ পদ্ধতি, পৰ্যাপ্ত বহুমুখী সংযোগৰ জৰিয়তে উত্তৰ-পূব কৰিড’ৰ শক্তিশালী কৰা, আগন্তুক আন্তঃগাঁথনি প্ৰকল্পৰ বাবে সামগ্ৰিক পৰিকল্পনা পদ্ধতি, ব্যৱহাৰ ইউনিফাইড লজিষ্টিক ইন্টাৰফেচ প্লেটফৰ্ম (ULIP)ৰ জৰিয়তে লজিষ্টিক দক্ষতাৰ বাবে প্ৰযুক্তি, কাৰ্যসূচীৰ প্ৰথম দিনটোৰ মূল আলোকপাত আছিল। পি এম গতিশক্তি হৈছে এক পৰিৱৰ্তনশীল পদ্ধতি, যিটো ২০২১ চনৰ ১৩ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰীয়ে দেশত পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিৰ পৰিকল্পনা আৰু নিৰ্মাণৰ বাবে আৰম্ভ কৰিছিল। ইয়াৰ ফলত ইজ অৱ লিভিঙৰ লগতে ইজ অৱ ডুইং বিজনেছ দুয়োটাৰে উত্তৰণৰ বাবে মাল্টিম’ডেল লজিষ্টিক সংযোগক প্ৰসাৰিত কৰা হৈছিল। পিএম গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লেন আৰম্ভ হোৱাৰ পিছৰে পৰা সংশ্লিষ্ট মন্ত্ৰালয়, আৰু সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক মিছন মোডত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিষ্ঠানিক পৰিকাঠামোও স্থাপন কৰা হৈছে, জিআইএছ ভিত্তিক ব্যক্তিগত পৰ্টেল, ইচ্ছানুযায়ী সিদ্ধান্ত গ্ৰহণৰ বিভিন্ন সঁজুলিও বিকশিত কৰা হৈছে, আৰু প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণত পিএম গতিশক্তি নীতি গ্ৰহণ কৰিবলৈ আভ্যন্তৰীণ ক্ষমতাসমূহো বিকশিত কৰা হৈছে। তথ্যভিত্তিক ৰাষ্ট্ৰীয় মাষ্টাৰপ্লেনখন কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰালয়সমূহে প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰি থকা হৈছে। উল্লেখ্য যে দেশৰ ৩০ খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি এতিয়ালৈকে অনুষ্ঠিত চাৰিখন আঞ্চলিক কৰ্মশালাৰ পৰা পোৱা প্ৰতিক্ৰিয়াই সকলো পক্ষকে আশ্বস্ত কৰিছে, কিয়নো অংশগ্ৰহণকাৰী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা পি এম গতিশক্তি এন এম পি আৰু ইয়াৰ নীতিসমূহৰ উল্লেখযোগ্য ব্যৱহাৰ পৰ্যবেক্ষণ কৰা হৈছে। এইপৰ্যন্ত অনুষ্ঠিত হোৱা কৰ্মশালাসমূহ: গোৱা (২০ ফেব্ৰুৱাৰী ২০২৩), কোচি (৯-১০ মাৰ্চ), শ্ৰীনগৰ (১৭-১৮ মাৰ্চ), আৰু বৰ্তমান গুৱাহাটী (২৪-২৫ মাৰ্চ)। আগন্তুক পঞ্চম আঞ্চলিক কৰ্মশালাখন বাৰাণসীত (১১-১২ এপ্ৰিল) অনুষ্ঠিত হ’ব। এলেকাভিত্তিক পদক্ষেপ বা এৰিয়া এপ্ৰ’চৰ ধাৰণাটোও আজিৰ এই কৰ্মশালাত আলোচনা কৰা হয়। বিভিন্ন অৰ্থনৈতিক অঞ্চল/ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আদিৰ মাজেৰে জটিল আন্তঃগাঁথনিৰ ব্যৱধান দূৰ কৰাৰ লগতে সমগ্ৰ দেশতে ব্যাপক, সামগ্ৰিক, আৰু সংহত আন্তঃগাঁথনি উন্নয়নক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে পিএম গতিশক্তিৰ যোগেদি সমগ্ৰ দেশতে ১০০টা স্থান/অৰ্থনৈতিক ন’ড গঢ়ি তুলিবলৈ এৰিয়া এপ্ৰ’চ গ্ৰহণ কৰা হৈছে। বিভিন্ন অৰ্থনৈতিক ন’ডৰ চাৰিওফালে ১৫০-২০০ বৰ্গ কিলোমিটাৰ এলেকা থকা কৌশলগত স্থান চিনাক্তকৰণ যি পৰ্যাপ্ত আন্তঃগাঁথনি আৰু বৰ্ধিত শেষ মাইলৰ সংযোগেৰে পৰিপূৰ্ণ হ’ব। বিভিন্ন অৰ্থনৈতিক ন'ডৰ চাৰিওফালে যিবোৰ পৰ্যাপ্ত আন্তঃগাঁথনি আৰু বৰ্ধিত সংযোগেৰে পৰিপূৰ্ণ হ'ব। এই পদক্ষেপৰ অধীনত চিনাক্ত কৰা অঞ্চলসমূহৰ ব্যাপক আৰু সামগ্ৰিক উন্নয়ন সম্ভৱপৰ কৰিবলৈ আন্তঃগাঁথনিৰ ঘাটি আৰু লজিষ্টিক সুবিধাসমূহৰ প্ৰয়োজনীয়তা চিনাক্ত কৰাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব। কৰ্মশালাৰ দ্বিতীয় দিনটোত ৰাষ্ট্ৰীয় লজিষ্টিক নীতি, আৰু ৰাজ্যিক লজিষ্টিক নীতিৰ ওপৰত অধিবেশন অনুষ্ঠিত হ’ব, আৰু বহনক্ষম চহৰ সৃষ্টিৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা হ’ব। Source: PIB